ঈদ্ মুছলমানসকলৰ পৰ্ব। ই আৰবী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ খুচি বা আনন্দ। ঈদ্ দৰাচলতে দান আৰু মিলনৰ পৰ্ব। দুখীয়াসকলক দান-দক্ষিণা কৰি সকলোৱে খুচি সংযমিত হৈ এক ভাতৃত্বভাৱত একেলগে ভগৱানক প্ৰাৰ্থনা কৰি পোৱা ই এক পৱিত্ৰ মিলনানন্দৰ উৎসৱ। ঈদ্ উৎসৱ দুটা—এটা ঈদ্-উল্‌-ফিটৰ আৰু আনটো ঈদ্-উজ্‌-জহা বা বকৰ্ ঈদ্।

ঈদ-উল-ফিটৰ

ঈদ শব্দটিৰ নিচিনা ফিটৰ শব্দটিও আৰৱী শব্দ। মুছলমান শাস্ত্ৰৰ বিধানমতে এই উৎসৱৰ দিনাখন যোত্ৰৱান প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণ দুখীয়া-নিছলাক খুচি মতে দান কৰিব লাগে। এনেকৈ কৰা দানকে ‘ফিটৰ’ বোলা হয়। ঈদ-উল্‌-ফিটৰ শব্দৰ অৰ্থ হ’ল এইদৰে ফিটৰ অৰ্থাৎ দান দি লাভ কৰা আনন্দ উৎসৱ।

মুছলমানসকলে চান্দ্ৰমাহ মতে বছৰ গণনা কৰে। এক শুক্লা প্রতিপদৰপৰা এক অমাৱস্যালৈকে হোৱা এটা মাহকে চান্দ্ৰমাহ বোলে। চাবান, ৰজান, চাৱাল, হিল্কদ, হিল্‌হজ আদি এনেকুৱা একোটা চান্দ্ৰমাহ। ইয়াৰে ‘ৰম্‌জান’ মাহটো মুছলমানসকলৰ কাৰণে বৰ পৱিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হজৰত মহম্মদে হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থাকোঁতে আল্লা বা ভগৱানৰ বাণী শুনে। ভগৱান বা আল্লাৰ এই বাণীকে মহম্মদে জনগণক শুনায়। মহম্মদৰ মুখেৰে ব্যক্ত হোৱা আল্লাৰ এই বাণীয়েই ‘কোৰাণ শ্বৰীফ’। গতিকে এই মাহটো কোৰাণ শ্বৰীফ আৱির্ভাব হোৱা মাহ। মুছলমানসকলে এই মাহটো ওৰে-দিন উপবাসে থাকি খুচি-সংযমিত হৈ চলে।

মাহৰ এই উপবাসক ৰোজা ৰখা বোলে। এইদৰে এমাহ ৰোজা ৰাখি পিছৰ চাৱাল মাহৰ প্ৰথম জোন দেখা দিয়াৰ দিনা দুখীয়া-গৰীৱক ফিটৰ দি খুচিমনে মুছলমানসকলে একেলগে মুকলি পথাৰত নামাজ পঢ়ে। নামাজৰ অন্তত সকলোৱে মৰম-প্ৰীতি আৰু শ্ৰদ্ধা-ভক্তি আদান-প্রদান কৰি ভাতৃভাৱত মিলি গৈ পৰম আনন্দ লাভ কৰে।

ঈদ্-উল্‌-ফিটৰৰ তাৎপর্য অতি মহান। সংযম, শুচিতা, ভাতৃত্ব, সমাজবাদ তথা মানৱতা আৰু আল্লাৰ ওচৰত একান্ত বিশ্বাস স্থাপনেই ইয়াৰ লক্ষ্য।

ঈদ-উজ্‌-জহা (বকৰ্-ঈদ্)

ঈদ্-উল-ফিটৰৰ নিচিনা ঈদ-উজ্‌-জহাও বিশ্বৰ মুছলমানসকলৰ এটা পৱিত্ৰ আনন্দ উৎসৱ। বিশ্বৰ বিভিন্ন ঠাইৰপৰা হজযাত্ৰীসকল গৈ সেইদিনা আৰৱৰ আৰ্ফা নামৰ মুকলি পথাৰত সমৱেত হৈ নামাজ পঢ়ি অন্তৰ পৱিত্ৰ কৰে। সকলোৱে কোলা-কুলি কৰি উদাৰ ভাতৃভাৱত উদ্বুদ্ধ হয়। বিশ্বৰ আন আন মজিদৰ সম্মুখৰ মুকলি প্রাঙ্গণতো নামাজ পঢ়ি অন্তৰ পৱিত্ৰ কৰিবলৈ আল্লাৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনোৱা হয়।

এই উৎসৱ জিল্‌হজ মাহৰ দহ তাৰিখে পালন কৰা হয়। জিল্‌হজ আৰৱী বছৰৰ শেহৰ চান্দ্ৰমাহ। হজৰত মহম্মদৰ পূৰ্ব-পুৰুষ হজৰত ইব্রাহিমে আল্লাৰ ওচৰত নিজ পুত্ৰক ‘কোৰবানি’ কৰিবলৈ ওলোৱা ঘটনাৰ সোঁৱৰণি স্বৰূপে এই উৎসৱ পালন কৰা হয়। ইব্রাহিম আল্লাহৰ পৰম ভক্ত আছিল। এদিন সপোনত আল্লাহই তেওঁক আদেশ কৰে যে তেওঁ নিজৰ অতি মৰমৰ কনিষ্ঠ পুত্ৰ ইছমাইলক আল্লাহৰ নামত কোৰবানি কৰিব লাগে। সপোনত পোৱা আল্লাহৰ আদেশমতে ভক্ত ইব্রাহিমেও পুতেক ইছমাইলৰ গলত ছুৰিকাঘাত কৰি কোৰবানি কৰিবলৈ উদ্যত হয়। ঠিক সেই মুহূর্ততে পুনৰ আল্লাৰ আদেশ হয়—“ইব্রাহিম তুমি ধন্য। ধন্য তোমাৰ মোৰ প্ৰতি থকা প্ৰেম। তুমি মোৰ পৰীক্ষাত উত্তীৰ্ণ হৈছা। এতিয়া ইছমাইলৰ পৰিৱৰ্তে এটা ডুম্বা বা মেৰ ছাগলী কোৰবানি কৰা।”

ইব্রাহিমৰ এই ত্যাগৰ কাহিনী সুঁৱৰি এই উৎসৱৰ দিনা আজিও আল্লাৰ নামত উট-ডুম্বা আদি কোৰবানি কৰি সংসাৰৰ মায়া-মোহ আদিৰপৰা নিজক মুক্ত কৰিবলৈ বিশ্বৰ মুছলমানসকলে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায়। দৰাচলতে ঈদ্-উজ্‌-জহা বা বকৰ্-ঈদ্ ত্যাগৰ উৎসৱ। আল্লাৰ অনুগ্ৰহ পাবলৈ হ’লে যে নিজ পুত্ৰৰ নিচিনা প্ৰিয়তমজনৰ মায়াকো ত্যাগ কৰিব লাগে, এয়ে এই উৎসৱৰ তাৎপর্য।

Categorized in: