আগৰপৰাই শিৱসাগৰৰ প্ৰতি মোৰ এটি বিশেষ টান আছিল। বুৰঞ্জীত তাহানি পঢ়িবলৈ পাইছিলোঁ—শিৱসাগৰৰ অতীত কাহিনী। ইয়াৰ ৰংঘৰ, তলাতলঘৰ, কাৰেংঘৰ, শিৱদ’ল, জয়দ’ল, শিৱসাগৰ, জয়সাগৰ পুখুৰী আদিয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। সৌভাগ্যবশতঃ এদিন এনেকুৱা সেগ এটি মিলিল। কেই বছৰমান আগৰ কোনোবা এটি গৰমকালিৰ ৰাতিপুৱাতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ—শিৱসাগৰ অভিমুখে।

শিৱসাগৰ পোৱাৰ পিছদিনাৰপৰাই আমি আমাৰ উদ্দেশ্যত লাগিলোঁ। প্ৰথমতে আমি গ’লোঁ জয়সাগৰ পুখুৰীলৈ। জয়সাগৰ পুখুৰীৰ পাৰতে জয়দ’ল। স্বৰ্গদেও গদাধৰ সিংহৰ মৰমৰ পত্নী সতী জয়মতী কুঁৱৰীৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে পুতেক স্বৰ্গদেও ৰুদ্ৰসিংহই এই পূখুৰী আৰু দ’ল সজোৱাইছিল। পুখুৰীটোৰ এটি পাৰত শিৱসাগৰ কলেজ। পুখুৰীটোৰ বিশালতা চাই ইয়াক সাগৰ আখ্যা দিয়াটো উচিত হৈছে।

জয়সাগৰৰ প্ৰাকৃতিক দৃশ্য অতিকৈ মনোৰম। পাৰত বহি বহি আমি এই দৃশ্য উপভোগ কৰিছিলোঁ। মেঘমুক্ত আকাশৰ নীলা ৰং আহি পুখুৰীৰ পৰিপূৰ্ণ পানীত পৰি গোটেই পুখুৰীটোৰ পানীয়ে নীলিমাময়ী হৈ পৰিছিল। মনত পৰিছিল কবি দেৱকান্ত বৰুৱাৰ সেই বিখ্যাত কবিতাটিলৈ “সাগৰ দেখিছা? দেখা নাই? ময়ো দেখা নাই…।” জয়সাগৰৰ পাৰত থকা আকাশলঙ্খী জয়দ’লটি দেখি আমাৰ বৰপেটাৰ কীৰ্তনঘৰৰ কাষত থকা দ’লটিৰ কথাও মনত পৰিছিল।

শিৱসাগৰৰ অইন এটি চাবলগীয়া ঐতিহাসিক স্মৃতি-চিহ্ন হ’ল ‘ৰংঘৰ’। ৰাস্তাৰ এফালে ৰংঘৰ আৰু বিপৰীত ফালে ‘তলাতলঘৰ’। এই ঘৰটোত উঠিয়ে হেনো আহোম স্বৰ্গদেওসকলে কুকুৰা-যুঁজ, ম’হ-যুঁজ আদি বিভিন্ন খেল বা ৰং চাইছিল। ৰংঘৰটো সজোৱাইছিল স্বৰ্গদেও প্রমত্ত সিংহই। ঘৰটো ঘূৰণীয়া ধৰণৰ, ভিতৰখন বেছ আহল-বহল। তলৰপৰা ওপৰলৈ উঠি যোৱা খট্‌খটীৰ কাষৰ বেৰখনত ক্ষয়প্রাপ্ত বিভিন্ন মূর্তি বোধহয় দশ-অৱতাৰৰ।

ইয়াৰ অইন এটি চাবলগীয়া বস্তু হৈছে—‘তলাতলঘৰ’। তলাতলঘৰটো সজোৱা হৈছিল স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত। এই তলাতল ঘৰটোৰপৰা হেনো দিখৌ নদীৰ পাৰেৰে গড়গাঁৱৰ ৰজাৰ কাৰেংঘৰলৈ ওলাব পাৰিছিল। শত্ৰু আক্ৰমণত ৰজাই যাতে ততালিকে শত্ৰুক প্রতিহত কৰিব পাৰে, তাৰ কাৰণেই এই ব্যৱস্থা। আমি তলাতলঘৰৰ সোমোৱা সুৰংগটোৰেহে কিছুদূৰ সোমাইছিলোঁ। ভিতৰখন বৰ আন্ধাৰ আৰু জেকা আছিল। লক্ষ্মৌৰ ‘ভূলভুলা’ৰ লগত আমাৰ তলাতলঘৰৰ কিছু সাদৃশ্য আছে।

ইয়াৰ পিছত আমি চাবলৈ গৈছিলোঁ—শিৱদ’ল। শিৱসাগৰ পুখুৰীৰ পাৰতে অৱস্থিত শিৱদ’ল। শিৱদ’লৰ দুয়ো পিনে আৰু দুটা সৰু সৰু দ’ল আছে—বিষ্ণুদ’ল আৰু দুৰ্গাদ’ল। এই দ’ল আৰু পুখুৰী নিৰ্মাণ কৰিছিল স্বৰ্গদেও শিৱসিংহই। দ’লৰ একেবাৰে ওপৰৰ মুকুটটো সোণেৰে তৈয়াৰী বুলি আমাক ইয়াৰ মানুহবোৰে ক’লে। মুকুটটোৰ উচ্চতা প্ৰায় দহ মিটাৰমান হ’ব। ব্ৰিটিছে হেনো এই মুকুটটো খহাবলৈ বন্দুক মাৰিছিল ; কিন্তু মুকুটটো বন্দুকৰ আঘাতত খহি নপৰি ফুটিহে গ’ল।

শিৱসাগৰৰ আন এটি ঐতিহাসিক বস্তু হ’ল—‘কাৰেংঘৰ’। কাৰেংঘৰ গড়গাঁৱত অৱস্থিত, শিৱসাগৰৰপৰা প্ৰায় ১৫/১৬ কিলোমিটাৰমান নিলগত। কাৰেংঘৰটো সাত মহলা। আমি প্ৰতিটো মহলাতে উঠি ঘূৰি চাইছিলোঁ। এই কাৰেংঘৰতে ৰজাই বাস কৰিছিল। ইয়াৰপৰা তলাতলঘৰলৈ যাব পৰা মাটিৰ তলে তলে হেনো সুৰংগ আছিল। তলাতলঘৰটো ভাটীৰ ঘনশ্যাম মিস্ত্ৰীয়ে সজাইছিল যদিও তেওঁৰ লগত অসমীয়া মিস্ত্ৰীয়ে কাম কৰিছিল।

এইদৰে শিৱসাগৰৰ চাবলগীয়া প্ৰায়বোৰ ঐতিহাসিক, তথা আহোম ভাস্কৰ্যৰ নিদৰ্শনবোৰ চাই আমি ৰং মনেৰে শিৱসাগৰৰপৰা বিদায় ল’লোঁ।

Categorized in: