বৰ্তমান পৃথিৱীৰ সকলো দেশৰে নিজা নিজা জাতীয় পতাকা আছে। জাতীয় পতাকাক দেশ-মাতৃৰ প্ৰতীক বুলি ধৰা হয়। ইয়াৰ মাজেৰে জাতিৰ আশা-আকাঙ্ক্ষাৰ ছবি ফুটাই তোলা হয়। পতাকাৰ মান ৰক্ষা কৰা মানেই জাতিৰ মান-গৌৰৱ ৰক্ষা কৰা আৰু পতাকাক অপমান কৰা মানে জাতিটোক অপমান কৰা বুজায়। সেয়ে পতাকাৰ মান ৰক্ষাৰ নিমিত্তে মানুহে প্রাণ পর্যন্ত বিসর্জন দিবলৈ কুণ্ঠাবোধ নকৰে।

ধ্বজ বা পতাকাৰ ব্যৱহাৰ আমাৰ দেশত পুৰণি কালতো আছিল যদিও সেইবোৰ ঠিক জাতীয় পতাকা নাছিল—ৰজা-মহাৰজাসকলৰ সেইবোৰ আছিল ব্যক্তিগত পতাকা। পৰাধীন ভাৰতৰ ৰাষ্ট্ৰীয় সকলো কার্যতে ব্ৰিটিছ পতাকা ‘ইউনিয়ন জেক’হে উত্তোলন কৰা হৈছিল। স্বাধীনতা আন্দোলনৰ লগে লগে ভাৰতীয়সকলে নিজা জাতীয় পতাকা এখনৰ কথা বৰকৈ অনুভৱ কৰে। ইং ১৯০৬ চনটো ভাৰতৰ জাতীয় পতাকাৰ জন্ম বছৰ বুলিব পাৰি—সেই বছৰৰে ৭ আগষ্ট তাৰিখে কলিকতাৰ পাৰ্চি বাগানত প্ৰথমে ৰঙা, হালধীয়া আৰু সেউজীয়া তিনি বৰণীয়া এখন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছত আৰু কেইখনমান পতাকাৰ আঁচনি কৰা হৈছিল, কিন্তু কোনোখনেই স্থায়ী নহ’ল।

মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনৰ নেতৃত্ব লোৱা সময়ত নিজেই এখন পতাকাৰ ৰূপ দিয়ে—ওপৰ ভাগ বগা, মাজ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা-ৰঙৰ, সেউজীয়া অংশৰ মাজত যঁতৰৰ ছবিসহ। ১৯৩১ চনলৈকে এই পতাকাখনকে কংগ্ৰেছৰ সকলো উৎসৱ-অনুষ্ঠানত ব্যৱহাৰ কৰা হৈছিল।

১৯৩১ চনত কংগ্ৰেছ মহাসভাৰ কাৰ্যকৰী কমিটিৰ সভ্যসকলে সমূহীয়াভাৱে এখন জাতীয় পতাকাৰ পৰিকল্পনা কৰে। ইয়াতো তিনিটা ৰঙকে ৰখা হয়—প্ৰথমটো ডাঠ হালধীয়া (গেৰুৱা), দ্বিতীয়টো বগা আৰু তৃতীয়টো সেউজীয়া। বগা অংশৰ মাজত স্বাৱলম্বনৰ চিন স্বৰূপে যঁতৰৰ ছবি ৰখা হয়। পতাকাৰ জোখৰ পৰিমাণ হয় ৩:২ অনুপাত। গেৰুৱা ৰংটো—সাহস আৰু ত্যাগৰ, বগা—সত্য আৰু শান্তিৰ আৰু সেউজীয়া বৰণটো—বিশ্বাস আৰু শক্তিৰ প্ৰতীক। কংগ্ৰেছ মহাসভাই এই পতাকাখনকে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

১৯৪৭ চনত ভাৰত স্বাধীন হয় আৰু স্বাধীন ভাৰতৰ প্ৰথম গণপৰিষদে এই ঐতিহ্যমণ্ডিত পতাকাখনকে নাম মাত্ৰ সলনি কৰি সংবিধানসন্মতভাৱে গ্ৰহণ কৰে। সাল-সলনিখিনি হ’ল যঁতৰৰ ঠাইত অশোকৰ ‘ধৰ্ম-চক্ৰ’ৰ সন্নিৱেশ। ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ ব্যাখ্যা দি কৈছিল—গেৰুৱা ৰং ত্যাগৰ আদৰ্শ, বগা বোল পোহৰসূচক—এই পোহৰে ভাৰতক সত্যৰ পথ প্ৰদৰ্শন কৰি আগবঢ়াই নিব, সেউজীয়া বোল সেউজী পাতৰ শস্যৰ নিৰ্দেশক পাৰ্থিৱ জীৱনৰ আধাৰ স্বৰূপ। ধৰ্ম-চক্ৰক তেখেতে ধর্ম হিচাপেই লৈছে—সদসৎ বিৱেচনা কৰি শুদ্ধ পথেৰে যাবলৈ ধৰ্মই সহায়তা কৰিব।

জাতীয় পতাকাত এনেকৈয়ে আমাৰ ঐতিহ্য, আমাৰ জাতীয় চৰিত্ৰ, আমাৰ আদৰ্শ আৰু আকাঙ্ক্ষা মূৰ্ত হৈ উঠিছে। জাতীয় পতাকাৰ ব্যৱহাৰ সম্বন্ধে ধৰাবন্ধা নিয়ম আছে। স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, মহাত্মাজীৰ জন্ম দিৱস আদিৰ নিচিনা নিৰ্দিষ্ট কেইটামান দিনৰ বাহিৰে অন্য সময়ত সৰ্বসাধাৰণে ইয়াক উত্তোলন কৰা নিষিদ্ধ। উত্তোলিত জাতীয় পতাকা কঢ়িয়াই নিবলৈ হ’লে সোঁকান্ধত নিব লাগিব আৰু ৰাষ্ট্ৰীয় শোকৰ সময়ত জাতীয় পতাকা অর্ধনমিত কৰি ৰখাৰ নিয়ম। জাতীয় পতাকাৰ প্ৰকৃত সন্মান ৰক্ষা হ’ব তেতিয়া, যেতিয়া পতাকাৰ মাজেৰে প্ৰতিফলিত হৈ উঠা জাতীয় আশা-আকাঙ্ক্ষাৰ ৰূপদান কৰিবৰ কাৰণে সকলোৱে অন্তৰৰপৰা যত্নপৰ হ’ব।

Categorized in: