বিহুৱান নকুলচন্দ্ৰ ভূঞা ৰাঙলী হে চাঙলী হে বহাগৰ বিহুৰে ধেমালি হে।। মইনাৰ বায়েকৈ পাণকটা ফুলেৰে ৰঙা শেৱলৰ গামোচাখনি। মেৰিয়াই দিলোহি মইনাৰ ডিঙিতে ব’হাগৰ বিহুটি বুলি।। ত’তে দেখিলে এখেতে চিনিলে সেইযুগি মইনাৰ ভৰি।
বিহু নিমন্ত্ৰণী নিৰ্মলপ্ৰভা বৰদলৈ টেঙালি গাঁৱৰ ৰাঙলী ভনীয়ে ৰঙালী বিহুলৈ’ বুলি নাহৰ পাতৰ তুলাপাতখনিত চিঠি লিখিছিলে কালি। বাইদেউ তুমি দুৱতে থাকানে ঘৰলৈ’ জানো নাহ’? টাউনৰ বিহুত কিটানো দেখিবা আঁহচোন ইয়াতলৈ আঁহা। আইতাই সাঁচিছে বিহুৰে গামোচা দুৱাৰে ফুলেৰে পাৰি দেৱতাই আনিছে…
বিহু আদৰনি – মিত্ৰদেৱ মহন্ত শুনা ঐ চ’তাই পেঁপাটি বজাই ৰঙালীক আহাঁ লৈ। পদুলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ।। আনিলোঁ জেতুকা আনিলোঁ থেৰেজু আনিলোঁ বৰ্হমঠুৰি। মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা পেলালোঁ জুৰি।। আনিলোঁ হালধি থেকেৰা বেঙেনা সাজিলোঁ বাঁহত…