বিহু আদৰনি – মিত্ৰদেৱ মহন্ত
শুনা ঐ চ’তাই
পেঁপাটি বজাই
ৰঙালীক আহাঁ লৈ।
পদুলি মুখত
বাট চাই চাই
থাকিম কিমান ৰৈ।।
আনিলোঁ জেতুকা
আনিলোঁ থেৰেজু
আনিলোঁ বৰ্হমঠুৰি।
মাখিয়তী পাতে
তৰাৰ পঘাৰে
আওলা পেলালোঁ জুৰি।।
আনিলোঁ হালধি
থেকেৰা বেঙেনা
সাজিলোঁ বাঁহত চাত।
ঢোল টকা পেঁপা
সুগৰ কৰিলোঁ
সাৰিলোঁ চোতাল বাট।।
আয়ে কাটিলে
শালৰ গামোছা
আচুৰ ভমকা ফুল।
বায়ে আনি থ’লে
খোপালৈ বুলি
ৰচঙ্গা কপৌৰ ফুল।।
বহল পাতেৰে
নাহৰৰ ডালি
পিতাই আনিলে গৈ।
খুড়ীয়ে পাতিলে
মজিয়াত খোলা
তিল গুড় দিহা কৈ।।
আইতাই মছি
থাপনাৰ আগ
থৈছে সেন্দূৰী কৈ।
নৰ’বা চ’তাই
কাবৌ কৰিছোঁ
আহা ৰঙালীক লৈ।।