ভাৰতত যিবোৰ উৎসৱ পালন কৰা হয়, তাৰ ভিতৰত দুর্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজাও বোলে। কোনো কোনোৱে এই উৎসৱটোক শাৰদীয় উৎসৱ বুলিও অভিহিত কৰিছে। প্ৰকৃতিক ভাল পোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে। কাৰণ বাৰিষাৰ আকাশৰপৰা ঘনঘোৰ ক’লীয়া ডাৱৰবোৰ আঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু নিৰ্মল। বাৰিষাৰ বোকা-পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি, পদুম, ভেঁটফুল আদিয়ে। বৰ্ষাত মৰহি যোৱা দূৱৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে; তাতে নিয়ৰৰ টোপাল পৰি দিনমণিৰ শুভ পোহৰত মুকুতা জিলিকাদি জিলিকে। প্ৰকৃতিৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি। মানুহৰ এনে মন-মুক্তিতে তেওঁলোকে পাতে শাৰদীয় পূজা।

দেৱী দুর্গা প্রাণদায়িনী, অন্নদায়িনী। তেওঁ মহিমাৰে দেৱীস্বৰূপা, তেওঁ মাতৃত্বেৰে মাতৃস্বৰূপা। তেওঁক এক অনন্ত সম্ভাৱনাৰে, অনন্ত শক্তিৰে যৌৱনময়ী নাৰী মূৰ্তিৰূপে বৈদিক যুগৰপৰাই ধ্যান-ধাৰণা কৰি অহা হৈছে। এই পূজাক এফালে মাতৃপূজা, আনফালে পৃথিৱীপূজা বুলি ক’ব পাৰি। কাৰণ পৃথিৱীক আমি বসুন্ধৰা মাতৃ বুলি জ্ঞান কৰোঁ। গতিকে তেওঁ পৃথিৱী দেৱী।

শাৰদীয় দুর্গাপূজা শক্তিৰ উপাসনা মাথোন। তেওঁ প্ৰাণদায়িনী আৰু সংহাৰকাৰিণী তথা ৰক্ষাকাৰিণী। এই দুই শক্তিৰ তেওঁ মূল উৎস। শৰৎ শস্যেৰে ভৰা ঋতু। শস্য আমাৰ প্ৰাণ। দেৱীয়ে শস্য ৰক্ষা কৰি আমাক জীয়াই থকাৰ সম্বল যোগায়; সেই দেখি তেওঁ আমাৰ প্রাণদায়িনী। ব্যাধি, ত্রাস, সংকট আৰু আসুৰিক শক্তি তেওঁ সংহাৰ কৰে; সেই দেখি তেওঁ সংহাৰকাৰিণী বা নানা বিপদৰপৰা তেওঁ আমাক ৰক্ষা কৰে বাবে তেওঁ ৰক্ষাকাৰিণী। তেওঁৰ সোঁফালে থাকে ধন-সম্পদৰ গৰাকী লক্ষ্মী। তেওঁ আমাৰ ভাগ্যলক্ষ্মী। বাঁওফালে থাকে শুভ্ৰবসন পৰিধানাৰিণী বাগ্‌দেৱী বীণাপাণি। সকলো বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী। সর্বসিদ্ধি দাতা গণেশ আৰু দেৱতাসকলৰ সেনাপতি বলৰূপী কাৰ্তিক দেৱী দুৰ্গাৰ ক্ৰমে সোঁফালে আৰু বাঁওফালে থাকে। দুৰ্গাদেৱী সিংহৰ ওপৰত এখন ভৰি দি থাকে আৰু আনখন মহিষাসুৰক দমন কৰি সেই অসুৰৰ বুকুত ত্রিশুল বহুৱাই জগতৰ যেন সকলো আসুৰিক ভাবক সংহাৰ কৰিছে। তেওঁ বহু ভুজা, তেওঁ অস্ত্ৰধাৰিণী, তেওঁ মহিষমর্দিনী।

শোভাযাত্রাই উৎসৱৰ শেষ আনন্দ। এই আনন্দৰ দিনতে দেৱীৰ নামত বিভিন্ন ধ্বনি, গীতমাতেৰে তেওঁক কোনো জলাশয়ত বিসর্জন দি পূজাৰ সামৰণি মাৰে।

দুর্গাপূজাৰ দৰে সৰস্বতী পূজাত বেছি জাকজমকতা বা ধূপ-ধূপালনি নাই যদিও এই পূজাত ছাত্ৰ-ছাত্ৰীৰ অন্তৰত এক পৱিত্ৰ ভাবে ঠাই পায়। দেৱীৰ শুক্ল পৰিধানে, তেওঁৰ ৰঞ্জিত হাতত থকা বীণা আৰু কিতাপে, তেওঁৰ ভৰিৰ তলত থকা শুভ্র পদুম পাহে আৰু ওচৰতে নীলা পানীত চৰি থকা শুভ্ৰ শুকুলা হাঁহজনীয়ে বিদ্যাৰ্থীৰ মনত এক শান্ত সৌন্দৰ্যৰ ৰেখাপাত কৰে। জ্ঞান আৰু বিদ্যাৰ প্ৰতি শিক্ষাৰ্থীৰ অন্তৰত ধাউতি জন্মায়। শিক্ষক বা গুৰুজনাৰ প্ৰতি শ্রদ্ধাভাৱৰ উদ্রেক হয়। ছাত্ৰই পৰস্পৰে পৰস্পৰক ভাতৃত্বৰ ডোলেৰে আঁকোৱালি লোৱাৰ সুবিধা পায়। দেৱীৰ পূজা-অৰ্চনাৰ কামৰ মাজেদি ছাত্ৰই আদৰ্শ ল’ব পাৰে সমাজ সেৱাৰ আৰু জাগ্ৰত কৰে তেওঁলোকৰ কোমল অন্তৰত থকা কৰ্মচেতনা।

Categorized in: