সদায় একে খাদ্যকে খোৱা, সদায় একে কামকে কৰা আমনিদায়ক; অর্থাৎ একে ধৰণৰ জীৱন যাপন কৰি মানুহৰ আমনি লাগে। অথচ মানুহে এইদৰে চলিলেও নহয়। এই আমনি দূৰীকৰণৰ বাবে মানুহে মাজে-সময়ে সাময়িকভাৱে কামৰপৰা অব্যাহতি লৈ ভ্ৰমণ কৰিবলৈ বা কোনো উৎসৱাদিত যোগ দিবলৈ যায়, ইষ্ট-কুটুম্বৰ খবৰ কৰে আৰু কেতিয়াবা বন-ভোজ, প্ৰীতি-ভোজ আদিৰ আয়োজন কৰে। এনেবোৰ সাময়িক আমোদ-আহ্লাদে গতানুগতিক জীৱনৰ অৱসাদ দূৰ কৰি মানুহৰ মনত উদ্যম আৰু কৰ্ম-প্ৰেৰণা যোগায়।
বর্তমান কালত আগতকৈ মানুহৰ জীৱনত বৈচিত্ৰ্যৰ অভাৱ বেছি হৈছে, জীৱন তেনেই গতানুগতিক হৈ পৰিছে—বিশেষকৈ চাকৰীজীৱী লোকৰ জীৱন। সেইবাবে এনে লোকে অন্ততঃ আন নহ’লেও মাজে-সময়ে একেটা বন-ভোজৰ আয়োজন কৰে। এওঁলোকক দেখি আকৌ গাঁৱৰ মানুহ, স্কুলৰ ছাত্ৰ-ছাত্ৰী আদিয়েও বন-ভোজ খাবলৈ যায়। যাতায়াতৰ সা-সুবিধা ঘাইকৈ মটৰ-বাচৰ চলাচল সুচলৰ বাবেও বন-ভোজৰ প্ৰৱণতা বেছি হৈছে। ফলত, বছৰৰ এটা সময়ত নগৰে-চহৰে, গাঁৱে-ভূঞে বন-ভোজৰ বেছ ধূম হোৱা দেখা যায়।
সাধাৰণতে শীতকালতেই বন-ভোজৰ ব্যৱস্থা কৰা হয়। জহকালি মানুহৰ ক্লান্তি-অৱসাদ বেছি হয়, ওলোৱা-সোমোৱা কৰিবলৈ ইচ্ছা নোহোৱা হয় ; মহ-ডাঁহৰ উপদ্ৰৱ বেছি হয়, বৰষুণৰ কাৰণে থল-জল বোকা-পানীৰে লেতেৰা হয়, হাবি-বননিও বেছি হয়। ইফালে খোৱা বস্তু বাহানি—মাছ-মাংস, গাখীৰ-পাচলি আদি কঢ়িয়াই নিওঁতে বেয়া হোৱাৰো আশংকা থাকে। জাৰকালি কিন্তু এইবোৰ অসুবিধা নাথাকে। বতৰ প্ৰায়েই ফৰকাল থাকে, সেইবাবেই শীতকালডোখৰ বন-ভোজৰ কাৰণে প্ৰশক্ত সময়। আঘোণ, পুহ আৰু মাঘ মাহতেই সচৰাচৰ বন-ভোজৰ আয়োজন বেছি হয়।
বন-ভোজৰ কাৰণে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, নিৰ্জন নৈ-পাৰ, বিতোপন পৰ্বতীয়া ঠাই, পৱিত্ৰ তীৰ্থস্থান বা নিজঞ্জাল প্রাচীন কীর্তি-চিহ্ন থকা ঠাই বাছি লোৱা হয়। অসমৰ কাজিৰঙা, মানাহ, গৰমপানী, বশিষ্ঠাশ্ৰম, সোণাপুৰ, গেলাম্পো, বগামাটি আদি সকলোৱে জনা-শুনা বিধৰ বন-ভোজ খোৱা ঠাই।
দেওবাৰ কিম্বা তেনে অন্য কোনো বন্ধৰ দিনত চাকৰিয়াল লোকে আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে বন-ভোজৰ দিন থিৰ কৰে। বন-ভোজৰ কাৰণে লগা বয়-বস্তু আগদিনাখনেই জা-যোগাৰ কৰি ৰখা হয় আৰু নিৰ্দিষ্ট দিনত বাচ বা টেক্সিৰে পুৱতি নিশা বা উপজি-পুৱাতে যথাস্থানলৈ যাত্ৰা কৰা হয়। বস্তু-বাহানিৰ উপৰিও ৰং-ধেমালি কৰিবৰ বাবে গান-বাজনা আৰু খেলা-ধূলাৰ আহিলা-পাতিও নিয়া হয়। ‘মাইক’ আজি-কালি বন-ভোজৰ অপৰিহাৰ্য অংগ যেন হৈ পৰিছে। নিৰ্দিষ্ট স্থান গৈ পালে, তাৰে সুবিধাজনক ঠাই এডোখৰ অঁতাই লৈ ৰন্ধাবঢ়াৰ দিহা কৰা হয়। ৰন্ধা-বঢ়া কাম চলি থাকোতেই বা সুবিধা হ’লে তাৰ আগতেই প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ গোটেই ঠাইখন বা যিমান দূৰ পাৰি পৰিভ্ৰমণ কৰা হয়।
পিছত আটায়ে খাই-বৈ উঠি জিৰণি লয় আৰু জিৰণিৰ সময়তে গীত-পদ গাই, মাইকত ভাল ৰেকৰ্ড বজাই নাইবা তাচ-পাশা-কেৰম আদি খেলি নানান আমোদ-আহ্লাদ কৰা হয়। আবেলি বাচন-বৰ্তনাদি সকলো বস্তু বাছ-মটৰত তুলি লৈ ওলোটা যাত্ৰা আৰম্ভ কৰে। যাওঁতে আৰু আহোঁতে বাছ-মটৰতো নানান গীত-পদ গাই ধেমালি-স্ফূৰ্তি কৰা হয়।
এনেকৈয়ে বহু আকাঙ্ক্ষিত বন-ভোজৰ সামৰণি পৰে। ঘামকালি হঠাৎ নামি অহা বৰষুণজাকে শৰীৰ শীতল কৰাৰ নিচিনা গতানুগতিক কামত সদায় ব্যস্ত হৈ থকা নীৰস জীৱনলৈ খন্তেকীয়া বন-ভোজেও আনন্দৰ ধল নমাই আনে। পিছে বন-ভোজৰ এটা বেয়া দিশো আছে। বহু সময়ত স্ফূৰ্তি-তামাচাৰ আতিশয্যত বন-ভোজ খাবলৈ যোৱা দলবোৰে সংযম-সীমা চেৰাই যায়। বন-ভোজ খাবলৈ যোৱা বাচ-মটৰবোৰ প্ৰায়ে দুৰ্ঘটনাত পতিত হোৱা দেখা যায়—যাৰ ফলত সকলো সুখ-আনন্দ মাটি হৈ যায়। কেতিয়াবা ইটো-সিটো দলৰ মাজত কাজিয়া হোৱাও দেখা যায়। অসময়ত মাইক বজাই, গান বাজনা বা হাইহট্টগোল কৰি চুবুৰীয়াৰ শান্তি ভংগ কৰাটো নিয়মত পৰিণত হোৱাদি হৈছে।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বন-ভোজৰ আৱশ্যকতা কিমান-দূৰ আছে সিও ভাবিবলগীয়া। সচৰাচৰ পৰীক্ষাৰ ওচৰ চাপি অহাৰ সময়খিনিতে বন-ভোজৰো ভিৰ হয়। ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ মাছুল, সৰস্বতী পূজাৰ চান্দা, ভাওনা-সৱাহৰ বৰঙণি দিওঁতে দুখীয়া অভিভাৱকৰ বহু টকা খৰচ হয়। তাতে আকৌ একোটা পৰিয়ালৰ ৩/৪ জন ল’ৰা-ছোৱালীক বন-ভোজৰ কাৰণে পইচা দিব লাগিলে দুখীয়া অভিভাৱকৰ মূৰত ৰাম-টাঙোন মৰাৰ নিচিনা হয়গৈ। তাৰ সলনি বৰং শিক্ষামূলক ভ্ৰমণহে ছাত্ৰ-ছাত্ৰীৰ বেছি প্ৰয়োজনীয়। ইয়াৰ উপৰিও বন-ভোজবোৰত মদ, ভাং আদি খোৱা, অশ্লীল মাত মতা আদি ছাত্র, বয়স্ক লোকৰ কাৰণেও অশোভন কার্য। এনে কাম কেতিয়াও কৰা উচিত নহয়।