পৃথিৱীৰ সকলো জাতি আৰু ধৰ্ম-সম্প্ৰদায়ৰে একো একোটা বিশেষ সাংস্কৃতিক বা ধর্মীয় উৎসৱ আছে। হিন্দুৰ পূজা, অসমীয়াৰ বিহু, খাচিয়াৰ নংক্ৰেম্, মুছলমানৰ ঈদ্-উজ্-জহা, ঈদ্-উল্-ফিটৰ আদি এনেকুৱা উৎসৱ। খ্রীষ্টানসকলৰ এনেকুৱা ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ হ’ল খ্ৰীষ্টমাছ বা বৰদিন। ডিচেম্বৰ মাহৰ ২৫ তাৰিখৰ দিনা সমগ্ৰ পৃথিৱীতে বৰদিন উৎসৱটো পালন কৰা হয়। সেইদিনাই খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক ঈশ্বৰ-পুত্ৰ যীশুৰ জন্ম-দিন বুলি ধৰি লোৱা হয়। যীশুৰ জন্মৰ সঠিক তাৰিখ জনা নাযায়। মিচৰৰ গির্জাসমূহত আকৌ জানুৱাৰীৰ ৬ তাৰিখটোহে যীশুৰ জন্ম-দিন বুলি ধৰি উৎসৱ কৰাৰ নিয়ম আছিল। সি যি নহওক বৰ্তমান ২৫ ডিচেম্বৰকে যীশুৰ জন্মদিন বুলি সকলোৱে মানি লৈছে। গুড ফ্রাইডে হ’ল যীশুৰ মৃত্যু-দিৱস। খ্ৰীষ্টমাছক চমুকৈ ‘X-mass’ বুলিও কোৱা হয়। গ্রীক ভাষাত ‘X’ এই আখৰটো ‘Christ’ নামৰ পহিলা আখৰ আৰু সেয়ে এই খ্ৰীষ্ট নামৰ প্ৰথম গ্রীক আখৰটোৰে খ্ৰীষ্টমাছ উৎসৱক X-mass উছৱো বোলা হয়।
আজিকালি যদিও বিশ্বৰ সকলো খ্ৰীষ্টানেই খ্ৰীষ্টৰ জন্মদিন হিচাপে ইয়াক পালন কৰে, তথাপি ইয়াৰ লগত পূৰ্বৰ কিছুমান ধর্মভাবৰপৰা সম্পূৰ্ণ মুক্ত সাংস্কৃতিক অনুষ্ঠানো সংযোজিত হৈছে। আদিতে ই হেনো খেতিয়কসকলৰ উৎসৱ আছিল, ঠিক আমাৰ যেনিবা মাঘ মাহৰ ভোগালি বিহুহে। ইতিহাসৰ পম খেদি গ’লে জানিব পাৰি যে ২৭৪ খ্ৰীষ্টাব্দত সম্ৰাট অৰেলিয়ানৰ দিনৰ ৰোমবাসীসকলে ইয়াক অজেয় সূর্য দেৱতাৰ পূজা হিচাপে পালন কৰিছিল, কিয়নো সেইদিনাৰপৰাই সূৰ্যৰ উত্তৰায়ণ আৰম্ভ হৈছিল। ৩৬৬ খ্ৰীষ্টাব্দত ৰোম দেশত পোনতে খ্ৰীষ্টমাছ উছৱ স্বৰূপে পালন কৰা বুলি জানিব পাৰি। সেই সময়ৰপৰাই ক্ৰমে ই সমগ্ৰ ইউৰোপতে বিয়পিবলৈ আৰম্ভ কৰে। অৱশ্যে ‘পিউৰিটান’ আদি খ্ৰীষ্টান-ধৰ্মৰ কোনো কোনো শাখাই অতীতত কিয় আজিও ইয়াক পালন কৰাৰ বিৰোধিতা কৰে ; তেওঁলোকে ভাবে যে ইয়াৰদ্বাৰা আওপাকে মূৰ্তি-পূজাকে সমর্থন জনোৱা হয়।
যীশুৰ জন্ম-দিনক ধৰ্মীয় উছৱ বুলিও দেশে দেশে ইয়াক পালন কৰাৰ কিছু নিজ বৈশিষ্ট্যও আছে। বৰদিনৰ সম্ভাষণ জনোৱাটো বৰ্তমান এই উছৱৰ আন্তর্জাতিক নিয়ম যেন হৈ পৰিছে। ইংলন্ড, আমেৰিকা আদি দেশত ডাক-বিভাগে মাহদিয়েক আগৰপৰাই ‘Greeting card’ মজুত কৰি থয়। কোনো কোনো দেশত আকৌ ‘ফাৰ’ নামৰ গছৰ ডাল এটা ধুনীয়াকৈ সজাই লৈ নানান ৰং-ধেমালি কৰা হয়। এনেকৈ সজোৱা গছৰ ডালটোক বোলা হয় ‘খ্ৰীষ্টমাছ ট্ৰি’ বা বৰদিনৰ গছ। কোনো কোনো ঠাইত আকৌ বৰদিনৰ মেজি বা ‘yule log’ জ্বলোৱা হয়। কিছুমান ঠাইত ঘৰৰ দুৱাৰ মুখত মিচিলটো নামৰ এবিধ কপৌজাতীয় গছৰ ঠেঙুলি আৰি দিয়া হয়। এইবিধ গছক শান্তিৰ প্ৰতীক বুলি ধৰা হয়। কণ কণ ল’ৰা-ছোৱালীক নানান ধৰণৰ উপহাৰ আদি দিয়াটোও এই উছৱৰ এটা বিশেষ অংগ। এইদৰেই ধৰ্মীয় অনুষ্ঠান হৈও বৰদিন এটা সাৰ্বজনিক উৎসৱত পৰিণত হৈছে।
যীশুৱে জগতত প্ৰেম, ভ্রাতৃত্ব, ক্ষমা আদি মহৎ আদৰ্শৰ বাণী বিলাইছিল। বৰদিন বা খ্ৰীষ্টমাছ উছৱে সেয়ে প্রেম, ভ্রাতৃত্ববোধ, ক্ষমা-দয়া আদি গুণবোৰৰ কথা সোঁৱৰাই দি মানুহক মহৎ আদৰ্শৰ প্ৰতি অনুপ্রাণিত কৰে।