কোনো বিষয়তে প্রকৃত জ্ঞান পাবলৈ হ’লে বিষয়টোৰ কেওটা দিশ চালি-জাৰি চাব লাগে। তদুপৰি এনে কিছুমান বিষয় আছে যাৰ ভাল-বেয়া দিশ সতকাই নিৰ্ণয় কৰিব পৰা নাযায়। এনেবোৰ বিষয়ৰ সমুচিত সিদ্ধান্তৰ বাবে যুক্তি-তৰ্কৰ আৱশ্যক হয়। সেইবাবে তৰ্ক কৰিবলৈও জানিব লাগে। ইও এটা বিদ্যা।
স্কুল-কলেজৰ তৰ্ক-সভাবোৰৰপৰা তর্ক-বিদ্যা আয়ত্ব কৰিব পৰা যায়। স্কুলৰ তৰ্কসভাবোৰ ছাত্ৰ-একতা সভাৰে অংগ বিশেষ। তর্ক-সভাবোৰৰ একোজন সুকীয়া সম্পাদক আৰু এজন ভাৰপ্ৰাপ্ত শিক্ষক থাকে। তর্ক-সভাবোৰ একোটা বিষয় বাছি দি কিছুমান ছাত্র-ছাত্ৰীক তাৰ স্বপক্ষে আৰু কিছুমানক তাৰ বিপক্ষে ক’বলৈ দিয়া হয়। এজন শিক্ষক বা ছাত্রক অধ্যক্ষ মনোনীত কৰা হয়। উভয় পক্ষৰ যুক্তি শুনাৰ পিছত উপস্থিত ছাত্ৰসকলৰ ভোট লোৱা হয়। সৰহ ভোট পোৱা পক্ষক জয়যুক্ত হোৱা বুলি অধ্যক্ষই ঘোষণা কৰে। কেতিয়াবা কেতিয়াবা বিধান সভাৰ আৰ্হিতো তর্ক-সভা পতা হয়। ইংৰাজীত ইয়াক ‘Mock Parliament’ বোলে।
তৰ্ক-সভাৰপৰা ছাত্ৰৰ বৰ উপকাৰ হয়। যি বিষয়ে তৰ্ক কৰিবলৈ দিয়া হয়, সেই বিষয়টো ভালদৰে নাজানিলে তৰ্কত অৱতীৰ্ণ হ’ব নোৱাৰি। সেয়ে তর্ক-সভাত অংশ গ্ৰহণকাৰী ছাত্ৰছাত্রীয়ে সেই বিষয়টো জানিবলৈ যত্নপৰ হ’বই। আনহাতে, কেৱল বিষয়ৰ জ্ঞান থাকিলেই নহ’ব, তাক যুক্তিসহকাৰে সকলোৱে পতিয়ন যোৱাকৈ আৰু শুৱলা ভাষাত মনোগ্ৰাহীকৈ ক’বও পাৰিব লাগিব। বিপক্ষৰ যুক্তিক তৎকালিনভাৱে খন্ডন কৰিব পাৰিব লাগিব। তৰ্ক-সভাৰদ্বাৰা এইবোৰৰ অনুশীলন হয়—যাৰ ফলত ছাত্ৰই প্ৰণালীৱদ্ধভাৱে চিন্তা কৰিবলৈ শিকিব পাৰে, বাক্পটু আৰু প্ৰত্যুৎপন্নমতি হ’ব পাৰে।
আমাৰ দেশ গণতান্ত্রিক দেশ। ইয়াৰ সকলো কার্য গণতান্ত্রিক পদ্ধতিত পৰিচালনা কৰা হয়। পৰস্পৰৰ প্ৰতি সম্মান দেখুৱাই মুকলি আলোচনাৰদ্বাৰা সকলো বিষয়ৰ সিদ্ধান্ত কৰাই গণতন্ত্ৰৰ ঘাই কথা। তর্কসভাবোৰে ছাত্ৰ তথা দেশৰ ভৱিষ্যতৰ নাগৰিকসকলক এনে কামৰ লায়ক হোৱাত সহায় কৰে। বাগ্মিতা এটা ডাঙৰ গুণ। তৰ্ক-সভাৰপৰা ছাত্ৰই এই গুণটোকো আয়ত্ত কৰিব পাৰে।
তৰ্ক-সভাৰপৰা সুফল পাবলৈ হ’লে ইয়াৰ বৈঠকবোৰ ঘনাই পাতিব লাগে আৰু সকলো ছাত্ৰৰ মাজতে ইয়াক সৰৱ কৰি তুলিব লাগে। কিছুমান ছাত্রই বিষয়-বস্তুৰ জ্ঞান থাকিলেও মেলে-মিটিঙে ক’বলৈ সাহ নকৰে। এনেবোৰ ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ তৰ্ক-সভাবোৰত যোগদান দিলে লাহে লাহে লাজ-ভয় আঁতৰিব আৰু ডাঙৰ সভা-সমিতিবোৰতো বক্তৃতা কৰিবলৈ সাহস পাব। আনহাতে তৰ্কত হৰা জিকা হ’বই। হৰা পক্ষই লাজ পাব লগা একো নাই, নতুবা নিজৰ মতত আঁকোৰগোঁজ হৈ লাগি থকাও উচিত নহয়। জিকা পক্ষয়ো প্রতিপক্ষৰ শুদ্ধ যুক্তিৰ প্ৰতি সম্মান দেখুৱাব লাগে। তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে তর্ক-সভাৰপৰা উপকৃত হ’ব পাৰিব।