বিহু চোলাৰ কাণ্ড
গগনচন্দ্ৰ অধিকাৰী
বিহু দিনাই
বোৱাৰী পুৰাই
ভালভাৱ খালি টিনটো
মাজেৰে ফুটাই
বটি ওলমাই
চোল এটা কৰি দিনটো
ঘুটুম-ঘুটুম
টুম-টুম-টুম
চেং কুই কুই টুম;—
ভাইটিৰ আমাৰ
কিয়ে কাৰবাৰ
চোল বজোৱাৰ ধুম।
চেং কুই-কুই
চেং কুই-কুই
ঘুটুম-ঘুটুম-টুম;—
(এই বাজনাত
দুপবীয়া মই
কেনেকৈ আজি গুম!)
চেং কুই-কুই
চেং কুই-কুই
ঘুটুম-ঘুটুম-টুম;—
ঘিটো বাজনাই
কুশকৰ্ণা
ভাঙি দিব পাৰে ঘুম,—
সেই বাজনাৰ
তাল মান নায়
ভাইটিত বাদে আনে,
লিখি দিব পাৰো
নাই বুলি আৰু
সিয়ে ভালকৈ জানে
চোলাৰ বজাই,
মথাই ওজাই
নেবাৰে বজাৰ ঘিটো
ভাইটিৰ চোলাত
সেই ছেও বাজে
—টুম পটাপং পিটো।
টুম-টুম-টুম
ঘুটুম—ঘুটুম
চেং কুই কুই টেং;—
চোলাৰ মাজত
লুকাই আছিল
চুকৰ খংখা বেঁ।
ভাইটিৰ নাই
সিৱৰত গম
নাচে কুব-কুব পাক;
খংখা বাপুক
চোলটোৰে চোন
দেখুৱাই বাপ বাপ।
কোনোবা পাকত
পৰিল ফাঁকত
দিনে বাহিৰলৈ জাঁপ;
ভাইটি চিঞৰি
উঠিল সিয়াৰি
উৰা! উৰে বাপ বাপ!
চোলটোৰে চোন
জগালে পোৱালি,
এ’য়াতো অবাক কাণ্ড!
নহ’বনো কিয়
চোলটোৰেয়ে তাৰ
ভালভাৱ খালী ভাঙ।