বিহু আদৰনি
মিত্ৰদেৱ মহন্ত
শুনা হে চ’তাই
পেঁপাতি বজাই
ৰঙালীক আঁহা লৈ
পদুলি মুখত
বাট চাই চাই
থাকিম কিমান বৈ।।
আনিলোঁ জেতুকা
আনিলোঁ খেৰেজু
আনিলোঁ বহমুৰি।
মাধিয়তী পাতে
তৰাৰ পথাৰে
আওলা পেলালোঁ জুৰি।।
আনিলো হালধি
খেকোৱা বেঙেনা
সাজিলোঁ বাঁহত চাত।
চোল টুকা পেঁপা
মুগাৰ কবিলোঁ
মাৰিলোঁ চোতাল বাট।।
আৰে কাটিলে
শালৰ গামোচা
আঁহুৰ ভমকা ফুল।
বায়ে আনি থ’লে
খোপালৈ বুলি
বছা কপোৰৰ ফুল।।
বহল পাতেৰে
নাহৰৰ ডালি
পিতাই আনিলে গৈ।
খুৰিয়ে পাতিলে
মাজিয়াত খোলা
তিল গুড় দিয়া কৈ।
আইতাই মাচি
থাপনাৰ আগ
ঠেহে সেঁদুৰী কৈ।
নৰুৱা চ’তাই
কাব্য কবিছোঁ
আহা ৰঙালী লৈ।।