জগতৰ সৃষ্টিৰ প্ৰক্ৰিয়া বা ঘটনা প্ৰৱাহলৈ লক্ষ্য কৰিলে বুজা যায় যে এই গোটেই জগৎখন কিছুমান নির্দিষ্ট নিয়মৰদ্বাৰা পৰিচালিত। নিয়ম-শৃঙ্খলাৰ মাজেৰে যি গতি, দৰাচলতে সেয়ে প্রগতি, সেয়ে সভ্যতা ; গতিকে নিয়ম-শৃঙ্খলা মানুহে মানিবই লাগিব। নিৰ্দিষ্ট নিয়ম-শৃঙ্খলাৰ প্ৰতি আনুগত্যই হ’ল নিয়মানুৱৰ্তিতা।

মানৱ জীৱনৰ সকলো ক্ষেত্ৰত নিয়মানুৱৰ্তিতাৰ বিশেষ উপযোগিতা আছে। উচ্ছৃঙ্খল লোকে জীৱনত কোনো দিনে উন্নতি কৰিব নোৱাৰে, বৰং উচ্ছৃঙ্খলতাই জীৱন ধ্বংসহে কৰে। যিখন ঘৰত নিয়ম-শৃঙ্খলা নাই, সেইখন ঘৰ গুচি বাঁহ-তল হয়। নিয়ম-শৃঙ্খলা নোহোৱা সমাজ—সমাজেই নহয়। নিয়ম-শৃঙ্খলাহীন হ’লে দেশ অৰাজক হয় আৰু নাগৰিকৰ জীৱন বিপদাপন্ন হয়। নিয়ম শৃঙ্খলা ভঙ্গ কৰিলে স্কুল-কলেজতো পঢ়াৰ পৰিৱেশ নষ্ট হয় আৰু ফলত ছাত্ৰছাত্ৰীৰ অনিষ্ট হয়।

সৈন্য বাহিনী, আৰক্ষী-বাহিনী আদিলৈ লক্ষ্য কৰিলেই আমি নিয়ম-শৃঙ্খলাৰ আৱশ্যকতা কিমান তাক সহজে বুজিব পাৰোহঁক। এই দুয়োটা বিভাগতে ওপৰৱালাৰ আদেশ তলতীয়া কৰ্মচাৰীয়ে বিনা বাক্যে পালন কৰিব লাগে। এনে নহ’লে দেশ ৰক্ষা বা দেশৰ শান্তিৰক্ষা হ’ব নোৱাৰে। সমাজৰ সকলো মানুহৰ বুদ্ধি-বৃত্তি সমান নহয়। সকলোৱে সমাজক নেতৃত্বও দিব নোৱাৰে। উপযুক্ত নেতাৰ পৰিচালনাত সমাজ আৰু দেশ আগবাঢ়ি যায়। এনেকুৱা নেতাৰ নেতৃত্ব সমাজৰ সকলোৱে মানি চলা উচিত।

গতিকে জীৱনক নিয়মিত কৰি সমাজ আৰু দেশৰ শৃঙ্খলা অটুট্‌ ৰাখি নিজৰ সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে সকলোৱে যত্নপৰ হোৱা উচিত। তাকে কৰিবলৈ হ’লে ছাত্র অৱস্থাৰ পৰাই নিয়মানুৱৰ্তী হ’বলৈ অভ্যাস কৰিব লাগিব। ছাত্ৰই ঘৰত অভিভাৱকৰ আৰু স্কুলত শিক্ষকৰ অনুশাসন মানি চলাটো নিতান্ত উচিত। সামাজিক নিয়ম-শৃঙ্খলা ৰক্ষা কৰাটোও তেওঁলোকৰ কৰ্তব্য।

এইটোও ঠিক যে সৈন্য-বিভাগ, আৰক্ষী বিভাগ, স্কুল-কলেজ আৰু সমাজৰ নিয়ম-নীতি একে পৰ্যায়ৰ নহয়। সমাজৰ প্ৰচলিত নিয়মবোৰ গতানুগতিক আৰু সময়ত গৈ ই কেতিয়াবা প্ৰগতিৰ অন্তৰায় হৈও দেখা দিয়ে। এনে ক্ষেত্ৰত এই নিয়ম-নীতিক প্ৰত্যাহ্বান জনোৱাৰ আৱশ্যক হৈ পৰে আৰু এই প্ৰত্যাহ্বান তৰুণ বা ছাত্ৰসকলৰপৰাই অহাটোৱে স্বাভাৱিক। কিন্তু তাকে কৰোঁতে ছাত্ৰসকলে বিনয় আৰু যুক্তি বিৱেচনাৰে আগবঢ়া উচিত। ‘ভঙা সহজ, গঢ়াহে টান’। নীতি-নিয়ম ভাঙিবলৈও নীতি-নিয়ম লাগে। ‘শৃঙ্খলাৰদ্বাৰাহে শৃঙ্খলা ঘূৰাই আনিব পাৰি’ এই কথাষাৰ আমাৰ ছাত্ৰসকলে পাহৰিব নালাগিব।

Categorized in: