আজি-কালি আমাৰ স্কুলসমূহৰ প্ৰত্যেকখনতে বছৰি বঁটা বিতৰণী সভা পাতি কৃতী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰা দেখা যায়। সাধাৰণতে স্কুলৰ ছাত্ৰ সভাৰ বাৰ্ষিক অধিৱেশনৰ লগতে বঁটা বিতৰণী সভাৰো আয়োজন কৰা হয়। কিবা অসুবিধাত কেতিয়াবা সেই সময়ত নোৱাৰিলে বছৰৰ আন সময়তো বঁটা বিতৰণী সভা পতা হয়।

বঁটা বিতৰণী সভালৈ অভিভাৱক, স্থানীয় গণ্যমান্য ব্যক্তি আৰু ওচৰ-পাঁজৰৰ স্কুলসমূহতো ছাত্র-ছাত্রী আৰু শিক্ষকসকলক নিমন্ত্ৰণ কৰা হয়। সভাত সভাপতিত্ব কৰিবলৈ কোনো বিশিষ্ট শিক্ষাবিদ্‌, শিক্ষা-বিষয়া, সুসাহিত্যিক, সমাজ সেৱক, ৰাষ্ট্রনায়ক আদিক বৰণ কৰি অনা হয়। সভাপতিৰ লগতে মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাৰূপেও তেনে লোকৰ দুইচাৰিজনক আমন্ত্ৰণ কৰা হয়।

বঁটা বিতৰণী সভাখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এই আনন্দ উৎসৱৰ নিচিনা। এই সভাৰ কিছুদিন আগে আগে স্কুলৰ বছৰেকীয়া খেল-ধেমালিৰ প্ৰতিযোগিতা, সাহিত্য প্রতিযোগিতা, নাচ-গান, ভাওনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, শৰীৰ চৰ্চা বা ব্যায়াম আদিৰ প্ৰতিযোগিতা পতা হয়। বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক বা বিচিত্রানুষ্ঠানৰো আয়োজন কৰা হয়। সভাৰ কাৰণে সভাঘৰ বা স্কুলৰ প্ৰাঙ্গণত ৰভা দি মঞ্চ আদি সজা হয়।

এটা ভক্তিমূলক বা দেশ-প্রেমমূলক সমৱেত সঙ্গীতেৰে সভাৰ শুভাৰম্ভ কৰা হয়। গীতৰ ঠিক পিছতে প্রধান শিক্ষক বা ছাত্ৰ-একতা সভাৰ সভাপতি মহাশয়ে সেইদিনাৰ সভাৰ সভাপতি, মুখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাসকলক চিনাকি দি যথা-নির্দিষ্ট আসন গ্রহণ কৰি সভাৰ কাম চলাবৰ কাৰণে তেখেতসকলক অনুৰোধ জনায়। পিছত নিৰ্দিষ্ট কার্যসূচী অনুযায়ী প্রধান শিক্ষক আৰু ছাত্ৰ-সভাৰ সম্পাদকে নিজৰ নিজৰ প্ৰতিৱেদন পাঠ কৰে। প্ৰতিৱেদন পাঠৰ পাছতে সাধাৰণতে বঁটা বিতৰণৰ কাম আৰম্ভ কৰা হয়। স্কুলৰ বছৰেকীয়া পৰীক্ষাত ১ম, ২য় আৰু ৩য় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰথমে বঁটা দিয়া হয়। তাৰ পাছত সাহিত্য-সংস্কৃতি আৰু খেলধেমালি আদিৰ প্ৰতিযোগিতাত কৃতিত্ব অর্জন কৰা ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ দিয়া হয়। ইয়াৰ পিছতে নির্দিষ্ট বক্তা, মুখ্য অতিথি আৰু সভাপতি আদিয়ে ভাষণ দিয়ে।

বঁটা বিতৰণী সভা সচৰাচৰ আবেলি অনুষ্ঠিত হয় আৰু শেষ হওঁতে গধূলি হয়গৈ। মূলসভা ভঙাৰ পিছত নিশাৰ ফালে বিচিত্রানুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াত ছাত্ৰছাত্ৰীসকলে গীত-নাচ, নাট-ভাওনা, আবৃত্তি আদি পৰিৱেশন কৰি নিজৰ কৃতিত্ব দেখুউৱাৰ লগতে দর্শকমন্ডলীকো আমোদ দিয়ে।

কৃতী ছাত্ৰ-ছাত্ৰীক পুৰস্কৃত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলি শিক্ষাৰ মানদন্ড উন্নত কৰাই বঁটা বিতৰণী সভাৰ ঘাই উদ্দেশ্য। যদিও বঁটা সকলোৱে লাভ নকৰে, তথাপি বঁটা বিতৰণী সভাৰদ্বাৰা ইয়াৰ উদ্দেশ্য সিদ্ধ হোৱা বুলিয়ে মোৰ বিশ্বাস হৈছে। সেয়ে মই ভাবোঁ বঁটা বিতৰণী সভাই ছাত্ৰ-ছাত্ৰীৰ পৰম উপকাৰ সাধে আৰু সকলো স্কুলতে প্রত্যেক বছৰে যথাৰীতি বঁটা বিতৰণী সভা পতা উচিত।

Categorized in: