“পল পল দণ্ড কৰি সময় গৈছে উৰি, পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম, বহু দূৰ আছে গতি সময় তাকৰ অতি, কৰিবলগীয়া আমি আছে বহু কাম।” কবিৰ এই কথা অতি সত্য। পাখি লগা কাঁড়ৰ নিচিনা তীব্ৰ গতিত সময় সদায় গৈ আছে আৰু গৈ থাকিব। আমি হেলা-ওটা কৰিলে সময় আমালৈ বাট নাচায় আৰু আমাৰ কামবোৰো আধৰুৱা হৈ ৰ’ব, জীৱন অসাৰ্থক হ’ব ; কিয়নো জীৱনত লেখত ল’বলগীয়া কিবা কৰি থৈ যাব নোৱাৰিলে জীৱনৰ সাৰ্থকতা নাথাকে।
সময়ৰ কাম যাতে সময় মতে কৰি জীৱন সার্থক কৰিব পাৰি, তাৰ কাৰণে ঋষিমুনিসকলে জীৱনৰ কোন ছোৱা কালত কি কাম কৰা উচিত, তাৰ এটা সাধাৰণ ব্যৱস্থা দি গৈছে। সেইমতে বাল্য বা ছাত্র কালত বিদ্যা আৰ্জিব লাগে, ডেকা কালত আর্জিব লাগে ধন আৰু বুঢ়া কালত ধৰ্ম কৰিব লাগে। ছাত্ৰ অৱস্থাতে মন মুকলি হৈ থাকে, এই সময়ত যি শিকা হয় সেয়ে মনত থাকি যায় ; সেয়েহে সেই সময়ত বিদ্যা আৰ্জিব লাগে। ডেকা কালত দেহৰ শক্তি-সামর্থ্য বাঢ়ে ; সেয়েহে সেই সময়ত পৰিশ্ৰম কৰি ধন আৰ্জিব লাগে। বুঢ়া কালত শৰীৰ-মন দুৰ্বল হয় ; কিন্তু জ্ঞান-বুদ্ধি পৰিপক্ক হয় ; গতিকে পৰিপক্ক আৰু স্থিৰ মনেৰে এই সময়ত ধৰ্ম-চৰ্চা কৰিব লাগে।
মানুহৰ দৈনন্দিন জীৱনতো কৰিবলগীয়া বহু কাম থাকে ; সেইবোৰো সময় মতে ভাগে ভাগে কৰি গ’লেহে দিনটোৰ ভিতৰতে শেষ হয়। দিনটোৰ কাম দিনটোতে শেষ নহ’লে সি আগলৈ ৰৈ যায়, পিছদিনা আগদিনাৰ আধৰুৱা কাম কৰোঁতেই বহু সময় যায় ; গতিকে সিদিনা ৰৈ যোৱা কামৰ পৰিমাণ আৰু বেছি হয়। দিনৰ পাঠ দিনৌ আয়ত্ত নকৰাৰ ফলত আমাৰ ছাত্ৰসকলে পৰীক্ষাৰ সময়ত চকুৰে সৰিয়হৰ ফুল দেখিব লগা অৱস্থা হয়গৈ।
সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। বৈ যোৱা সোঁতক যেনেকৈ ঘূৰাই পাব নোৱাৰি, অতীত হৈ যোৱা সময়কো তেনেকৈ ঘূৰাই পাব নোৱাৰি। ইয়াক ধন দি কিনি ৰাখিব নোৱাৰি, অথচ ইয়াৰ সদ্ব্যৱহাৰ কৰি অসাধ্য সাধন কৰিব পাৰি ; সেই বাবেহে সময়ক অমূল্য ধন বোলা হয়। ককা নীলমণি ফুকন ডাঙৰীয়াই ঠিকেই কৈছিল যে ‘মহাপুৰুষসকলৰ জীৱনত বিশ্রাম নাই। বিশ্রাম তেওঁলোকৰ ক্ষেত্ৰত বিশেষ ধৰণৰ শ্ৰমহে’।
ওজা সাহিত্যিক হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ জীৱনলৈ লক্ষ্য কৰিলেই সময়ৰ সদ্ব্যৱহাৰৰ মূল্য বুজিব পাৰিম। সৰুতে পিতৃ বিয়োগ ঘটিলত দদায়েকৰ আশ্ৰয়ত থাকি নিজেই তেখেতে নিজৰ জীৱন গঢ়ি তুলিছিল। কুৰি বছৰ বয়সত তেখেতে নিজ চেষ্টাৰদ্বাৰাই ইংৰাজী ভাষা শিকিছিল। দিনত কাচাৰীত কাম কৰি, আগবেলা আৰু ভাটীবেলা যিখিনি সময় পাইছিল, সেই সময়খিনিতে ইংৰাজী ভাষা শিকিবলৈ লৈছিল। উৎসাহ, কৰ্মতৎপৰতা আৰু সময়নিষ্ঠাই আছিল তেখেতৰ জীৱনৰ উন্নতিৰ মূলমন্ত্র।
বংগদেশৰ বিখ্যাত পণ্ডিত হৰিনাথ দে মাত্র ২৯ বছৰ কাল জীয়াই আছিল, আমাৰ অসমৰ স্মৰণীয় পুৰুষ আনন্দৰাম ঢেঁকীয়াল ফুকনো ২৯ বছৰ কালহে জীয়াই আছিল। অথচ এই অলপীয়া জীৱন কালতেই এওঁলোকে যি কৰি থৈ গ’ল তাৰ তুলনা নাই। আনহাতে আকৌ সময়ৰ সঠিক ব্যৱহাৰ নজনা বা নকৰাৰ দোষত আমাৰ সৰ্বসাধাৰণ মানুহৰ জীৱন বিফলে যায়। ‘হেলাই কৰ্মনাশা’—হেলা বা এলাহ কৰিলে কোনো কাম নিসিজে।
সময়ৰ সদ্ব্যৱহাৰৰ ওপৰতে মানুহৰ সুখ-দুখ এক প্ৰকাৰে নিৰ্ভৰ কৰে ; কিয়নো, আজিৰ সময়খিনিৰ সদ্ব্যৱহাৰৰ ফলেই কাইলৈৰ ভাগ্য। কাজেই আমি সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ জানিব লাগে। বিশেষকৈ ছাত্ৰসকলে কেতিয়াও অবাৱত সময় নষ্ট কৰা উচিত নহয়। এলাহক কেতিয়াও লাই দিব নালাগে। সময়ৰ মূল্য নুবুজা মানুহৰ জীৱন বৃথা। উচিত সময়ত উচিত কাম কৰাটোৱে হৈছে কৃতকাৰ্যতাৰ গোপন মন্ত্ৰ।