স্কুল-কলেজ আদি শিক্ষানুষ্ঠানত পঢ়ি থকা জীৱনৰ আগডোখৰ কালকে ছাত্ৰজীৱন বোলা হয়। স্কুল-কলেজত পঢ়ি-শুনি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ আৰু দেশৰ মুখ উজলাব—ছাত্ৰৰপৰা সকলোৱে ইয়াকে আশা কৰে। শিকি-বুজি এজন লায়কৰ মানুহ হোৱাটোৱে ছাত্ৰৰ মূল লক্ষ্য আৰু সেই লক্ষ্য সাধনৰ কাৰণে কৰিবলগীয়া কামসমূহেই ছাত্ৰৰ কৰ্তব্য।
‘ছাত্ৰাণাং অধ্যয়নং তপঃ’ বুলি কওঁতে বিদ্যালয়ৰ পাঠ্যখিনি মুখস্থ কৰি অকল পৰীক্ষা পাচ কৰাটোকে বুজিব নালাগে। পিছে আজি-কালি আমাৰ ছাত্ৰসকলৰ বেছি ভাগেই এই প্রাথমিক কৰ্তব্যফেৰাকে নিয়াৰিকৈ কৰা দেখা নাযায়। পৰীক্ষাত উত্তীৰ্ণ হোৱাটোকে ছাত্ৰ-জীৱনৰ একমাত্র উদ্দেশ্য বুলি ধৰি লৈ কোনোৱে আকৌ তাৰ কাৰণে প্রায় অসাধু উপায় অৱলম্বন কৰে। এনে কৰাৰ পৰা নিজৰ জীৱনক ফাঁকি দিয়াহে হয়।
‘আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক’—এইবোৰ কথা প্ৰায়ে কোৱা হয় আৰু এইবোৰ নিৰৰ্থকো নহয়। ছাত্ৰসকলৰ মাজৰপৰাই ওলাব লাগিব বিচক্ষণ ৰাজনীতিজ্ঞ, সুদক্ষ প্রশাসক, ন্যায়-নিষ্ঠ বিচাৰক, আদর্শ শিক্ষক আৰু নিষ্ঠাৱান ত্যাগী সমাজকর্মী। কিন্তু শ্ৰেণীত অবাধ্য উচ্ছৃঙ্খল আৰু পৰীক্ষাত নকল কৰা ছাত্ৰই জানো সুনাগৰিক হ’ব পাৰিব? সেয়ে ছাত্ৰৰ সৰ্বপ্ৰথম কৰ্তব্য হৈছে চৰিত্ৰ গঠন। সংযম, সততা, ন্যায়-নিষ্ঠা, ধৈর্য-ধৃতি, ক্ষমা, উদাৰতা, বিনয় আদি গুণসমূহ চৰিত্ৰৰ ঘাই উপাদান। এইবোৰ গুণ ছাত্ৰ অৱস্থাতে আয়ত্ত কৰিব নোৱাৰিলে পাছত হাজাৰ চেষ্টা কৰিলেও আয়ত্ত কৰিব পৰা নাযায়।
কৈশোৰ আৰু যৌৱন কালত চপলতা, প্রলোভতা আৰু দত্ত-অহংকাৰ আদি কিছু পৰিমাণে মনত নোপোজা নহয়। অভ্যাস আৰু যত্ন কৰি ছাত্ৰসকলে এই বদ্ গুণবোৰ আঁতৰাব লাগে। এই কালছোৱাতে মানুহৰ মন উদাৰ হৈ থাকে আৰু কৰ্মৰ প্ৰতি প্ৰেৰণা জন্মে। এই কৰ্মপ্ৰেৰণাক সমাজ-সেৱাৰ কামত লগালে ছাত্ৰৰ নিজৰো উপকাৰ হ’ব আৰু দহৰো উপকাৰ সাধিব।
সংসাৰত সকলো মানুহে কাম কৰিব নোৱাৰে আৰু কৰাৰ প্ৰয়োজনো নাই। গতিকে ছাত্র অৱস্থাতে জীৱনৰ লক্ষ্য থিৰ কৰি লৈ ভৱিষ্যতৰ কৰ্ম-পন্থা বাছি ল’ব লাগে আৰু সেইমতে নিজক প্ৰস্তুত কৰিবলৈ যত্ন কৰিব লাগে। আমাৰ ছাত্ৰসকলে চাকৰিমুখী হোৱাতকৈ স্বাধীনভাৱে জীৱিকা অৰ্জনৰ পথ বাছি লৈ সেইমতেহে আৱশ্যকীয় শিক্ষা লোৱাৰ দিহা কৰিব লাগে। নিজৰ জীৱিকা অর্জনেই ছাত্ৰৰ পৰৱৰ্তী জীৱনৰ একমাত্ৰ কৰ্তব্য হ’ব নালাগিব, কিয়নো তেতিয়াহ’লে মানুহ নিতান্ত স্বাৰ্থপৰ জীৱত পৰিণত হ’ব।
যি কাম কৰিবলৈ নিবিচাৰক বা যি লক্ষ্যকে বাছি নলওক, তাত সিদ্ধিলাভ কৰাৰ অৰ্হতা ছাত্ৰ-জীৱনতে আৰ্জি ল’ব লাগিব আৰু জ্ঞানৰ দ্বাৰাহে সেই অৰ্হতা লাভ হ’ব, যিহেতু জ্ঞানেই প্রকৃত শক্তি—‘Knowledge is power’। তপস্বীৰ একাগ্ৰতাৰে এই জ্ঞানৰ সাধনাত প্রবৃত্ত হ’লেহে ছাত্ৰই ভৱিষ্যৎ জীৱনৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰি জীৱনত সফলতা লাভ কৰিব পাৰিব।