জ্যোতি! জ্যোতি মানে পোহৰ। সঁচাকৈয়ে জ্যোতিপ্ৰসাদ আমাৰ এক চিৰ-উজ্জ্বল পোহৰ—যি চিৰ-উজ্জ্বল পোহৰে আমাক আগবঢ়াই লৈ গৈছে এক মহান উজ্জ্বল ভৱিষ্যতৰ ফালে। তেওঁ আছিল সফল সুৰকাৰ, নাট্যকাৰ, গীতিকাৰ, স্থপতিবিদ্, নৃত্যবিদ্, কথাছবিৰ বিভিন্ন দিশৰ প্ৰতিভাৰ কুশলী লিখক আৰু বিপ্লৱী বীৰৰ জীৱন্ত প্রতিমূর্তি।
১৯০৩ চনত জ্যোতিয়ে জন্ম লাভ কৰে তামোলবাৰী চাহ-বাগিচাত। তেওঁৰ দেউতাক আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী। তেওঁলোকৰ আদিপুৰুষ ৰাজস্থানৰপৰা আহি অসমৰ তেজপুৰত বাস কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ গৈছিল। জ্যোতিৰ দেউতাকে ভালদৰে বেহেলা বজাব পাৰিছিল। মাকে সুন্দৰ আইনাম, বিয়ানাম আৰু নিচুকনি গীত গাইছিল। জ্যোতিয়ে সেউজীয়া ঘাঁহনিৰ ওপৰেদি দৌৰ মাৰি, জঁপিয়াই আৰু গছত উঠি বৰ ভাল পাইছিল। তেওঁ বৰ সাহসী আছিল।
জ্যোতিয়ে সাত-বছৰ বয়সতে তেজপুৰৰ হাইস্কুলত পঢ়িছিল ; পিছে দেউতাকে ডিব্ৰুগড়ত থকা বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালা আৰু খুৰাক আনন্দচন্দ্ৰ আগৰৱালাৰ ওচৰলৈ পঠিয়াই দিয়ে। ইয়াৰ পাছত উচ্চশিক্ষাৰ বাবে তেওঁ কলিকতালৈ গৈছিল যদিও সেই কলেজখন বন্ধ হৈ গ’ল। তেওঁ পুনৰ বৰদেউতাকৰ ওচৰলৈ আহি প্ৰেছৰ কাম শিকিলে আৰু উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যোৱাটোকে ঠিক কৰিলে। জ্যোতিয়ে বিলাত পালেগৈ, ‘এডিনবাৰ বিশ্ববিদ্যালয়’ত নাম ভৰ্তি কৰি সেই বিশ্ববিদ্যালয়ৰপৰাই মেট্ৰিক পৰীক্ষা দিয়ে আৰু পিছত এম.এ. পঢ়িবলৈ সংস্কৃত, দৰ্শন, বুৰঞ্জী, সংগীত আৰু অৰ্থনীতি লৈ পঢ়া আৰম্ভ কৰিলে। জ্যোতিৰ মন পিছত ঢাল খালে সংগীত আৰু বোল-ছবিৰ ফালে।
১৯৩০ চনত জ্যোতি জন্মভূমিলৈ উভতিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত দেশত স্বাধীনতা আন্দোলন পুৰাদমে চলিছে। জ্যোতিয়ে হাত সাৱটি বহি নাথাকিল। দেশোদ্ধাৰৰ কামত আন্দোলনত জঁপিয়াই পৰিল। পুলিচে তেওঁক ধৰিবলৈ নানা ষড়যন্ত্ৰ কৰিলে। ১৯৩২ চনত এটা অশুভ দিনত পুলিচৰ হাতত জ্যোতি ধৰা পৰিল। বিচাৰ হ’ল, শাস্তি হ’ল তেওঁৰ ১৫ মাহ সশ্রম কাৰাদণ্ড আৰু ৫০০ টকা জৰিমনা। জেলৰ ভিতৰতে জ্যোতিয়ে অসুখত ভোগাৰ কাৰণে চৰকাৰে তেওঁক মুক্তি দিব বিচাৰিলে, যদি তেওঁ কেতিয়াও আন্দোলনত যোগ নিদিওঁ বুলি প্রতিশ্রুতি দিয়ে। তাৰ উত্তৰ আছিল জ্যোতিৰ এনে ধৰণৰ—‘মৰিলে বেমাৰতে মৰিম, তথাপি বিদেশী চৰকাৰৰ ওচৰত দয়া-ভিক্ষা নকৰোঁ।’
১৯৪২ চনৰ আন্দোলনতো তেওঁ বিশেষ ভূমিকা লৈছিল। অসমীয়া মানুহক আন্দোলনত যোগ দিবলৈ জ্যোতিয়ে গান ৰচনা কৰিলে, তাৰ সুৰ দিলে—‘বিশ্ব বিজয়ী ন’জোৱান, বিশ্ব বিজয়ী ন’জোৱান, শক্তিশালী ভাৰতৰ, ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ।’ এইদৰে তেওঁ গীতৰ উপৰিও ‘শোণিত কুঁৱৰী’ আৰু ‘কাৰেঙৰ লিগিৰী’ নাট লিখি অসমীয়া সংগীতৰ এক অভিনৱ পুনৰুত্থান ঘটালে। দেশ-প্ৰেমত বুৰ গৈ তেওঁ ৰচনা কৰিলে ‘কনকলতা’, ‘অসমীয়া ল’ৰাৰ উক্তি’, ‘অসমীয়া ছোৱালীৰ উক্তি’ আদি জ্বলন্ত দেশ-প্ৰেমৰ কবিতা। শিশুৰ বাবে ৰচনা কৰিলে ‘ৰামায়ণৰ শিশু সংস্কৰণ’ আৰু ‘কুৰ্পূৰ সপোন’।
মহাত্মা গান্ধীৰ সৈতে ডেকা জ্যোতিপ্ৰসাদৰ সান্নিধ্য অতি মধুৰ। তেওঁ সংকীৰ্ণ দলীয় ৰাজনীতিৰ ওপৰত আস্থা ৰখা নাছিল, তেওঁ গান্ধীবাদ আৰু মার্কস্বাদৰ মাজত সমন্বয় বিচাৰিছিল। জ্যোতিৰ আন এটা বৈশিষ্ট্যপূৰ্ণ অৱদান অসমীয়া বোল-ছবি। ‘জয়মতী’ তেওঁৰ তথা অসমীয়া জাতিৰ প্ৰথম বোল-ছবি। আনখন ছবি তেওঁর ‘ইন্দ্ৰমালতী’। নানা কষ্ট কৰি দিনে-নিশাই খাটি জ্যোতিয়ে জয়মতীক ৰূপালী পদালৈ আনি অসমীয়া চিনেমা জগতৰ ভেটি স্থাপন কৰিলে।
অতি কম সময় জীয়াই থাকি ১৯৫১ চনত অসমীয়া জাতিক কন্দুৱাই জ্যোতি চিৰজ্যোতিৰ ৰূপ লৈ গুচি গ’ল। তেওঁ অসমৰ সংস্কৃতিৰ ‘বৰ নাম-ঘৰত’ সোণ-ৰূপৰ খুঁটি পুতি ৰাইজৰ অনুভুতিক এডাল এনাজৰীৰে বান্ধি থৈ গ’ল।