আন্তর্জাতিক শ্ৰম-বুৰঞ্জীত মে’ দিৱস এটি গুৰুত্বপূৰ্ণ অধ্যায়। মে’ মাহৰ প্ৰথম দিনা অর্থাৎ পহিলা মে’ পৃথিৱীৰ প্ৰায় সর্বত্রই আন্তর্জাতিক শ্রম-দিৱস হিচাপে পালিত হয়। এই দিনটোৰ গুৰুত্ব অকল শ্রমিকসকলৰ বাবেই নহয়, আজি সৰ্বসাধাৰণ মানুহৰ মাজতো বিয়পি পৰিছে।

১৮৮৯ খ্ৰীষ্টাব্দৰ পহিলা মে’ তাৰিখটোক এটি বিশেষ দিন বুলি চিহ্নিত কৰা হয়। সেইদিনা পেৰিচত দ্বিতীয় আন্তর্জাতিক অধিৱেশনত বিভিন্ন ৰাজনৈতিক পাৰ্টি আৰু ট্রেড ইউনিয়নৰ লগত সংগঠিত শ্রমিকসকলে আঠ ঘন্টা কামৰ দিন ধার্য কৰাৰ দাবি আদায়ৰ বাবে পহিলা মে’ৰ দিনটোকে বাছি লয়। পৰবৰ্তী বছৰত অর্থাৎ ১৮৯০ খ্ৰীষ্টাব্দৰ পহিলা মে’ৰ দিনা কামৰ সময় কম কৰাৰ দাবিত গোটেই মার্কিন যুক্তৰাষ্ট্ৰত ধৰ্মঘটৰ সূচনা হয়। মার্কিন যুক্তৰাষ্ট্ৰৰ সমাজতন্ত্ৰী নেতা পিটাৰ ম্যাকগুইৰ তত্ত্বাৱধানত ‘কার্পেন্টাৰ্চ ইউনিয়ন’ আৰু আন আন বহুত নির্মাণশিল্পৰ কৰ্মীসকলে আঠ ঘন্টা কামৰ দাবিত সাধাৰণ ধর্মঘট পালন কৰে।

মার্কিন যুক্তৰাষ্ট্ৰই হ’ল মে’ দিৱসৰ জন্মভূমি। আচলতে বর্তমান যি আন্তর্জাতিক শ্ৰমিকসকলৰ ঐক্য স্মৰণ কৰি প্ৰতি বছৰে এই দিনটো উদ্‌যাপন কৰা হয়, সি বহুত প্রাচীন। প্ৰথমতে এই ঐক্য দেখা গৈছিল ফৰাচী দেশৰ মধ্যবিত্ত সম্প্ৰদায়ৰ মাজত। ১৭৮৯ খ্ৰীষ্টাব্দৰ পহিলা মে’ তাৰিখে ফ্ৰান্সৰ মধ্যবিত্ত সম্প্রদায়ে ‘সাম্য, মৈত্রী আৰু স্বাধীনতা’ৰ ধ্বনি লৈ ঐক্যৱদ্ধভাৱে ৰজাৰপৰা ক্ষমতা কাঢ়ি লোৱাৰ চেষ্টা কৰে। ইয়াৰ এশ বছৰৰ পিছত অর্থাৎ ১৮৮৯ খ্ৰীষ্টাব্দত আমেৰিকাত শ্রমিক ঐক্যৰ শতবৰ্ষ উদযাপনৰ মাজেদিয়ে এই দিনটোক প্রথম আন্তর্জাতিক দিৱসৰূপে পালন কৰা হয়।

কামৰ সময় কমোৱাৰ আন্দোলনৰ লগত মে’ দিৱসৰ জন্ম-কাহিনী অবিচ্ছেদ্যভাৱে জড়িত। সূর্যোদয়ৰপৰা সূর্যাস্তলৈকে আছিল সেই সময়ৰ কামৰ হাজিৰাৰ নিৰিখ। ঊনৈশ শতিকাৰ আৰম্ভণিতে শ্রমিকসকলে ইয়াৰ বিৰুদ্ধে প্রতিবাদ জনায়। ১৮৬০ খ্ৰীষ্টাব্দৰ ফিলাডেল্‌ফিয়াৰ ধৰ্মঘটত গোট খোৱা শ্রমিক নেতাসকলৰ বিৰুদ্ধে বিচাৰ চলিছিল, তেতিয়া জনা যায় যে শ্রমিকসকলে ১৯-ৰপৰা ২০ ঘন্টালৈকে কাম কৰিব লাগিছিল।

আন্তর্জাতিক মে’ দিৱস সম্পৰ্কে ১৮৯০ খ্ৰীষ্টাব্দৰ পহিলা মে’ত প্ৰকাশিত ‘কমিউনিস্ট ইস্তেহাৰ’ৰ চতুৰ্থ জার্মান সংস্কৰণত এঙ্গেল্‌চে লিখিছিল—‘বুৰঞ্জীত এই প্রথম শ্রমিকশ্রেণী এটি সৈন্যবাহিনী হিচাপে, একেই পতাকাৰ তলত, মাথোন এটি লক্ষ্য পূৰণৰ বাবে সংগ্ৰাম কৰিছে: সেই লক্ষ্য হ’ল আঠ ঘন্টা কামৰ হাজিৰা আইনৰ স্বীকৃতিৰ ওপৰত প্রতিষ্ঠিত কৰা।’ লেনিনেও মে’ দিৱসৰ অনুষ্ঠান আদিক গুৰুত্বপূৰ্ণ বুলি ভাবিছিল।

ভাৰতবৰ্ষৰ শ্ৰমিক-শ্ৰেণীৰ বুৰঞ্জীতো মে’ দিৱসৰ গুৰুত্ব অপৰিসীম। পৰাধীন ভাৰতত ব্ৰিটিছ শাসকবোৰৰ নিষ্পেষণৰ প্ৰতিবাদত শ্ৰমিক-শ্ৰেণীয়ে তেওঁলোকৰ শক্তি-সঞ্চয়ৰ ক্ষেত্ৰত আন্তর্জাতিক মে’ দিৱসক স্মৰণ কৰিছিল। বর্তমান ভাৰতৰ সমগ্ৰ শ্ৰমিক-শ্ৰেণী নহ’লেও শ্রমিক-শ্ৰেণীৰ এটি বুজন অংশই এতিয়াও শ্ৰদ্ধাৰে মে’ দিৱস স্মৰণ কৰে।

Categorized in: