কঙালী বিহু
যতীন্দ্ৰনাথ শৰ্মা
আহিল আজি কঙালী বিহু
হামুটে পথাৰৰ নিয়ৰ ফালি,
চোতালৰ আগৰ শেৱালি ডালত
গায়ন জুৰিলে চৰাইহালি।
জলত পদুম থলত পদুম
বতাহৰ কানত গোমাৰ ভাৰ,
বিষৰ লগৰা শীতল বতাহ
সুৰদি সুৰদি লাগিছে জাৰ।
আইকণ সেই বোটলৈ শেৱালি
হাতত লৈ পাতৰ যুৰি,
মইনাই চোৰা পুৰা কতাহত
ৰঙতে জঁপিয়াই ফুৰিছে ঘুৰি।
খেতিৰ বলদ দুবলা পৰিল
বাতিয়াই দলনিত কাটিছে ঘাঁহ;
আকাশ বস্তি জলাৰ গধূলি
পাহৰেতোৰ কাটিছে বাঁহ!