পৃথিৱীৰ বুৰঞ্জীত যিবোৰ ব্যক্তিয়ে একোটা সুকীয়া বৈশিষ্ট্যৰ বাবে চিৰস্মৰণীয় আৰু চিৰ-উজ্জ্বল হৈ আছে, তেওঁলোকৰ ভিতৰত আমাৰ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীও এজন। অর্ধনগ্ন ফকীৰ, সত্যৰ পূজাৰী বাপুজীয়ে বিনা অস্ত্ৰে, বিনা ৰক্তপাতে শৃংখলিত ভাৰত-জননীক অহিংস নীতিৰে মুক্ত কৰি পৃথিৱীৰ ৰাষ্ট্ৰনীতিৰ ইতিহাসত এটি যুগমীয়া সূচনা কৰি থৈ গ’ল।

গুজৰাটৰ পোৰবন্দৰত ১৮৬৯ চনৰ ২ অক্টোৱৰ তাৰিখে মহাত্মা গান্ধীয়ে জন্ম লাভ কৰে। তেওঁৰ আচল নাম মোহনদাস কৰমচাঁদ গান্ধী। পোৰবন্দৰত তেওঁ প্ৰাথমিক শিক্ষা শেষ কৰি ৰাজকোটৰ উচ্চ বিদ্যালয়ত ভর্তি হয়। ছাত্ৰ হিচাপে তেওঁ বৰ কৃতী ছাত্ৰ নাছিল, বৰ লাজকুৰীয়া স্বভাৱৰ আছিল। কলেজীয়া শিক্ষা অসমাপ্ত অৱস্থাতে তেওঁ বিলাতলৈ ব্যাৰিষ্টাৰী পঢ়িবলৈ যায়। বিলাতলৈ যোৱাৰ আগতে ১৩ বছৰ বয়সতে তেওঁ কস্তুৰীবাঈক বিয়া কৰায়।

১৮৯১ চনত গান্ধীজীয়ে ব্যাৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ উভতি আহে। প্রথমে তেওঁ বোম্বাই হাইকোর্টত ওকালতি আৰম্ভ কৰিলে যদিও বিশেষ কৃতকার্যতা লাভ কৰিব নোৱাৰিলে, কাৰণ তেওঁ মিছা কথা ক’ব নোৱাৰিছিল। এনে সময়তে গোপালকৃষ্ণ গোখলে আৰু দাদাভাই নৌৰজীৰ লগত তেওঁৰ পৰিচয় ঘটে।

১৮৯৩ চনত তেওঁৰ জীৱনৰ গতি আনফালে ঢাল ল’লে। এটা ভাৰতীয় কোম্পানীৰ মোকদমাৰ দায়িত্ব লৈ তেওঁ দক্ষিণ আফ্রিকালৈ যায়। তেতিয়া তাত থকা শ্বেতাঙ্গ ‘নাটাল চৰকাৰ’ৰ এক অন্যায় ‘বিল’ৰ প্ৰতিবাদত সকলো ভাৰতীয়ই তেওঁৰ নেতৃত্বত অহিংস আন্দোলন গঢ়ি তুলিলে। আফ্ৰিকাৰ কুখ্যাত নির্মম শ্বেতাঙ্গ শাসকৰ লগত যুঁজি শেষত তেওঁ জয়ী হ’ল—ইয়াত তেওঁৰ অহিংস নীতিৰ প্ৰথম জয় হয়।

সুদীৰ্ঘ ২০ বছৰ কাল দক্ষিণ আফ্রিকাত থাকি ১৯১৪ চনত মহাত্মা গান্ধীয়ে স্বদেশলৈ প্রত্যাৱৰ্তন কৰে। দেশলৈ উভতি আহি তেওঁ সাৱৰমতীত এখন জনকল্যাণমূলক আশ্ৰম স্থাপন কৰে। পঞ্জাৱৰ জালিয়ানৱালাবাগত ব্ৰিটিছ চৰকাৰে নিৰস্ত্ৰ জনগণক পশুৰ দৰে গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ নৰ-নাৰী জাঙুৰ খাই উঠিল আৰু গান্ধীজীৰ নেতৃত্বত ভাৰতবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল।

দেশ স্বাধীন কৰিবৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ দেশে গ্ৰহণ কৰিলে এখন বিখ্যাত গঠনমূলক আঁচনি—সাম্প্রদায়িক সম্প্রীতি, অস্পৃশ্যতা দূৰীকৰণ, মাদক দ্রব্য নিৱাৰণ, খাদী, গ্ৰাম্য কুটীৰ শিল্প আদি অন্তৰ্ভুক্ত কৰি ১৮টা কাৰ্যসূচী। ১৯২০ চনত কলিকতাত বহা কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে স্বৰাজ-আন্দোলনৰ কর্মপন্থা দাঙি ধৰে। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছে ‘ভাৰত ত্যাগ’ৰ ধ্বনি তুলিলে, যাৰ ফলস্বৰূপে হাজাৰ হাজাৰ ভাৰতীয় মানুহ কাৰাৱদ্ধ হ’ল। ‘কৰেঙ্গে ইয়া মৰেঙ্গে’ গান্ধীজীৰ এই বাণীৰ তৰংগমালাত ব্ৰিটিছ চৰকাৰৰ সিংহাসন কঁপি উঠিল আৰু ১৯৪৭ চনৰ ১৫ই আগষ্ট তাৰিখে স্বাধীন ভাৰতৰ আকাশত স্বাধীনতাৰ বাণী বলিবলৈ ধৰিলে।

তেওঁ কেৱল ৰাজনৈতিক বিপ্লৱতে আৱদ্ধ থকা নাছিল, সামাজিক আৰু নৈতিক বিপ্লৱকো বাঞ্ছা কৰিছিল। তেওঁ ‘সৰ্বোদয়’ আন্দোলন আৰু অস্পৃশ্যতা বৰ্জনৰ পথ প্ৰদৰ্শক আছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে গান্ধীজীয়ে চিৰ বিদায় ল’লে। সেইদিনা সন্ধিয়া দিল্লীৰ এখন প্ৰাৰ্থনা সভাত যোগ দিবলৈ যাওঁতে এজন যুৱকে তেওঁক গুলীয়াই হত্যা কৰিলে। গান্ধীজী নাই ; কিন্তু তেওঁৰ অমৰ স্মৃতি, অমৰ বাণীয়ে চিৰদিন ভাৰতীয় জনসাধাৰণক প্ৰেৰণা জগাই থাকিব। তেওঁৰ হত্যাৰ বাতৰি পাই আমাৰ জ্যোতিপ্ৰসাদে কৈছিল, ‘বন্দুকৰ গুলীয়ে আদৰ্শক হত্যা কৰিব নোৱাৰে।’

সত্য, অহিংস, ব্রহ্মচর্য, অস্তেয়, অপৰিগ্ৰহ আৰু অভয় আদি মহৎ গুণৰ অধিকাৰী হোৱাৰ বাবে তেওঁ হৈছিল ‘মহাত্মা’। বিলাসিতা আছিল তেওঁৰ বাবে পাপ, সেয়ে তেওঁ ‘নঙঠা ফকীৰ’ৰ দৰে অতি সহজ-সৰল অনাড়ম্বৰ জীৱন যাপন কৰি আদৰ্শক উদঙাই দেখুৱাইছিল। হে মহামানৱ! তুমি আমাৰ জাতিৰ চিৰ নমস্য ‘বাপুজী’ ; তোমাৰ মহান আদৰ্শই ভাৰতীয় জাতিক এক মহান জাতিত পৰিণত কৰক।

Categorized in: