‘অসমৰ কাশী-পুৰী, অসমৰ বৰপেটা ধাম, দ্বাৰকা মথুৰাপুৰী, ৰই যোৱা বাটৰুৱা, পৰাণ জুৰাই যোৱা, শুনি যোৱা হৰিগুণ নাম।’ (শৈলধৰ ৰাজখোৱা) কবিৰ বাণী অত্যুক্তি নহয়। বৰপেটা সঁচাকৈয়ে অসমৰ কাশী-দ্বাৰকা মথুৰা-পুৰীৰ নিচিনা তীৰ্থক্ষেত্ৰ। ইয়াৰ বুকুত আছে শ্ৰীমন্ত শংকৰ গুৰুৱে ভটিয়াই আহি প্ৰথমতে আশ্ৰয় লোৱা ‘চূণপোৰা ভিঠি’ আৰু মহাপুৰুষ মাধৱদেৱ স্থাপিত তিনিও ৰাজ্যৰ বন্দী বৰপেটা সত্ৰখন। সুন্দৰীদিয়া, পাটবাউসী আৰু গণককুচি আন তিনিখন বিখ্যাত বৈষ্ণৱ সত্ৰ।

বৰপেটাৰ পুৰণি নাম ‘তান্তিকুচি’। তান্তি শব্দৰ বৰ্তমান ৰূপ তাঁতী, অৰ্থাৎ তাঁত শিল্পী। ইয়াত পুৰণি কালত ভালেমান বিচক্ষণ তাঁত-শিল্পী আছিল। বৰপেটাৰ তাঁতীসকলৰদ্বাৰাই গুৰুজনাই ‘বৃন্দাৱনী কাপোৰ’ বোৱাই মহাৰাজ নৰনাৰায়ণক উপহাৰ দিছিল। বৰপাট অৰ্থাৎ ধৰ্মৰ ‘বৰপাট’ শব্দৰ পৰাও বৰপেটা হোৱা বুলি কয়।

বৰপেটা নগৰ চাউলখোৱা নৈৰ পাৰত অৱস্থিত। শাসনৰ আৰম্ভণিতে গুৱাহাটী আৰু বৰপেটা এই দুটা মহকুমাৰে ব্ৰিটিছ চৰকাৰে কামৰূপ জিলাৰ সৃষ্টি কৰে। বৰপেটা নগৰ বৰ্তমান একে নামৰ জিলাৰ সদৰ। বৰপেটা বৰ ঘন-বসতিৰ ঠাই। হিন্দু আৰু মুছলমান এই দুই ধৰ্মৰ লোকেই ইয়াত সৰহ। ইয়াৰ লোকসকল মুখ্যতঃ কাৰবাৰী।

বৰপেটা দ’ ঠাই। আগেয়ে জল-পথেই আছিল বৰপেটাৰ লগত যাতায়াতৰ উত্তম পথ। এতিয়া চাৰিওফালৰ প্ৰায় সকলো ঠাইৰ লগতে মটৰ-বাচ চলাচলৰ ব্যৱস্থা হৈছে। ইয়াৰ লগত পোনপটীয়া ৰেল-সংযোগ নাই। জিলাৰ সদৰ ঠাই হিচাপে ইয়াত ভালেমান চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ কাৰ্যালয় আদি আছে—আদালত, এখন পূর্ণাঙ্গ কলেজ, কেবাখনো হাইস্কুল, মহকুমা পুথি-ভঁৰাল, স্বাস্থ্য-সেৱা কেন্দ্ৰ, ডাকঘৰ আদি উল্লেখযোগ্য।

বৰপেটাৰ বিশেষ উল্লেখযোগ্য উৎসৱ হ’ল দৌল-যাত্ৰা আৰু ফাকুৱা। ই যেন বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ। দৌলোৎসৱত ইয়াত অসংখ্য লোকৰ সমাগম হয়। বৰপেটাৰ কথিত ভাষাৰ কিছুমান সুকীয়া বৈশিষ্ট্য আছে। ভাষাটো সুৰীয়া, শুনিবলৈ বৰ শুৱলা। বৰপেটা মূলতঃ বৈষ্ণৱসংস্কৃতিৰ চৰ্চাৰ ঠাই। সত্ৰীয়া গীত-পদ-প্ৰসংগৰ উপৰিও ইয়াত লোক গীতৰ ভাল চৰ্চা হয়। বৰপেটাৰ বাঢ়ৈ, কাৰিকৰ আৰু শিপিনীৰো সুনাম আছে। হাতী-দাঁতৰ অলঙ্কাৰ বৰপেটাৰ নিজস্ব বুলি ক’লেও অত্যুক্তি কৰা নহয়।

বৰপেটা ভোগালী ঠাই। এসময়ত ইয়াত অপ্লাৱিত মাছ-গাখীৰ পোৱা গৈছিল। বৰপেটাৰ জল-বায়ুও সাধাৰণ স্বাস্থ্যৰ অনুকূল। বৰপেটা জিলাৰ ভিতৰতে চৰকাৰৰ সংৰক্ষিত বনাঞ্চল ‘মানাহ’। আগৰ বৰপেটাতকৈ এতিয়াৰ বৰপেটা কিছু উন্নত আৰু সম্প্ৰসাৰিত হৈছে। সম্প্ৰতি বৰপেটা জিলালৈ ৰূপান্তৰিত হোৱাত বৰপেটা নগৰ তথা সমগ্ৰ জিলাখনৰ উন্নতি খৰতকীয়া হ’ব বুলি আশা কৰা যায়।

Categorized in: