মানুহ আত্মাৰ আনন্দেৰে জীয়াই থকাৰ সাধুতাই হ’ল উত্তম উপায়। চাতুৰ্যই মানুহক কিছুদিনৰ বাবে কিছুমান লোকৰ মনত ভালৰি লগাব পাৰিলেও সময়ত তেওঁৰ সেই চাতুর্য প্রকাশ পায় আৰু লাহে লাহে লোক-চক্ষুত হেয় প্রতিপন্ন হৈ পৰে। কিন্তু সাধুতাৰ স্বৰূপ তাৰ বিপৰীত। সাধু মানুহক সৎ লোকে সঙ্গ পালেই চিনি পায় আৰু তেওঁৰ সেই সাধুতাৰ গুণত মুগ্ধ হয়। সৎ লোক সূর্য সদৃশ ; মেঘে-ঢাকি ৰাখিব নোৱাৰে। সূৰ্যৰ পোহৰ প্রকাশ পাবই।
সাধু হোৱাটো অতি কঠিন। সাধু লোকে জীৱনত পদে পদে আঘাত পাবলগীয়া হয় ; কিন্তু জ্ঞানীৰ হাতত নহয়, অজ্ঞানীৰ হাততহে। উদাহৰণ স্বৰূপে সত্যৰ সাধক চক্ৰেটিছ মৃত্যুদণ্ডেৰে দণ্ডিত হৈছিল, যিচু খ্ৰীষ্টক ক্ৰুচত বিদ্ধ কৰি হত্যা কৰা হৈছিল। হজৰত মহম্মদক মক্কাৰপৰা মদিনালৈ পলাই গৈহে শত্ৰুৰ হাতৰপৰা জীৱন ৰক্ষা কৰিবলগীয়া হৈছিল, বিজ্ঞানী গেলিলিওয়ে অনেক যাতনা ভুগিবলগীয়া হৈছিল ; আব্রাহাম লিঙ্কন, মহাত্মা গান্ধী, কেনেডী আততায়ীৰ গুলীত জীৱন দিবলগীয়া হৈছিল। এইসকল সাধু পুৰুষৰ তেজ-মঙহৰ শৰীৰটোহে ধ্বংস হৈছিল, তেওঁলোকৰ সৎ আদৰ্শক কিন্তু বিনাশ কৰিব পৰা নগৈছিল।
সত্যত অটল বিশ্বাস আৰু সেই সত্যক সৎ উপায়েৰে বাস্তৱত ৰূপ দিয়াৰ সাধনাই হ’ল সাধু লোকৰ জীৱনৰ বৈশিষ্ট্য। ভক্ত প্রহ্লাদৰ চৰিত্ৰ আমি সকলোৱে জানো। প্রহ্লাদে বিষ্ণুক একান্তমনে বিশ্বাস কৰিছিল আৰু তেওঁক পোৱাৰ কাৰণে ভক্তি কৰিছিল। তেওঁৰ পিতাক হিৰণ্যকশিপুৱে তাৰ বাবে শাস্তি দিছিল। প্রহ্লাদে কিন্তু সেই শাস্তি হাঁহি-মুখে বৰণ কৰি নিজস্ব উদ্দেশ্যত একাণপতীয়াভাৱে লাগি আছিল। অৱশেষত প্ৰহ্লাদৰ উদ্দেশ্য সফল হ’ল। এয়ে হ’ল সাধুতা ; এয়ে হ’ল সাধুতাৰ শক্তি আৰু সৌন্দর্য।
উদ্দেশ্য সৎ হ’লেই সকলো সৎ হ’ব এনে নহয়। সৎ উদ্দেশ্য কাৰ্যকৰী কৰোঁতে উপায়ো সৎ হ’ব লাগে। উদাহৰণ স্বৰূপে, আমাৰ উদ্দেশ্য হ’ল পৰিয়ালটোৰ ভৰণ-পোষণ দিয়া। এই উদ্দেশ্য পূৰণৰ অৰ্থে আমি পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰিব পাৰোঁ। পৰিশ্ৰম কৰি ধন অৰ্জাটো সৎ পথ ; কিন্তু তাকে নকৰি যদি চুৰ বা ঠগ প্ৰবঞ্চনা কৰি ধন আনি পৰিয়াল পোহ-পাল দিওঁ, তেতিয়া হ’লে অসৎ পথ অৱলম্বন কৰা হ’ব। গতিকে উদ্দেশ্য আৰু পথ উভয়ে সৎ হ’ব লাগে।
সজ চিন্তা, সজ বাক্য, সজ কৰ্ম, সজ আচৰণ এই সজ-গুণবোৰ বাল্যকালৰপৰাই অনুশীলন কৰিব লাগে। সজ্জনৰ সঙ্গ লোৱা আৰু দুৰ্জনৰ সঙ্গ পৰিত্যাগ কৰাটো নিতান্ত দৰকাৰী কথা। কবিগুৰু ৰবীন্দ্ৰনাথে কৈছে—“যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো, একলা চলো, একলা চলোৰে।” ভালৰ মাজত ভাল হৈ থকা জীৱনতকৈ বেয়াৰ মাজত নিজকে ভাল কৰি গঢ়িব পৰাটোহে জীৱনৰ মহত্ত্ব। এই মহত্ত্ব সাধনৰ বাবে লাগিব মনৰ সাধুতা, সততা আৰু দৃঢ়তা।