পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি হয়, তেতিয়া স্থান-কাল-পাত্র ভেদে একো একোজন মহাপুৰুষে জন্মগ্ৰহণ কৰি ধৰ্মৰক্ষা কৰিবলৈ আৱিৰ্ভূত হয়। এনে এজন মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু। অসমৰ সমাজ, সংস্কৃতি, ভাষা-সাহিত্যৰ আন্ধাৰ যুগত শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা আলি-পুখুৰীৰ কুসুম্বৰ ভূঞাৰ ঔৰসত সত্যসন্ধ্যাৰ গৰ্ভত অৱতাৰ হ’ল—১৩৭১ শকত (ইং ১৪৪৯ খ্ৰীষ্টাব্দত)। সত্যসন্ধ্যাই কেঁচুৱা শংকৰক এৰি মৃত্যুৰ মুখত পৰিল। বুঢ়ীমাক খেৰসূতীয়ে তেওঁক তুলি-তালি ডাঙৰ-দীঘল কৰিলে।
শ্ৰীমন্ত শংকৰদেৱ সৰুৰেপৰাই বলী, সাহসী আৰু নিৰ্ভীক আছিল। ভাদ মাহৰ এটা শুভ বৃহস্পতিবাৰে তেওঁৰ বিদ্যা-শিক্ষা মহেন্দ্ৰ কন্দলি ওজাৰ টোলত আৰম্ভ হ’ল। অলপ দিনৰ ভিতৰতে শংকৰদেৱ আন আন মেধাৱী ছাত্ৰৰ লগতো সমানে ফেৰ মাৰিব পৰা হ’ল। অতি কম সময়ৰ ভিতৰতে তেওঁ চাৰি বেদ, চৈধ্য শাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্যয়ন কৰি বিদগ্ধ পান্ডিত্যৰ পৰিচয় দিলে। টোলত থকা সময়তে যোগশাস্ত্ৰ পঢ়ি আৰু যোগ অভ্যাস কৰি এই বিষয়তো পাৰদৰ্শিতা লাভ কৰিলে।
শিক্ষা শেষ কৰি ঘৰলৈ ঘূৰি আহি তেওঁ শিৰোমণি ভূঞাৰ বিষয়-বাব লয়। ২১-২২ বছৰ বয়সতে তেওঁ হৰিবৰ গিৰিৰ ছোৱালী সূৰ্যৱতীক বিয়া কৰায়। তিনি বছৰৰ পাছত মনু নামেৰে কন্যা এজনীৰ জন্ম হয়। মনুৰ ন মাহ বয়সতে সূৰ্যৱতী মৃত্যু-মুখত পৰে। ১৪২৫ শকত তেওঁ দ্বিতীয়বাৰ ৰাম্ ভূঞাৰ কন্যা কালিন্দীক বিয়া কৰায়। প্রথম পত্নীৰ মৃত্যুৰ পাছতে শংকৰদেৱ ১৭ জন লগৰীয়া লৈ ভাৰতৰ বিভিন্ন ঠাইৰ তীৰ্থসমূহ ১২ বছৰ ধৰি ভ্ৰমণ কৰি উভতি আহে। গুৰুজনাই ৯৭ বছৰ বয়সত মাধৱদেৱ আদি ভক্তৰ স’তে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল।
প্ৰথমবাৰ তীৰ্থৰপৰা ঘূৰি আহি তেওঁ বন্ধু-বান্ধৱৰ অনুৰোধত ‘চিহ্ন যাত্ৰা’ নাট ৰচনা কৰি ভাওনা কৰে। এই চিহ্ন-যাত্ৰা নাটৰ ভাওনা দেখি সকলো ৰাইজৰ তেওঁৰ প্ৰতি প্রগাঢ় ভক্তি জন্মিল। শংকৰ ভূঞা ভক্তি-ধৰ্ম-সংস্থাপক শংকৰ গুৰুত পৰিণত হ’ল। অসমত নৱ বৈষ্ণৱ ধৰ্মৰ জোৱাৰ উঠিল। মাধৱদেৱ আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য—‘মাধৱ-বান্ধৱ’। মাধৱদেৱ প্ৰথমে শাক্ত আছিল আৰু শংকৰদেৱৰ ওচৰত তৰ্ক কৰিবলৈ আহিছিল, তৰ্কত হাৰি তেওঁ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। শংকৰদেৱৰ ধৰ্ম সাংখ্য, বেদান্ত আৰু ভাগৱত-পুৰাণৰ সাৰ-মৰ্মৰ ওপৰত প্রতিষ্ঠিত। তেওঁৰ মতে ধৰ্মৰ মূলবস্তু ঈশ্বৰৰ নাম।
তেওঁৰ ধৰ্মত সকলো সমান, জাতি বা মানুহৰ কোনো সৰু-ডাঙৰ বা উচ্চ-নীচ নাই—“কুকুৰ, শৃগাল, গদভৰো আত্মাৰাম। জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম।” শংকৰদেৱে বৰদোৱাত নাম-ঘৰ সাজি ভক্তিৰ প্ৰথম খুঁটি মাৰি সত্ৰ আৰু নামঘৰৰ বীজ ৰোপণ কৰে। ধোৱাহাট, বেলগুৰি, পাটবাউসী আদি ঠাইত মহাপুৰুষে সত্ৰ পাতে। ‘নামঘৰ’ অসমীয়াৰ জাতীয় নাট্যশালা।
শংকৰদেৱ অকল ধৰ্মপ্ৰচাৰকে নাছিল। তেওঁ আছিল বহুৰূপী প্ৰতিভাৰ আকৰ স্বৰূপ, আমাৰ ভাষা-সাহিত্যৰ জনক। তেওঁৰ সাহিত্যক ৬টা ভাগ কৰা হৈছে—অনুবাদমূলক, কাব্য, নাট, গীত, নামপ্রসঙ্গ-সম্বন্ধীয় আৰু ভক্তিতত্ত্বমূলক। অনুবাদ সাহিত্যৰ ভিতৰত দশম, কাব্য-সাহিত্যৰ ভিতৰত হৰিশ্চন্দ্ৰ আৰু ৰুক্মিণী-হৰণ অন্যতম। ছখন নাট লিখে। গীতি-সাহিত্যৰ ভিতৰত বৰগীত আৰু ভটিমা তেওঁৰ অনুপম দান। ‘কীৰ্তন’ তেওঁৰ নাম-প্ৰসঙ্গ সম্বন্ধীয় পুথি, মহাপুৰুষজনাৰ সাহিত্যৰ বিজয় স্তম্ভ। ভক্তি-ৰত্নাকৰ, ভক্তি-প্রদীপ আদি তেওঁৰ তত্ত্ব গ্ৰন্থ।
প্ৰায় ছ’কুৰি বছৰ জীয়াই থাকি অসমীয়া জাতি, অসমীয়া সমাজ আৰু অসমীয়া ভাষাক নতুন ভেটিত প্ৰতিষ্ঠা কৰি ১৫৬৮ চনত (১৪৯০ শক) কোচবিহাৰত গুৰুজনাই বৈকুণ্ঠ প্ৰয়াণ কৰে।