দেহ আৰু মনৰ সমানে উৎকর্ষ সাধন কৰি মানুহক সংসাৰ-যাত্ৰাত আগবঢ়াই নিয়াটোৱে শিক্ষাৰ ঘাই উদ্দেশ্য। খেল-ধেমালি আৰু ব্যায়াম আদিয়ে শৰীৰ সুস্থ ৰখাত সহায় কৰে আৰু সুস্থ শৰীৰতহে সুস্থ মন থাকিব পাৰে। সেই কাৰণে খেল-ধেমালি, ব্যায়াম আদি শিক্ষাৰ দৰকাৰী অংগ।
ৰুগীয়া মানুহ সদায় অসুখী, কোনো কামতে তেওঁৰ নাথাকে উৎসাহ, নাথাকে ধৈর্য। সুস্থ-সবল মানুহে ধৈর্য সহকাৰে সকলো কাম কৰিব পাৰে। খেল-ধেমালি হৈছে দলৱদ্ধভাৱে কৰা ব্যায়াম, যিয়ে এফালে আনন্দ দান কৰে আৰু আনফালে অতর্কিতে শৰীৰৰো উন্নতি সাধন কৰে। ইয়াৰদ্বাৰা মানুহ নিয়মানুৱৰ্তী, কষ্ট-সহিষ্ণু আৰু জয়-পৰাজয় সকলোকে সমানে গ্ৰহণ কৰিব পৰা বিধৰ হয়। আন্তর্জাতিক খেল-ধেমালিৰ কৃতিত্বই খেলুৱৈৰ নিজৰ লগতে দেশৰো সন্মান বঢ়ায় আৰু ইখন দেশৰ লগত সিখন দেশৰ কুটনৈতিক সম্পর্ক স্থাপনতো সহায়ক হয়।
কিন্তু স্কুল-কলেজৰ খেল-ধেমালি প্রাথমিক পৰ্যায়ৰ আৰু স্কুল-কলেজৰ শিক্ষাৰ পৰিপূৰকহে। অপৰিমিত খেল-ধেমালিয়ে শৰীৰ আৰু মনৰ উপকাৰতকৈ অপকাৰহে কৰে বেছি ; আনকি সময়ে অসময়ে কৰা অতিমাত্ৰা খেল-ধেমালিয়ে কেতিয়াবা কাৰো কাৰো স্বাস্থ্য তেনেই ভাঙি পেলাব পাৰে। আমাৰ শিক্ষানুষ্ঠানসমূহত সাধাৰণতে দুই ধৰণৰ খেল-ধেমালিৰ ব্যৱস্থা থাকে—‘Outdoor games’ আৰু ‘Indoor games’। খালী পেটে বা এই মাত্ৰ পৰিপূৰ্ণ পেটেৰে এইবোৰ খেল খেলা উচিত নহয় আৰু নিৰ্দিষ্ট সময়তকৈ বেছিকৈ খেলিলেও ই শৰীৰৰ অনিষ্ট কৰে।
উপযুক্ত সময়ত, উপযুক্ত পৰিৱেশত নিৰ্দিষ্ট সময়ত খেল-ধেমালি কৰিলে শৰীৰৰ শক্তি বাঢ়ে, স্নায়ুপেশী আদি দৃঢ় হয়, মনৰ উৎসাহ-উদ্দীপনা আৰু আনন্দও বৃদ্ধি হয়। দুৰ্ভাগ্যবশতঃ আমাৰ ছাত্ৰছাত্ৰীসকল খেল-ধেমালিৰ ক্ষেত্ৰত প্ৰায়ে মাত্ৰা পাৰ হৈ যোৱা দেখা যায়। খেল-ধেমালিৰপৰা পোৱা অনাবিল আনন্দ, দৰ্শকৰ প্ৰশংসা, ট্রফি, মেডেল আদি লাভৰ আকাঙ্ক্ষাই কেতিয়াবা আমাৰ ল’ৰা-ছোৱালীহঁতক অতিমাত্রা খেল-ধেমালি প্ৰিয় কৰি তোলে, তাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে নিত্য-নৈমিত্তিক পঢ়া-শুনাৰ প্ৰতি পৰাঙ্মুখ হৈ পৰীক্ষাত অকৃতকার্য হয়।
কিন্তু প্রকৃতাৰ্থত এইবোৰ খেল-ধেমালিৰ দোষ নহয় ; দোষ খেলুৱৈৰহে। আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীক সুস্থ-সবল নাগৰিক কৰি গঢ়ি তুলিবলৈ হ’লে তেওঁলোকৰ মন আৰু শৰীৰ উভয়কে স্বাস্থ্যৱান কৰিবই লাগিব। খেল-ধেমালি স্বাস্থ্য গঢ়াৰ এটা প্রকৃষ্ট উপায়। সেই কাৰণে শিক্ষানুষ্ঠানসমূহত পৰিমিত খেল-ধেমালিৰ চৰ্চা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব লাগে আৰু তাৰ বাবে প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা প্ৰত্যেক স্কুলতে চৰকাৰৰ ফালৰপৰাই হ’ব লাগে।