বিহু নিমন্ত্ৰণী
নিৰ্মলপ্ৰভা বৰদলৈ
টেঙালি গাঁৱৰ ৰাঙলী ভনীয়ে
ৰঙালী বিহুলৈ’ বুলি
নাহৰ পাতৰ তুলাপাতখনিত
চিঠি লিখিছিলে কালি।
বাইদেউ তুমি দুৱতে থাকানে
ঘৰলৈ’ জানো নাহ’?
টাউনৰ বিহুত কিটানো দেখিবা
আঁহচোন ইয়াতলৈ আঁহা।
আইতাই সাঁচিছে বিহুৰে গামোচা
দুৱাৰে ফুলেৰে পাৰি
দেৱতাই আনিছে থমা দেৱ টেকেলি
আখলতে শাঁকী শাঁকী।
মায়ে কবিছে কত কিতিমৰ
সন্ধ্যা আঁতেখ লাড়ুৱাৰ
কেকু বিষ্ণুটে সোপাই কোৱাচোন
পাব জানো তাৰ জোৱাৰ?
কাইটিৰ লগত ভাইটি গৈ
দাইটিৰ ঘৰ পৰা
জেতুকা পাতে বহত আনিছে
হাত ৰঙুৱা কৰা।
খুবিয়ে কৈছে জেতুকাই হেনো
ছলৰ বেমাৰো মাৰে
বজৰকৰা ৰঙে নথ গুৱালেনো
চকুৰ পৰালি পৰে।
গাঁৱত বিহু উদুলি মুদুলি
ফুলেৰে আমোল মোল,
ধিনিক ধিনাও খিতি খিতি তাও
টিহিটি তলল বোল।
মনৰ মাজতে ৰঙুৱে কিৰিলি
এলাহে কেনিবা ভাগে,
বিহুৰ কথা ভাবি ইমান ভাল লাগে
নাচি দিম নাচি দিম লাগে।
ভাইটিয়ে তোমালৈ লিখিব খুজিছিল
পেথিকল কেনিবা গ’ল,
চুটি-মুটিৰে মৰে লিখি দিওঁ
কথাটো হ’লেই হ’ল।
বাইদেউ আঁহা দহ-পাঁচি খোল
বিহু দিনা খেলিম,
মোৰা কণীও আনিয়ে থৈছে
কণীৰ খুজতো জিকিম।