১৭৫৭ শকত আঘোণ মাহৰ ২৪ তাৰিখ মঙ্গলবাৰে কৃষ্ণা চতুৰ্থীৰ ৰাতি শিৱসাগৰ জিলাৰ ৰজাবাহৰ নামে ঠাইৰ পৈতৃ ঘৰত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা। তেওঁ সংস্কৃত ভাষাৰ আৰু বৈদ্যশাস্ত্ৰৰ পাৰদৰ্শিতাৰ নিমিত্তে প্রখ্যাত আছিল। কাতি মাহৰ আদিতে ৰজাবাহৰ আৰু তাৰ ওচৰৰ গাঁওবিলাকত বিসূচিকা ৰোগে উগ্ৰমূৰ্তি ধৰি দেখা দিয়ে। পিতৃয়ে এমাহমান দিনেৰাতিয়ে ৰোগীৰ চিকিৎসাত নিযুক্ত থাকি ভালেমান মানুহক সেই দুৰন্ত ৰোগৰপৰা মুক্ত কৰিলে। কিন্তু এদিন ৰাতিপুৱা সেই ৰোগে পিতৃদেৱক প্ৰৱলৰূপে আক্ৰমণ কৰাত আবেলি তিনিমান বজাত শেষ উশাহ লৈ তেওঁ প্ৰাণত্যাগ কৰিলে।

সেই সময়ত মোৰ দদাইদেউ লক্ষ্মীনাথ বৰুৱা শিৱসাগৰত কালেক্টৰীৰ চিৰস্তাদাৰ আছিল। পিতৃৰ মৃত্যুৰ সংবাদ পাই তেওঁ আমাৰ ঘৰলৈ গৈ পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ নিলে আৰু চৰকাৰী কাম শিকিবৰ নিমিত্তে মোক মাহে ৪ টকা বেতনত শিক্ষা-নবিচ নিযুক্ত কৰিলে। তাতে মই নিতৌ দিনত কাচাৰীত বঙালী লিখিব-পঢ়িবলৈ শিকি, পুৱা-গধূলি শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিত সংস্কৃত পঢ়িবলৈ ধৰিলোঁ। দদাইদেউ ইংৰাজী শিক্ষাৰ গোটেই বিৰোধী আছিল কাৰণে এই বিদ্যাৰ অভ্যাস কৰিবলৈ আগবাঢ়িব নোৱাৰিলোঁ ; কিন্তু মাজে মাজে সেই সময়ৰ শিৱসাগৰ জিলাৰ অধিপতি কাপ্তান ব্রোডী চাহাবৰ ঘৰলৈ গৈ দেৱনাগৰী আখৰেৰে লিখা হিন্দী শিকিছিলোঁ।

দদাইদেউৰ ইচ্ছাৰ বিৰুদ্ধে দেখা-শুনাকৈ ইংৰাজী শিকা মোৰ পক্ষে গোটেই অসম্ভৱ আছিল, তথাপি গোপনে এদিন মই ব্রোডী চাহাবৰ ঘৰলৈ গৈ এখন ইংৰাজী বৰ্ণ-বিন্যাসৰ পুথি খুজিলোঁ। তাত তেওঁ বৰ ৰঙেৰে মোক এখন পুথি দিলে আৰু প্ৰতি দেওবাৰে তেওঁক মোৰ শিক্ষাৰ মহলা দিবলৈ ক’লে। সন্ধ্যা সময়ত মাথোন অলপ আজৰি পাইছিলোঁ, তাতে মোৰ সম বয়সীয়া বন্ধুবিলাকৰ সাহায্যেৰে দুই সপ্তাহমানৰ ভিতৰতে ইংৰাজী বৰ্ণ-মালাৰ আখৰবিলাকৰে সৈতে চিনাকি হৈছিলোঁ। এই সংবাদ শিৱসাগৰীয়া বৰুৱাৰ কাণ ছুলেগৈ আৰু তেওঁ সেই কথা দদাইদেউক জনালে। এই সংবাদে তেওঁক ভীষণভাৱে ক্ষুব্ধ কৰিলে আৰু মোৰ ফলি-পুথি বান্ধি লৈ ঘৰলৈ উলটি অহা আৰু ইংৰাজী শিক্ষাক বিসর্জন দিয়াই তাৰ ফল হ’ল।

এদিন মোৰ এজন বন্ধু, ইংৰাজী স্কুলৰ ছাত্ৰ শ্ৰীযুত কুশৰাম গগৈৰ সৈতে সাক্ষাৎ হোৱাত তেওঁ মোক ইংৰাজী পঢ়িবলৈ পৰামৰ্শ দিলে আৰু তেওঁৰ উপদেশ সাৰোগত কৰি ইংৰাজী বিদ্যা অভ্যাস কৰিবলৈ স্থিৰ কৰিলোঁ। এই সময়ত মোৰ বয়স প্রায় কুৰি বছৰ হৈছিল। তেওঁ মোক প্রথম সংখ্যক ইংৰাজী পাঠোপকাৰক নামেৰে পুথি এখন দিলে আৰু মোৰ পঢ়াত সাহায্য কৰিবলৈ ল’লে। পিছত স্কুল-মাষ্টৰ শ্ৰীযুক্ত পৰমানন্দ ভঁৰালীৰ সাহায্য বিচাৰিলোঁ, তাৰ পাছত আমেৰিকান মিশ্যনাৰীবিলাকৰ ওচৰ চাপিলোঁ আৰু তেওঁলোকেও মোক শিক্ষাৰ বিষয়ত বহুত সহায় কৰিলে।

বিদ্যা শিকাত মোৰ সদায় বৰ উৎসাহ আছিল ; কিন্তু যেতিয়া চাৰি-সংখ্যক ইংৰাজী পাঠোপকাৰকত “A sleeping fox catches no poultry” অর্থাৎ “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে” এই উপদেশপূৰ্ণ পটন্তৰটি পালোঁ, তেতিয়াৰপৰা মোৰ উৎসাহ তিনিগুণমান বাঢ়িল, এখন্তেকো নিৰৰ্থকত গ’লে মনত বৰ দুখ পাবলৈ ধৰিলোঁ। ইংৰাজী ভাষাত মোৰ ভালৰূপে ব্যুৎপত্তি নোহোৱালৈকে দদাইদেৱে মই তাক শিকাৰ কথা নাজানিছিল, মই অতি গোপনে তাৰ অভ্যাস কৰিছিলোঁ। পিছে তাত মোৰ কিছু অধিকাৰ জন্মিলত, গোপন কৰিবলৈ এৰি দেখা শুনাকৈ তাৰ চৰ্চা কৰিবলৈ ধৰিলোঁ ; এতিয়া তেওঁ মোক তিৰস্কাৰ নকৰি বৰং কাচাৰীত ইংৰাজীৰপৰা ভাঙি বঙালী বা বঙালীৰপৰা ভাঙি ইংৰাজী কৰিবলৈ কোনো কোনো কাকত দিছিল।

অসমৰ জুডিস্যেল কমিশ্যনাৰ মেজৰ জেনেৰেল এগনিউ চাহাবে মোক গুৱাহাটীলৈ আনি তেওঁৰ আদালতৰ ভাষা-ভঙা কাকতি পাতিলে। ইং ১৮৬২ চনৰপৰা জুডিস্যেল কমিশ্যনাৰ চাহাবৰ অফিচত কাম কৰি ক্ৰমে সেই অফিচৰ চুপাৰিন্‌টেন্ডেণ্ট পদ পাওঁ। মোৰ বিৱেচনাত একষ্ট্রা এচিষ্টেণ্ট হোৱাতকৈ মই বহুত সুখত আছোঁ। মনৰ সন্তোষেই সুখ। ইং ১৮৭৩ চনত ‘আদি-পাঠ’ নামেৰে এখনি অসমীয়া ভাষাৰ প্ৰথম শিক্ষাৰ পুথি লিখোঁ। সেই বিলাকৰ গুণাগুণ বিৱেচনা কৰিবৰ কাৰণে বহা সমজুৱাবিলাকে ‘আদি-পাঠ’ক সকলোতকৈ শ্রেষ্ঠ বোলাত ৫০০ টকা বঁটা পাওঁ।

মই চৰকাৰী কামৰপৰা অৱসৰ পোৱাৰ পাছত (ইং ১৮৮২ চনত) দেশ-হিতৈষী কিছুমান অসমীয়া ভদ্রলোকে ‘আসাম নিউজ’ নামেৰে এখনি ইংৰাজী-অসমীয়া সাপ্তাহিক বাতৰি কাকত চলাবলৈ স্থিৰ কৰি মোক তাৰ সম্পাদক নিযুক্ত কৰাত, মই তিনি বছৰমান আনৰপৰা অধিক সহায়তা নোপোৱাকৈ একেহাতে সেই কাকত চলাওঁ ; কিন্তু কওঁতে বেজাৰ লাগে যে সি চিৰজীৱী নহ’ল।

Categorized in: