বন মহোৎসৱ বন-ভোজ নহয়। আমাৰ চৰকাৰে আজি কেইবছৰমানৰপৰা বৃক্ষ ৰোপণত অধিক গুৰুত্ব দিছে। প্রতি বছৰে বৰ্ষাৰ প্ৰাৰ্ম্ভণিতে বন মহোৎসৱৰ নাম দি বৃক্ষ ৰোপণ-সপ্তাহ পালন কৰি আহিছে। পৰিকল্পিতভাবে গছ-গছনি ৰুই দেশৰ বন-সম্পদ বৃদ্ধি কৰাই অকল ইয়াৰ উদ্দেশ্য নহয়। এই উৎসৱৰ এটা গভীৰ তাৎপৰ্যও আছে।
অতি প্রাচীন কালৰপৰাই মানৱ সভ্যতাৰ ক্ৰমবিকাশত গছে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আদিম মানুহৰ মুখ্য সমস্যা আছিল অন্ন আৰু বস্ত্ৰৰ। গছেই তাক সমাধান কৰিছিল—গছৰ ফল মানুহৰ অন্ন, পাত-ব্যঞ্জন, ছাল—বস্ত্ৰ আৰু শুকান ডাল-পাত—খৰি। গছৰ খোৰোং, ডাল আদিম মানুহৰ আশ্রয়-স্থল। প্ৰথমতে গছৰ ডাল-পাতেৰেই মানুহে ঘৰ সাজিবলৈ লয়, নৈ আৰু সাগৰপৰীয়া লোকে গছ কাটি নাও সাজিবলৈ শিকে।
গছ সৌন্দর্যবর্ধক আৰু চিন্তা-উন্মেষক। গছ-গছনিৰ নৈসর্গিক শোভাই সাধাৰণ লোককো মুগ্ধ কৰে। অকণমানি গুটি এটাৰপৰাই ওপজা ডাল-পাত প্ৰসাৰিত বিস্তৃত গছজোপালৈ আঙুলিয়াই দি উপনিষদৰ ঋষিয়ে শিষ্যবৰ্গক সৃষ্টি-তত্ত্বৰ ৰহস্য বুজাই দিছিল।
জীৱ-জগৎ আৰু উদ্ভিদ-জগৎ পৰস্পৰ পৰিপূৰক। মাটি আৰু বতাহক জীবৰ উপযোগী কৰি ৰখাত গছ-বিৰিখৰ ভূমিকা অপৰিহাৰ্য। গছে মাটিক জীপাল কৰি ৰাখে, নৈৰ সোঁত, বানপানী, বৰষুণ আদিৰপৰা হোৱা ভূমিস্খলন-ক্ষৰণক বাধা দিয়ে। বায়ুমন্ডল শীতল কৰি ৰাখি বৰষুণ হোৱাত সহায় কৰে। জীৱ-জন্তুৱে নিশ্বাসত উলিয়াই দিয়া ‘কার্বনডাই-অক্সাইড’ গছে ধাৰণ কৰি তাৰ পৰিবৰ্তে জীৱৰ জীৱনস্বৰূপ ‘অক্সিজেন’ গেছ উলিয়াই দিয়ে। মুঠতে পৃথিৱীত যিমানবোৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আছে, সেইবোৰ আটাইৰে উমৈহতীয়া আৰু আটায়ে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল—ইয়াকেই বিজ্ঞানীসকলে ‘ইকো চিষ্টেম’ বুলি কয় আৰু এই ‘ইকো চিষ্টেম’ৰ কাৰণেই জগৎ বৰ্তি আছে।
কিন্তু এই ‘ইকো-চিষ্টেম’ ধ্বংস কৰি এতিয়া মানুহেই মানুহৰ মৃত্যু আহ্বান কৰাৰ উপক্ৰম কৰিছে। যান্ত্রিক সভ্যতাত আগবঢ়া পৃথিৱীৰ ভালেমান দেশত আজি-কালি বিশুদ্ধ বতাহ আৰু বিশুদ্ধ পানী পোৱাটো এটা সমস্যা হৈ পৰিছে। কাৰখানাৰপৰা ওলোৱা বিষাক্ত গেচ আৰু ধোঁৱাবোৰ কুঁৱলীৰ লগত মিহলি হৈ ‘স্মগ’ তৈয়াৰ হয়, যাৰ ফলত সেই অঞ্চলত গছ-গছনি একো হ’ব নোৱাৰে। যান-বাহনৰ ফলতো বায়ুমন্ডল দূষিত হয়। মটৰ-গাড়ীয়ে উলিয়াই দিয়া ধোঁয়া স্বাস্থ্যৰ পক্ষে বৰ অনিষ্টকাৰী।
গছ-বিৰিখ, পর্বত-পাহাৰ কাটি-ভাঙি সমান কৰাৰ বাবে আজি-কালি আমাৰ দেশৰ ঘাইকৈ আমাৰ অসমৰ জলবায়ুৰ ভালেখিনি পৰিৱৰ্তন হৈছে। বতৰত বৰষুণ নহৈ অবতৰত বৰষুণ বেছি হোৱা, জীৱ-জন্তু, মাছ-কাছ আদি কমি অহা আৰু কোনো কোনো চৰাই-চিৰিকটি সম্পূৰ্ণ বিলুপ্ত হোৱাৰ ইও এটা কাৰণ।
সৌভাগ্যৰ কথা যে মানুহে আজি ইয়াক উপলব্ধি কৰিব পাৰিছে। পৃথিৱীক বচাবলৈ হ’লে মানুহৰ এতিয়া প্ৰধান কৰ্তব্য হৈছে—জন্ম নিয়ন্ত্ৰণ আৰু বৃক্ষ ৰোপণ। এই পৰিস্থিতিলৈ চাই আমাৰ দেশত বন মহোৎসৱৰ প্ৰৱৰ্তন কৰাটো বেছ সময়োচিত আৰু অতিশয় তাৎপর্যপূর্ণ হৈছে।