ব্ৰিটিছ যুগত অসমৰ দুগৰাকী কৃতী সন্তানে নিজ নিজ প্রতিভাৰ গুণত চৰকাৰী চাকৰিৰ উচ্চস্থানত অৱস্থান কৰিছিল। এবাৰ উচ্চপৰ্যায়ৰ বিষয়াসকলৰ এটা ভোজ-মেলত ভাৰতীয়ৰ আত্ম-সম্মানবোধত আঘাত পাই ভোজ-মেল ত্যাগ কৰাত কৰ্তৃপক্ষই শাস্তি হিচাপে দুয়োগৰাকী অসম-সন্তানক বেলেগ বেলেগ প্ৰদেশলৈ বদলি কৰিছিল। এজনক বংগদেশলৈ আৰু আনজনক উত্তৰ-পশ্চিম সীমান্ত প্রদেশলৈ। বংগদেশলৈ বদলি কৰা বিষয়াজন হ’ল অসমৰ সৰ্বপ্ৰথম আই.চি.এছ. আনন্দৰাম বৰুৱা আৰু উত্তৰ-পশ্চিম সীমান্তলৈ বদলি কৰা বিষয়াজনেই হ’ল ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমদৰ পূজনীয় পিতৃ কর্ণেল ড° জালনুৰ আলি আহমদ।
গোলাঘাট কছাৰী-হাটৰ কাজী খলিলুদ্দিন আহমদৰ পুত্ৰ কৰ্ণেল ড° জালনুৰ আলি আহমদে পিছত দিল্লী মহানগৰীত আস্তানা পাতে আৰু উর্দু সাহিত্যৰ মহাকবি মীর্জা গালিবৰ বংশত বিৱাহ কৰে। ইং ১৯০৫ চনৰ ১৩ মে’ তাৰিখত দিল্লীৰ এই দম্পতিৰ কোলালৈ প্ৰথম সন্তান আহে—ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমদ।
শান্ত-শিষ্ট আৰু তীক্ষ্ম মেধাৰ কিশোৰ ফখৰুদ্দিনে প্রাথমিক শিক্ষা লাভ কৰে দিল্লী আৰু উত্তৰ প্ৰদেশৰ গোন্ডাত। ১৯২১ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰপৰা প্ৰৱেশিকা পাচ কৰে আৰু কলেজীয়া উচ্চশিক্ষা লাভৰ বাবে ইংলেন্ডলৈ যায়। ১৯২৭ চনত ইতিহাসত এম.এ. পাচ কৰে আৰু ১৯২৮ চনত লন্ডনৰ ইনাৰ টেম্পলৰপৰা সুখ্যাতিৰে বাৰ্-এট্-ল পাছ কৰি ভাৰতলৈ উভতি আহে।
ডেকা বেৰিষ্টাৰ আলি আহমদে পোনতে পঞ্জাৱ উচ্চ ন্যায়ালয় আৰু কিছুদিন কলিকতা উচ্চ ন্যায়ালয়ত এডভোকেট হিচাপে ওকালতি কৰে। পিছত ইতিহাসৰ ছাত্ৰ ফখৰুদ্দিন আলি আহমদে ৰাজনৈতিক দূৰদৰ্শিতাৰে ভৱিষ্যতৰ উন্নতিকল্পে পিতৃ-ভূমি অসমলৈ পিতাকক লগত লৈ আহে। ১৯২৮ চনতেই আলি আহমদ অসম পায়হি। মহাত্মা গান্ধীৰ নীতি-আদৰ্শত অনুপ্রাণিত হৈ ১৯৩১ চনত ফখৰুদ্দিন আলি আহমদে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু আজীৱন সেই অনুষ্ঠানৰ লগত জড়িত থাকে।
১৯৩৭ চনত ফখৰুদ্দিন আলি আহমদ অসম বিধান-সভালৈ সদস্য নির্বাচিত হয়। সততা, নিষ্ঠা আৰু বিচক্ষণতাৰ গুণত আলি চাহাব লোকপ্রিয় গোপীনাথ বৰদলৈদেৱৰ আস্থাভাজন হৈছিল আৰু প্ৰাক্-স্বাধীন কালতেই বৰদলৈ মন্ত্ৰী-সভাৰ ৰাজহ বিভাগৰ মন্ত্ৰীপদ লাভ কৰিছিল। ১৯৪৬ চনত তেখেত অসমৰ এডভোকেট জেনেৰেলৰ পদত অধিষ্ঠিত হয়। ১৯৫৭ চনৰ বৰপেটা মহকুমাৰ জনীয়া বিধান-সভা সমষ্টিৰপৰা নিৰ্বাচিত হয় আৰু চলিহা মন্ত্রীসভাত বিত্ত মন্ত্ৰীৰ পদ লাভ কৰে।
১৯৬৬ চনত অসমৰ বিত্ত মন্ত্ৰীৰ পদ এৰি কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰি জলসিঞ্চন, বিদ্যুৎ আৰু শিক্ষা দপ্তৰৰ দায়িত্ব পালন কৰে। ১৯৬৭ চনত স্বাধীন ভাৰতৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰপৰা নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় ঔদ্যোগিক উন্নয়ন বিভাগৰ মন্ত্ৰী হয়। কেন্দ্রীয় মন্ত্রী-সভাত প্রায় এটা দশক কাল অসমৰ প্ৰতিনিধিত্ব কৰাৰ পিছত কেন্দ্ৰীয় খাদ্য-মন্ত্ৰীৰ পদত থাকোতেই ৰাষ্ট্ৰপতি নির্বাচিত হৈ ১৯৭৪ চনৰ ২৪ আগষ্টত ভাৰত গণৰাজ্যৰ পঞ্চমজনা ৰাষ্ট্ৰপতি হিচাপে এইগৰাকী অসম আইৰ সন্তানে নিজৰ লগতে অসমৰো গৌৰৱ বৃদ্ধি কৰে।
ফখৰুদ্দিন আলি আহমদ চাহাব চৰকাৰী আৰু বেচৰকাৰীভাৱে ৰাচিয়া, মার্কিন যুক্তৰাষ্ট্ৰ, আৰৱ গণৰাজ্য আদি বিশ্বৰ বহু দেশ ভ্ৰমণ কৰে। তেখেত এজন ভাল খেলুৱৈও আছিল—অসম ফুটবল আৰু ক্ৰিকেট সংস্থা আৰু নিখিল ভাৰত লন টেনিছ ফেডাৰেচনৰো সভাপতিৰ আসন তেখেতে অলংকৃত কৰিছিল। অসমীয়া ভাষা ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পোৱাত ফখৰুদ্দিন আলি আহমদৰ প্রয়াস উল্লেখনীয়।
মৃত্যুৰ দুদিনমান আগতেও তেখেতে মালয়েচিয়া ভ্ৰমণ কৰি আহি মৃত্যুৰ শীতল কোলাত ১৯৭৭ চনৰ ১৯ ফেব্ৰুৱাৰীত চিৰ নিদ্ৰাত শয়ন কৰে। ফখৰুদ্দিন আলি আহমদ চাহাব উদাৰ আৰু বহলমনা আছিল, সংকীর্ণ জাতীয়তাক তেখেতে প্রশ্রয় দিয়া নাছিল। জাতিয়ে সেয়েহে ফখৰুদ্দিন চাহাবৰ ১৩ মে’ৰ জন্ম-দিৱসক ‘জাতীয় সংহতি দিৱস’ ৰূপে গণ্য কৰিছে।