ভোগালী বিহু
শৈলধৰ বাজখোৱা
সাৰ পালে বাইদেউ! জগাবাটো মোক
কাইলৈ নিচেই পুৰাই,
আহিছে ভোগালী বিহু পুহৰ শেহত
এই দিন নেপাম দুনাই।
মই হ’লে পুৰাতেই শীতল পানীৰে
গা ধুম নহওঁ কাতৰ,
থাকা যদি বাহী গাৰে নোৱাৰিবা চুৰ
নেচাপিবা মেজিৰ ওচৰ।
বাইদেউ! আজিয়েই মাহপ্ৰসাদৰ
খোল এটি খ’বলৈ সজাই,
থাপনা পাতিম আমি মোজিৰ কাষত
জুই দিম হৰিনাম গাই।
বিহু দিনত সৰে যাচ্ছি আদৰ
বিহু মই বৰ ভাল পাওঁ,
মাহিয়ে, পেহিয়ে মাতে বিহু খাবলৈই
সেইদিনা ততকৈ নেপাওঁ।
বাইদেউ, কাইলৈ কেটোৱা মাতেৰে
তুমি মোক নোৱৰা মাতিব,
শুনে যদি আইতাই বাছিবা মনত
বেজাৰত তলমুৰা হ’ব।
আইতা, দেৱতা আৰু তোমাকো এবাৰ
তাৰ পিছে প্ৰণাম জনাই,
ওমলি ফুৰিম আমি মুকলি মনেৰে
কাইলৈ পটাশালি নাই।
তুমি বোজা গামোচাৰ ফুলবছা ধনি
কোৱাচোন কোনে কাক দিব?
খোজো যদি বিহুদিনা পাৰিবানে মোক
একেবাৰে নিদিওঁ বুলিব?
মিছা কোৱা, দন্দ কৰা, ঠেহপেঁচ পতা
আজিয়েই শেষ কৰি লৈ
পাম আমি বাইদেউ নতুন জীৱন
বিহু দিনা চিৰকাললৈ।