সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ—এই তিনিখন উত্তৰ ভাৰতৰ সৰ্ববৃহৎ আৰু অতিশয় গুৰুত্বপূৰ্ণ নদী। তিনিওখন নদী অতি গভীৰ। সেয়েহে বাৰিষা, খৰালি অনৱৰত পানী থাকে। ব্ৰহ্মপুত্ৰ ভাৰতৰ পূৰ্বাঞ্চলীয় নদী। হিমালয় পর্বতৰ মানস-সৰোৱৰ ইয়াৰ উৎস। উৎপত্তি-স্থলত ইয়াৰ নাম চম্পু ; অসমত প্ৰৱেশ কৰাৰ লগে লগে দিহিং আৰু পিছত ব্ৰহ্মপুত্ৰ নাম লৈছে। ব্ৰহ্মপুত্ৰৰ আন এটা নাম লুইত বা বৰ লুইত।
গঙ্গাৰ নিচিনা ব্ৰহ্মপুত্ৰও পৱিত্ৰ নদ আৰু ইয়াৰো জন্মৰ বিষয়ে বিতোপন আখ্যান আছে ; পুৰাণৰ আখ্যান মতে ই ব্ৰহ্মাৰ পুতেক আৰু আন এটা আখ্যান মতে শান্তনুৰ পত্নী অমোঘা গর্ভ-সম্ভুত। বাপেক শান্তনুৱে এই জলপিন্ডটো কুন্ডিল্যৰ (সদিয়া) ওচৰত কুন্ড এটাত থৈ দিয়ে। পাছত পৰশুৰামে হেনো এই কুন্ডতে স্নান কৰি মাতৃ-হত্যা পাপৰপৰা মুক্ত হয় আৰু কুন্ডটোৰ পাৰ কাটি দিয়ে। সেই পথেদিয়ে এধাৰা পানী বৈ আহি দিহিং নৈৰ লগ লাগি ব্ৰহ্মপুত্ৰ নামেৰে বৈ আহে।
লুইত বা ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ। লুইতৰ সোঁত অসমীয়াৰ প্ৰাণৰ সোঁত। অসমৰ সভ্যতা লুইতপৰীয়া সভ্যতা, অসমৰ সংস্কৃতি লুইতপৰীয়া সংস্কৃতি। লুইতৰ মাজতে মাজুলী—যি পৃথিৱীৰ একমাত্ৰ ডাঙৰ নদী-দ্বীপ—অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ, উমানন্দ-উর্বশী প্রাচীন তীর্থক্ষেত্রসমূহো লুইতৰ মাজতে। ইয়াৰে এধাৰাৰ উৎপত্তি-স্থান শ্রেষ্ঠ তীর্থ পৰশুৰামকুন্ড ; ইয়াৰ পাৰতে আন দুখন মহাতীৰ্থ কামাখ্যাধাম আৰু অশ্বক্লান্ত অৱস্থিত।
অতীত অসমত বৰ্তমানৰ দৰে স্থলপথ নাছিল। ক’বলৈ গলে নদীয়েই আছিল একমাত্ৰ পৰিৱহণ-পথ আৰু নাৱেই আছিল আটাইতকৈ সুলভ যান। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে পানী আৰু পলসৰ যোগান ধৰা বাবেই অসমত ধান-মাহ, সৰিয়হ, মৰাপাট আদি নিচেই কম আয়াসতে প্ৰচুৰ উৎপাদন হয়। অসম কৃষিপ্রধান ৰাজ্য হোৱাৰ মূলতে ব্রহ্মপুত্র। ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী, ধুবুৰী আদি অসমৰ কেবাখনো প্রখ্যাত নগৰ ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। ১৯৫০ চনৰ ভূমিকম্পত ইয়াৰ তলিভাগ দাং খাই অহাৰ কাৰণে জাহাজ চলাচলত অসুচল হ’ল।
ইমানবোৰ উপকাৰ কৰিলেও ব্ৰহ্মপুত্ৰৰ এটা ভয়াবহ ৰূপো আছে। বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ পানীৰে উপচি পৰে আৰু উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে। ভূঁইকঁপৰ ফলত নদীৰ তলি দাং খোৱা হেতুকে ইয়াৰ পানী ধাৰণৰ ক্ষমতা কম হৈছে আৰু সেয়ে প্ৰতি বছৰে প্ৰৱল বানপানী হোৱা দেখা গৈছে। গৰাখহনীয়াই ডিব্ৰুগড় নগৰৰ একাংশ ধ্বংস কৰিছে।
বর্তমান বিজ্ঞানৰ যুগ। চীনাসকলে হোৱাংহো নদীক নিয়ন্ত্ৰণ কৰি অভিশাপকে আশীবাদত পৰিণত কৰিলে। এনেস্থলত অসমীয়া তথা ভাৰতীয়সকলে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ একো কাৰণ থাকিব নোৱাৰে। আমি আশাকৰোঁ যে বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰৰ যত্নত অচিৰে এই কাম হৈ উঠিব। জালুকবাৰীৰ ওচৰত ‘শৰাইঘাট’ দলং আৰু নতুনকৈ নিৰ্মিত হোৱা শিলঘাটৰ ‘ক’লীয়া ভোমোৰা’ দলঙৰ উপৰিও উত্তৰ-পাৰৰ জন-সংযোগৰ সুবিধাৰ কাৰণে ডিব্ৰুগড়তো বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হয়।