বিশেষ উদ্দেশ্য আগত ৰাখি এখন ঠাইৰপৰা আন এখন ঠাইলৈ গৈ তাত কিছুদিন থাকি-মেলি চাই-চিতি অহাকে ভ্ৰমণ বোলে। স্বাস্থ্যৰ উন্নতিৰ কাৰণে জলবায়ু পৰিৱৰ্তন, কৌতূহল নিবৃত্তিৰদ্বাৰা আনন্দ লাভ, শিক্ষামূলক আৰু বাণিজ্য-সংক্রান্ত কামত মানুহে সাধাৰণতে ভ্ৰমণ কৰে। আজি-কালি ৰাজনৈতিক কাৰণতো কোনো কোনোৱে ভ্ৰমণ কৰা দেখা যায়।

আগৰ কালত ভ্ৰমণ বৰ ব্যয়-বহুল আৰু বিপদ-সঙ্কুল আছিল। তেও বুলি কৌতূহলী আৰু অনুসন্ধিৎসুজনে ভ্ৰমণ নকৰাকৈ নাছিল। পেৰিপ্লাচ্‌, ড্ৰেক আদি লোকসকলে সাগৰেদি পৃথিৱী ভ্ৰমণ কৰাৰ গৌৰৱ অৰ্জন কৰিছিল। মার্কো প’লোৱে সুদূৰ ইটালিৰপৰা চীনদেশ ওলাইছিলগৈ। ফাহিয়ান, হিউৱেন চাং আদিয়ে নানা বাধা-বিঘিনি অতিক্রম কৰিও ভাৰতভ্ৰমণলৈ আহিছিল। দুঃসাহসিক ভূপর্যটক কলম্বাচ, ভাস্কো-ডা-গামা, কাপ্তান কুক, ডাঃ লিভিংস্টোন, ষ্টেনলি আদিৰ পৰ্যটনৰ ফলত পৃথিৱীৰ নানান দুর্গম ঠাই আৱিষ্কাৰ হয়। আজি-কালি ৰেল-জাহাজ, গাড়ী-মটৰ, আকাশী-যান আদিৰে সহজতে ইখন দেশৰপৰা সিখন দেশলৈ যাব পৰা হৈছে।

দেশ-ভ্ৰমণৰ উপকাৰিতা বহুত। একে ঠাইতে সদায় একে ধৰণৰ কামকে কৰি থাকি মানুহৰ আমনি লাগে। ভ্রমণে এই আমনি দূৰ কৰে। নেদেখা ঠাই চোৱাৰ হেপাহ মানুহৰ জন্মগত প্রবৃত্তি। ভ্ৰমণৰদ্বাৰা এই হেপাহ পূৰ হয়। ভ্ৰমণ কৰিলে নানান ঠাই দেখাৰ লগতে নানান মানুহৰ লগত মিলা-মিশা কৰি নানান ৰীতি-নীতি, সভ্যতা-সংস্কৃতিৰ বুজ পাব পাৰি। কাজেই মানুহৰ মনৰ সঙ্কীর্ণতা দূৰ হয়। ৰাজনৈতিক ভ্ৰমণৰপৰা ইখন দেশৰ লগত সিখন দেশৰ কূটনৈতিক সম্বন্ধ উন্নত হয়। দেশ-বিদেশৰ উন্নত কৃষি-শিল্প-বাণিজ্য আদিৰ অভিজ্ঞতা লাভ কৰি নিজ দেশৰ কৃষি-শিল্প-বাণিজ্যৰো উন্নতি সাধন কৰিব পৰা যায়।

শিক্ষাৰ ক্ষেত্ৰত ভ্ৰমণৰ উপকাৰিতা আৰু উপযোগিতা সর্বাধিক। ভ্রমণে পুথিগত তাত্ত্বিক বিদ্যাক বাস্তৱ অভিজ্ঞতাৰে পৰিপূৰ্ণ কৰে। সেয়ে ভ্রমণ পুথিগত বিদ্যাৰ পৰিপূৰক। ইতিহাস আৰু ভূগোলৰ পুথিত পোৱা জ্ঞান সেই সেই ঠাইসমূহ চকুৰে চালেহে যথাৰ্থতে সম্পূর্ণ হয়। তদুপৰি পৃথিৱীৰ উন্নত দেশসমূহ বিজ্ঞান, কাৰিকৰী শিক্ষা আৰু চিকিৎসা আদি বিষয়ত বৰ আগবঢ়া। উন্নয়নশীল দেশৰ শিক্ষার্থীয়ে সেইবোৰ ঠাইলৈ গৈ সেই সেই বিদ্যা লাভ কৰা সম্ভৱ হয়। নিজৰ দেশৰো তীৰ্থস্থান, প্ৰসিদ্ধ নগৰ, ইতিহাস আৰু ভৌগোলিক তাৎপর্যপূর্ণ ঠাইসমূহ দর্শন কৰা ভাল।

ভ্ৰমণৰ আৰু এটা শুভ ফল হৈছে ভ্ৰমণ-সাহিত্যৰ সৃষ্টি। ভ্ৰমণ-কাহিনী সাহিত্যৰ এটা বিশিষ্ট অংগ। ফাহিয়ান, হিউৱেন চাং, ইবন বটুটা, আলবেৰুণি আদিৰ ভ্ৰমণবৃত্তান্তৰপৰা ভাৰত বুৰঞ্জীৰ বহুখিনি সমল পোৱা গৈছে। অতীত ভাৰতৰ বিশিষ্ট সমাজ-সংগঠক আৰু ধৰ্মগুৰুসকলে ভাৰতবৰ্ষৰ তীৰ্থস্থানসমূহ প্ৰায়ে দৰ্শন কৰিছিল। আমাৰ গুৰুজনায়ো প্ৰথমতে বাৰ বছৰ ধৰি আমাৰ দেশৰ তীৰ্থস্থানসমূহ পৰিভ্ৰমণ কৰি প্ৰভূত জ্ঞান লাভ কৰিছিল।

একেলগে শিক্ষা আৰু আনন্দ-উপভোগৰ এই ব্যৱস্থাটো এতিয়া ইমান সহজ-সাধ্য হোৱা সত্ত্বেও এই সুযোগ গ্রহণ কৰিব নোৱাৰাটো একপ্ৰকাৰ দুৰ্ভাগ্য। কাজেই দূৰ-দূৰান্তৰলৈ যাব নোৱাৰিলেও অন্ততঃ নিজ দেশৰ প্ৰসিদ্ধ ঠাইসমূহ ভ্ৰমণ কৰা নিতান্ত উচিত।

Categorized in: