আমাৰ ছ’টা ঋতুৰ ভিতৰত শৰৎ অন্যতম। ঋতুৰ ৰজা বসন্ত আৰু ৰাণী শৰৎ। প্রকৃতিক ভাল পোৱা মানুহে যুগে যুগে শৰতৰ ৰূপ বৰ্ণনা কৰি আহিছে। আমাৰ ভাদ মাহ শেষ হোৱাৰ লগে লগে মিঠা শৰতে নতুন ওৰণি লৈ ভূমুকি মাৰে। ভাদ যায়। লগতে যায় বেদনাক্লিষ্ট বর্ষা, বাৰিষাৰ বিপৰ্যয় আৰু আতংক। পৃথিৱীয়ে বাৰিষাক বিদায় দি শৰতক হেপাহেৰে আঁকোৱালি লয়। আঁকোৱালি ভাল পায় শৰতৰ শুকান বাট-পথ, নির্মল আকাশ-বতাহ আৰু পানী। মিঠা শৰতৰ পৰশে মানুহৰ মনো মিঠা কৰে ; নিৰ্মল কৰে। শৰতৰ ৰূপত কবি-প্ৰাণ উন্মনা হয় আৰু শৰতক লৈ ৰচনা কৰে কাব্য আৰু কবিতা! মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে এদিন শৰতৰ এই ৰূপত আপোন-পাহৰা হৈছিল। তেওঁ গাইছিল—
“পুষ্পিত মন্দাৰ কুণ্ড গন্ধে হুয়া ভোল, মধুমত্ত অনেক ভ্ৰমৰে কৰে ৰোল।। শৰৎচন্দ্ৰৰ কান্তি অতি সুকোমল। দেখি মহা সম্ভোষিত গোপীকাসকল।।” শৰতৰ এই ৰূপত এদিন পৰম ব্ৰহ্ম ভগৱান শ্ৰীকৃষ্ণও মুগ্ধ হৈ যমুনাৰ বালিত গোপিনীসকলক লৈ ৰাস-উৎসৱ পাতিছিল। সেয়া আছিল এক উজ্জ্বল পৱিত্ৰ আৰু স্নিগ্ধ শাৰদ-পূৰ্ণিমাৰ ৰাতি। আজিও শৰতৰ এই পূর্ণিমা তিথিত ৰাসোৎসৱ পাতে। উৎসৱ-প্ৰিয় মানুহে আজিও শৰতৰ এই পূৰ্ণিমাৰ পোহৰ উপভোগ কৰে।
শৰতৰ আগমনে প্ৰকৃতিৰ ৰূপত পৰিৱৰ্তন ঘটায়। বাট-পথ শুকায়, পানী নির্মল হয়। শেৱালি ফুলে। ভেঁট-পদুমে পাহ মেলে। বর্ষা-ক্লিষ্ট গছ-বন-লতাই নতুন পাত ধৰে। ভোমোৰাই ফুলৰ পাহে-পাহে ফুল-মধু পান কৰি ফুৰে। সজীৱ হৈ উঠে দুৱৰিবনৰ দলিচা।
পুৱাৰ ৰঙা সূৰুযে দূৱৰিবনৰ ওপৰত থকা নিয়ৰৰ টোপালক মুকুতাৰে যেন খোপা সজায়। লুইতৰ পাৰে পাৰে শাৰীয়ে শাৰীয়ে কঁহুৱা ফুলে। আনন্দত নাচে চৰাই-চিৰিকটি। মহাৰাজ ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰ মূৰ্তিও যেন শান্ত, সৌম্য হৈ পৰে। শৰতৰ ৰ’দো যেন মিঠা ৰ’দ।
প্ৰকৃতিৰ এনে পৰিৱৰ্তনৰ লগতে মানুহৰ মনো যেন পৰিৱৰ্তিত হয়। বেমাৰ-আজাৰ কমি আহে। কৰ্মৰ বাবে তেওঁলোকে প্ৰেৰণা পায়। বৰ্ষাত হাড়-ভঙা পৰিশ্ৰম কৰি বোকা-পানী গচকী খেতিয়কে শৰতত জিৰণি পায়। আশাৰে বাট চাই থাকে আঘোণৰ সোণালী পথাৰৰ বাবে। শৰতৰ সেউজী পথাৰ আঘোণত হৈ পৰিব সোণালী। আনি দিব ভঁৰাল-ভৰা ধান। শৰৎকাল জিৰণিৰ সময় বুলিয়ে খেতিয়কে হাত সাৱটি বহি নাথাকে। পথাৰৰ কাম এৰি ঘৰুৱা কামত হাত দিয়ে। বিভিন্ন বাঁহ-বেতৰ কাম এই জিৰণিতে কৰে। শৰৎকালৰ ভিতৰতে খেতিয়কে শীতকালীন শাক-পাচলি, সৰিয়হ আদিৰ খেতি কৰি বাৰী-ঘৰ শুৱনি কৰে।
প্ৰকৃতিৰ এই ৰূপৰ মাজতে আহে শাৰদীয় পূজা। ত্রেতা যুগতে ভগৱান ৰামচন্দ্ৰই সীতা উদ্ধাৰৰ কাৰণে লংকাৰ ৰাক্ষস ৰজা ৰাৱণ বধৰ হেতু অকালত দেৱী দুৰ্গাৰ পূজা পাতিছিল। শৰৎকালতে তেওঁ এই পূজা পাতিছিল বাবে এই পূজাক শাৰদীয় পূজা বোলে। ৰাম আজি নাই, ৰাৱণো নিধন হ’ল ; কিন্তু সেই শাৰদীয় পূজা যুগৰ পাছত যুগ ধৰি চলি থাকিল। আজিও শৰৎ অকলে নাহে ; লগতে লৈ আহে সেই সকলো শক্তিৰ উৎস মাতৃ দুর্গাপূজা। শৰতৰ আনন্দই এনেই মানুহৰ মনত আনন্দৰ প্ৰেৰণা দিয়ে ; দুর্গোৎসৱে আৰু প্ৰেৰণা জগাই হিন্দু ধৰ্মাৱলম্বী লোকৰ মন উৎসৱ মুখৰ কৰি তোলে। উৎসৱৰ ৰেঙনিয়ে যোগায় কর্মব্যস্ত মানুহৰ অন্তৰত জীয়াই থকাৰ সম্বল।
শৰৎ এক ক্ষমতাৰ কাল। গ্রীষ্মৰ উৎকট গৰম আৰু বৰ্ষাৰ ঢেৰেকনি মৰা বৰষুণ তেতিয়া নাথাকে। হেমন্তৰ চেঁচা হিমৰ পৰশৰপৰা বা শীতৰ হাড় কঁপোৱা চেঁচাৰপৰাও শৰৎ আঁতৰত থাকে বাবে মানুহৰ দেহ-মন হয় মুকলি। দিন ৰাতিও এই কালত প্রায় সমান থাকে। প্ৰকৃতিৰ আনন্দই এফালে মানুহক আনন্দ দিলেও আনফালে ভয়াৱহ অভাৱ-অনাটন এই সময়ছোৱাতে দেখা যায়। পুৰণি ধান-চাউল খেতিয়কৰ ভঁৰালত কমি আহে। নতুন ধান ওলাবলৈকো সময় থাকে। গতিকে শৰতে লগতে অভাৱো আনে বুলি ক’ব পাৰি। এনে অভাৱৰ মাজতে অসমীয়া মানুহে পাতে তেওঁলোকৰ আন এটা উৎসৱ ‘কঙালী বিহু’। শৰতে যদিও আমাক আনি দিয়ে ৰজা ৰামচন্দ্ৰৰ শাৰদীয় পূজা, শ্ৰীকৃষ্ণই কৰা ৰাসলীলা, তথাপি শৰতে লগতে লৈ আহে সেই ভয়াৱহ অভাৱ-অনাটন আৰু দুৰ্দশা—সেয়ে শৰতৰ সকলো অৱদান কেতিয়াবা আমাৰ বাবে যেন অসহনীয় হয়।
যুগে যুগে শৰৎ আহিছে, গৈছে। যুগে যুগে শৰৎ আহিব আৰু যাব। শৰতৰ ওপৰত আমাৰ আশা থাকিল, তেওঁৰ সেই চিৰ সুন্দৰৰ লগত ভয়াবহ অভাৱ-অনাটন যেন লগত লৈ নাহে। তেতিয়া আমাৰ বাবে শৰৎ হ’ব এক চিৰ সুন্দৰ উৎস।