বিহুৱান

নকুলচন্দ্ৰ ভূঞা

ৰাঙলী হে চাঙলী হে
বহাগৰ বিহুৰে ধেমালি হে।।

মইনাৰ বায়েকৈ পাণকটা ফুলেৰে
ৰঙা শেৱলৰ গামোচাখনি।
মেৰিয়াই দিলোহি মইনাৰ ডিঙিতে
ব’হাগৰ বিহুটি বুলি।।

ত’তে দেখিলে এখেতে চিনিলে
সেইযুগি মইনাৰ ভৰি।

Categorized in: