দেশৰ শাসন-সম্বন্ধীয় নীতি-নিয়ম, মতবাদ আদিকে ৰাজনীতি বোলা হয়। গতিকে কোনো নাগৰিকে ৰাজনীতিৰপৰা আঁতৰি থাকিব নোৱাৰে। স্বাধীন আৰু গণতান্ত্রিক দেশত কোনো নাগৰিকে ৰাজনীতিৰপৰা আঁতৰি থকাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেনেহ’লে ছাত্ৰসকলেও সক্ৰিয় হৈ ৰাজনীতিত নামিব লাগিব নেকি? ই এটা বিতৰ্কৰ বিষয় হৈ পৰিছে।

ৰাজনীতিবিদ্‌, শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ মাজতেই এই বিষয়ে দ্বিমত দেখা যায়। ইয়াক সমৰ্থন নকৰাসকলৰ যুক্তি হ’ল—ছাত্ৰসকলৰ বুদ্ধি-বৃত্তি পৈণত নহয়। বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ কোনটো ভাল, কোনটো বেয়া ছাত্ৰই বুজিব নোৱাৰে। এবাৰ ৰাজনীতিৰ নিচা সোমালে তাৰপৰা ওলাই অহা টান হয়, ফলত ছাত্ৰৰ মূল কর্তব্য অধ্যয়নত অভাৱনীয় ধৰণৰ বাধা আহি পৰে। স্কুল-কলেজসমূহ সক্ৰিয় ৰাজনীতিৰ কৰ্মক্ষেত্ৰ নহয়। উপযুক্ত শিক্ষা লাভৰ অন্তত পৰিণত বয়সত ৰাজনীতি কৰাত বাধা নাই।

আন পক্ষই যুক্তি দর্শায় যে ছাত্ৰ-জীৱনটো ভৱিষ্যৎ জীৱনৰ প্ৰস্তুতিৰ সময়, গতিকে ছাত্রসকল দেশৰ ৰাজনীতিৰ প্ৰতি সচেতন হোৱাৰপৰা অনিষ্ট নহৈ ই সাধনহে হ’ব। আমাৰ দেশৰ শিক্ষিত লোকসকলৰ অধিকাংশই চৰকাৰী নাইবা অৰ্ধচৰকাৰী চাকৰি কৰে ; সৰ্বসাধাৰণ ৰাইজ খেতিয়ক আৰু বৃত্তিয়াল। এওঁলোকৰ মাজত শিক্ষা-দীক্ষাৰ অভাৱ আৰু ৰাজনৈতিকভাৱেও এওঁলোক সংগঠিত নহয়। এনে পৰিস্থিতিত ছাত্ৰসকলে ৰাজনীতিত নমাটোহে উচিত বুলি এওঁলোকে অভিমত দিয়ে।

দেখা যায়, দুয়ো পক্ষৰে কথাত যুক্তি আছে। ছাত্ৰৰ ৰাজনীতি চৰ্চাত মূলতঃ কাৰো আপত্তি নাই, যদিহে তাৰপৰা মুখ্য কর্তব্য অধ্যয়নত ব্যাঘাত নহয়। ছাত্রই দলীয় ৰাজনীতিত নমাটো কোনেও নিবিচাৰে। দেশৰ আভ্যন্তৰীণ ৰাজনীতিত দেখা দিয়া অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে জনমত গঠন কৰি ছাত্ৰসকলে তাৰ প্ৰতিবাদ কৰিব লাগিব। কোনো বহিৰাগত শত্ৰুৰ আক্ৰমণত দেশৰ স্বাধীনতা বিপদাপন্ন হ’লে ছাত্ৰসকলে নিজস্ব ক্ষতি কৰি হ’লেও তাৰ বিৰুদ্ধে সংগ্ৰামত নামিবই লাগিব। ভাৰতীয় ছাত্ৰৰ এনে ঐতিহ্য আছে।

ছাত্ৰৰ ৰাজনীতি চৰ্চা যদি ছাত্ৰ তথা দেশৰ কাৰণে ক্ষতিকাৰক, তেনেহ’লে তাৰ বাবে অকল ছাত্ৰসকলকে জগৰীয়া কৰিলে নহ’ব, বৰং তাৰ বাবে আমাৰ ৰাজনৈতিক দলসমূহহে অধিক দায়ী। প্রশাসনীয় দলকে ধৰি প্ৰত্যেকটো ৰাজনৈতিক দলৰ যুৱ ৰাজনৈতিক দল ওলমি থকা বাবে ছাত্ৰসকলৰ মাজত অনৈক্যৰ সৃষ্টি হৈছে। ছাত্ৰসকলক দলীয় ৰাজনীতিৰ কু-চক্ৰৰপৰা আঁতৰাই ৰাখিবলৈ হ’লে আমাৰ শিক্ষা-ব্যৱস্থাও নিকা আৰু ত্রুটিমুক্ত হ’ব লাগিব। সর্বোপৰি দেশৰপৰা অৰ্থনৈতিক শোষণ আৰু বৈষম্য দূৰ হ’ব লাগিব।

পিতৃ-মাতৃয়ে সন্তান-সন্ততিৰপৰা বহুতো আশা কৰাৰ নিচিনা দেশমাতৃয়েও ছাত্ৰ-ছাত্ৰীৰপৰা অনেক কিছু আশা কৰে। প্ৰাণোচ্ছল ছাত্ৰ-শক্তিৰ যাতে অপচয় নহয়, তাৰ বাবে দেশৰ প্ৰত্যেক নাগৰিকে চিন্তা কৰা উচিত।

Categorized in: