পুথি-ভঁৰালসমূহত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দর্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা ৰকমৰ পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথি-ভঁৰাল সাধাৰণতে দুই ধৰণৰ—ব্যক্তিগত ‘ঘৰুৱা পুথি-ভঁৰাল’ আৰু ‘ৰাজহুৱা পুথি-ভঁৰাল’। ৰাজহুৱা পুথি-ভঁৰালবোৰত সকলো বিধৰ পুথিকে ৰখা হয় আৰু সকলোৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। ‘চলন্ত পুথি-ভঁৰাল’ বুলি আৰু এবিধ পুথি-ভঁৰালো আছে, যাক জনসাধাৰণৰ মাজত শিক্ষা প্ৰচাৰৰ কাৰণে চৰকাৰৰদ্বাৰা পৰিচালনা কৰা হয়।
মানুহৰ জ্ঞান পুথিৰ পাতত সঞ্চিত হয় ; সেয়েহে জ্ঞানান্বেষী মানুহে অতীত কালৰপৰাই পুথি-ভঁৰাল পাতি জ্ঞান সাধনাৰ বাট মোকোলাইছিল। পুৰণিকালৰ মঠ-মন্দিৰ, তীর্থস্থান আদিত বিভিন্ন বিষয়ৰ পুথি সংৰক্ষণ কৰা হৈছিল। আমাৰ দেশৰ থান-সত্ৰ আৰু নামঘৰবোৰতো ভালেমান পুৰণি কিতাপ-পুথি থূপতে পোৱা যায়। প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ নাম উল্লেখযোগ্য। এনে পুথি-ভঁৰালসমূহৰ ভিতৰত লন্ডনৰ ব্ৰিটিছ মিউজিয়াম লাইব্ৰেৰী, ফৰাচীৰ বিব্লিওথিক নেচনেল লাইব্ৰেৰী, ৰাচিয়াৰ মস্কো মহানগৰীৰ পুথি-ভঁৰাল আৰু কলিকতাত থকা আমাৰ ভাৰতৰ নেচনেল লাইব্ৰেৰীৰ নাম উল্লেখ কৰিব পাৰি।
পুথি-ভঁৰালবোৰৰ যথেষ্ট উপকাৰিতা আছে। বিশেষকৈ জ্ঞান আৰু শিক্ষা বিস্তাৰত ইয়াৰ বৰঙণি অতুলনীয়। সকলো মানুহে স্কুল-কলেজত পঢ়ি জ্ঞান আহৰণৰ সুযোগ নাপায় আৰু স্কুল-কলেজত শিক্ষা পোৱা লোকৰো চৰ্চাৰ অভাৱত বিদ্যা ক্রমে হ্রাস হয়। ৰাজহুৱা পুথিভঁৰালৰ সুযোগ গ্ৰহণ কৰি শিক্ষিতসকলে জ্ঞান-চৰ্চা অব্যাহত ৰাখিব পাৰে। স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়ৰ পুথি-ভঁৰালসমূহে ছাত্ৰ-ছাত্ৰীৰ বৰ উপকাৰ কৰে। আজি-কালি স্কুলকলেজবোৰত ‘বুক বেংক’ৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্য-পুথিৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
পুথি-ভঁৰালৰ উপকাৰিতা বুজিয়ে সম্প্ৰতি আমাৰ মাজত পুথি-ভঁৰাল স্থাপনৰ কাৰণে কিছু আগ্ৰহ জন্মিছে। আমাৰ চৰকাৰে জিলা আৰু মহকুমাৰ সদৰ ঠাইত একোটাকৈ পুথি-ভঁৰাল স্থাপন কৰিছে। সমূহীয়া উন্নয়ন খন্ড আৰু ৰাজ্যিক সামাজিক বিভাগৰদ্বাৰা বছা বছা গাঁও কিছুমানতো পুথি-ভঁৰাল স্থাপন কৰা হৈছে। তথাপি গাঁৱৰ আৰু স্কুলৰ পুথিভঁৰালসমূহৰ সুযোগ জনসাধাৰণ আৰু ছাত্ৰ-সমাজে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পৰা নাই—উপযুক্ত পৰিচালনাৰ অভাৱেই ইয়াৰ কাৰণ।
স্কুলৰ পুথি-ভঁৰালসমূহৰো কিতাপ দিয়া ব্যৱস্থা বৰ ভাল নহয়। একোজন শিক্ষকৰ ওপৰত পুথি-ভঁৰালৰ দায়িত্ব অর্পণ কৰা হয়, কিন্তু অতিৰিক্ত শিক্ষক নথকা বাবে তেওঁলোকে সুচাৰুৰূপে এই দায়িত্ব পালন কৰিব নোৱাৰে। কলেজৰ নিচিনা স্কুলৰ পুথি-ভঁৰালসমূহতো পুথিভঁৰাল পৰিচালনাৰ জ্ঞান থকা নিগাজি পুথি-ভঁৰালী নিয়োগ কৰিব লাগে আৰু গাঁৱলীয়া পুথি-ভঁৰালবোৰৰ দায়িত্বও চৰকাৰে সম্পূৰ্ণ বহন কৰি তাৰ পুথি-ভঁৰালীসমূহক বেতন আৰু প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেহে এই পুথিভঁৰালসমূহৰপৰা যথোচিত সুফল পোৱা যাব।