স্বৰ্গীয়া কবি নলিনীবালা দেৱীৰ নাম নুশুনা শিক্ষিত মানুহ অসমত নাই। অকল অসমতে নহয়, সৰ্বভাৰতীয় কবি হিচাপেও তেখেতৰ খ্যাতি আছে। ১৯৫৫ চনৰ জানুৱাৰীৰ ২৬ তাৰিখে দিল্লীত হোৱা সৰ্বভাৰতীয় কবি সম্মিলনীলৈ নিমন্ত্ৰিত হৈ তেখেত তাত কবিতা পাঠ কৰি তেতিয়াৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰু আৰু ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা সম্বৰ্ধিত হৈছিল। ‘অলকানন্দা’ কাব্যগ্রন্থখনিৰ বাবে তেখেতে ১৯৬৭ চনত সাহিত্য একাডেমিৰ পুৰস্কাৰ লাভ কৰে।

কবি স্বৰ্গীয়া নলিনীবালা দেৱী কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ প্ৰথমা সন্তান। নবীনচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই কেবাবছৰো কলিকতা হাইক’ৰ্টত এডভোকেট হৈ থাকি পিছত অসমলৈ আহি গুৱাহাটীতে থাকিবলৈ লয়। দেউতাকৰ যত্নত তেখেতে ঘৰতে শিক্ষা লাভ কৰি সুশিক্ষিতা হৈ উঠে। তেতিয়াৰ ৰীতি অনুযায়ী কম বয়সতে তেখেতৰ বিয়া হয়; কিন্তু বৰ দূখৰ কথা যে বিয়াৰ আঠ বছৰ পিছত কুৰি বছৰ বয়সতে তেখেতৰ স্বামীৰ বিয়োগ হয়। ইয়াৰ পিছতো একে একে তেখেতৰ সৰু ল’ৰা পুতলী আৰু মাজু ল’ৰা পৱিত্ৰৰ মৃত্যু হয়। কিন্তু বৈধৱ্য যন্ত্ৰণা আৰু পুত্র-বিয়োগ শোকতো কাতৰ নহৈ তেখেতে সমাজ-সেৱা, সাহিত্য-সেৱা আদিত আত্মনিয়োগ কৰে।

‘সন্ধিয়াৰ সুৰ’ তেখেতৰ প্ৰথম কবিতা-পুথি। ইয়াৰ পিছতো তেখেতে ‘সপোনৰ সুৰ’, ‘পৰশমণি’, ‘যুগদেৱতা’, ‘জাগৃতি’, ‘অলকানন্দা’, ‘অন্তিম সুৰ’ আদি কেবাখনো কাব্যগ্রন্থ ৰচনা কৰে। ভাৰতীয় সাধনাৰ আধ্যাত্মবাদী আদৰ্শৰ প্ৰভাৱত নলিনীবালাৰ কবিতাত এক অতীন্দ্ৰিয়বাদী চেতনাৰ সৃষ্টি হৈছিল আৰু সন্ধিয়াৰ সুৰতেই তাৰ প্ৰতিফলন হৈছিল। কাৰো কাৰো মতে সন্ধিয়াৰ সুৰেই তেখেতৰ সৰ্বশ্ৰেষ্ঠ কাব্যগ্রন্থ।

কাব্যগ্রন্থৰ বাহিৰেও দেউতাক কৰ্মবীৰৰ স্মৃতিচাৰণ কৰি ‘স্মৃতি-তীৰ্থ’ নাম দি তেখেতে এখন বুজন ধৰণৰ জীৱনী-গ্ৰন্থ ৰচনা কৰিছে। ‘স্মৃতি-তীৰ্থ’ আৰু শেহতীয়াকৈ লিখা আত্মজীৱনী ‘এৰি অহা দিনবোৰ’ তেখেতৰ গদ্যশৈলীৰ নিদৰ্শন। তেখেতৰ গদ্যও একপ্ৰকাৰ কাব্যৰ নিচিনাই।

১৯৪৫ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিৱেশনত তেখেতক সভানেত্ৰীৰূপে সম্মানিত কৰা হৈছিল। সেই চনতে তেখেতে কেন্দ্ৰীয় চৰকাৰৰপৰাও সাহিত্য বৃত্তি লাভ কৰে। ইতিপূর্বে ১৯৪৭ চনত ৰাজ্য চৰকাৰে তেখেতলৈ সাহিত্যিক পেন্সন আগবঢ়াই সম্মানিত কৰিছিল। সাহিত্য সেৱাৰ উপৰিও তেখেতে বিবিধ জনকল্যাণমূলক কামত জড়িত আছিল। তেখেতে গোলাঘাটত অনুষ্ঠিত ‘সদৌ অসম ছাত্ৰ সম্মিলন’ আৰু নগাঁৱত অনুষ্ঠিত ‘অসম প্রাদেশিক মহিলা সমিতি’ৰ সভানেত্ৰীত্ব কৰিছিল। ১৯৫০ চনত তেখেতে ‘সদৌ অসম পাৰিজাত কানন’ নামৰ শিশু-অনুষ্ঠান এটি স্থাপন কৰে আৰু গোটেই অসমৰ শিশুসকলক সংঘৱদ্ধ কৰি তেওঁলোকৰ সৰ্বাংগীন উন্নতিৰ আঁচনি তৰে।

পিতৃৰ নিচিনাকৈ সক্রিয়ভাৱে ৰাজনীতিত নানামিলেও তেখেতে নানাবিধ জনহিতকৰ কাম আৰু সাহিত্য চৰ্চাৰদ্বাৰাই দেশক সম্পূৰ্ণৰূপে সেৱা কৰি গৈছে। ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ শনিবাৰে নিশা এইগৰাকী মহীয়সী কবিৰ লোকান্তৰ ঘটে। তেখেতৰ প্ৰতি দেশবাসীয়ে নতশিৰে শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। আমিও তেখেতলৈ আমাৰ সশ্রদ্ধ প্রণাম জনালোঁ।

Categorized in: