জন্মই মানুহক মহৎ নকৰে, কৰ্মৰদ্বাৰাহে মানুহ মহৎ হয়। এই সংসাৰখন মানুহৰ কাৰণে এখন সমৰ-ক্ষেত্ৰ-স্বৰূপ। ঐকান্তিকতা আৰু অধ্যৱসায়ৰদ্বাৰা যিয়ে জীৱনসংগ্ৰামত জয়লাভ কৰিব পাৰে, স্বদেশ-স্বজাতি আৰু বিশ্বমানৱৰ কল্যাণৰ কাৰণে ভোগবাসনা জলাঞ্জলি দিবলৈ আৰু আনকি জীৱনকো বিসর্জন দিবলৈ পৰাজ্জুখ নহয়, তেনে লোককে মহৎ লোক বুলি কোৱা হয়। মহৎ লোকসকলৰ সৰহ ভাগেই সাধাৰণ মানুহৰ ঘৰত জন্ম লোৱা আৰু সাধাৰণ মানুহৰ দৰেই ডাঙৰ-দীঘল হোৱা।
মহাপুৰুষসকলৰ জীৱনী সেয়ে অনুপ্ৰেৰণাৰ অফুৰন্ত উৎস। মহৎ লোকৰ জীৱনী পঢ়ি সকলোৱে মহাপুৰুষ নহ’ব পাৰে, কিন্তু সংসাৰ গহন-বনত বাট হেৰুৱা পথিকক সি পথৰ সন্ধান দিব পাৰে—ঘাত-প্রতিঘাতত বিবুধি হোৱা নৰৰ প্ৰাণত নিঃসন্দেহে আশাৰ সঞ্চাৰ কৰিব পাৰে। শাস্ত্ৰত আছে : ‘মহাজনো যেন গতঃ স পন্থাঃ’। মানুহ অণুকৰণপ্রিয়—উপদেশতকৈ উদাহৰণ সেই কাৰণে অধিক শিক্ষাপ্রদ। মহৎ লোকৰ জীৱনী মহৎ কৰ্মৰ জীৱন্ত উদাহৰণ।
জীৱনী প্রধানতঃ দুই প্ৰকাৰৰ—আনে লিখা আৰু নিজে লিখা। নিজে লিখা জীৱনীক ‘আত্ম-জীৱনী’ বোলে। মহাত্মা গান্ধীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ আৰু পণ্ডিত নেহৰুৰ ‘আত্ম জীৱনী’ ভাৰতৰ জাতীয় আন্দোলনৰো দলিল স্বৰূপ। মানুহৰ জীৱন বিচিত্ৰ আৰু কৰ্ম বহুমুখী। জীৱনৰ বিভিন্ন দিশৰ কৃতী পুৰুষসকলৰ জীৱনীয়ে পাঠকসকলক বিভিন্নৰূপে অনুপ্রাণিত কৰে। ধর্ম-প্ৰাণ মহাপুৰুষসকলৰ জীৱনীয়ে ওখ নৈতিক আদর্শ দাঙি ধৰি মানুহক সৎ জীৱন যাপন কৰিবলৈ প্ৰেৰণা দিয়ে।
জীৱন-চৰিত ইতিহাস আৰু উপন্যাসতকৈও চিত্তাকর্ষক আৰু প্ৰেৰণাদায়ক। ইতিহাস শুকান তথ্য সাপেক্ষ, উপন্যাস ৰসাল আৰু বাস্তৱ জীৱনৰ অনুৰূপ হ’লেও মূলতঃ ই কাল্পনিক। জীৱনী হ’ল সুখ-দুখ, আশা-নিৰাশাৰ মাজেদি অতিৱাহিত কৰি কৃতকাৰ্য হোৱা লোকৰ বাস্তৱ জীৱনৰ বৰ্ণনা। যীশুখ্রীষ্টক ক্ৰুচত বিদ্ধ কৰি আৰু চক্রেটিচক বিহ খুৱাই মাৰিলেও তেওঁলোকৰ জীৱন ব্যৰ্থ হৈ যোৱা নাই ; বৰং ইয়াৰদ্বাৰা তেওঁলোকৰ মহত্ত্বৰ গৌৰৱ বৃদ্ধিহে হৈছে।
জীৱনৰ যাত্ৰা-পথ বন্ধুৰ, দুৰ্গম। মহাপুৰুষৰ জীৱনী পাঠ পাপ-প্রলোভিতজনক সুপথে পৰিচালিত কৰিব পাৰে, হতাশ হোৱা জনৰ অন্তৰত আশাৰ বাৰি-ধাৰা সিঁচিব পাৰে, সাধাৰণ লোকৰ অন্তৰতো মহৎ ভাবৰ সঞ্চাৰ কৰি মহত্ত্বপূৰ্ণ জীৱন যাপন কৰিবলৈ উদ্গনি দিব পাৰে। গতিকে অকৃতকার্যতাৰ অভিশাপৰপৰা জীৱনক মুক্ত কৰি সংসাৰক কৃতাৰ্থ কৰিবলৈ হ’লে মহৎ লোকৰ জীৱন চৰিত অধ্যয়ন অপৰিহাৰ্য। কবিৰ বাণী মিছা নহয়, সঁচাকৈয়ে—মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ, আমিও কৰিব পাৰোঁ জীৱন গঢ়িত।