মহৰম মুছলমানসকলৰ এটা মহান আৰু পৱিত্ৰ স্মৃতি-পর্ব। ই আচলতে ছিয়া সম্প্ৰদায় মুছলমানসকলৰ পৰ্ব যদিও ইয়াৰ বিষাদময়, কৰুণ স্মৃতিয়ে সকলো মুছলমানৰেই সাৰ্বজনীন পৰ্বত পৰিণত হৈছে।
‘মহৰম’ মুছলমানৰ এটা মাহৰ নাম। এই মহৰম মাহতেই এই পৰ্ব পালন কৰা হয় ; সেইবাবে এই পর্বটো মহৰম নামেৰে জনাজাত। ইচলাম ধৰ্ম-প্ৰৱৰ্তক হজৰত মহম্মদৰ নাতি হাচান আৰু হোচেনৰ হিয়া বিদাৰক, মর্মন্তুদ মৃত্যুৰ স্মৃতি উপলক্ষে এই পর্ব অনুষ্ঠিত হয়।
মহৰম পৰ্বৰ লগত জড়িত শোকার্ত আৰু সকৰুণ কাহিনীটো এনে ধৰণৰ: হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাক হজৰত আলিলৈ বিয়া দিছিল। তেওঁলোকৰ দুটি পুত্র সন্তান হয় ; ডাঙৰজনৰ নাম হাচান আৰু সৰুজনৰ নাম হোচেন। হজৰত আলি মদিনাৰ খলিফা আছিল। ইফালে চিৰিয়াৰ শাসনকৰ্তা মাৱিয়াই হজৰত আলি খলিফা পদত অধিষ্ঠিত হোৱা কাৰণে ভীষণ ঈৰ্ষাপৰায়ণ হৈ বিদ্রোহ ঘোষণা কৰে ; কিন্তু হজৰত আলি বাটতে গুপ্তঘাতকৰ হাতত মৃত্যুৰ মুখত পৰে। কুফাবাসীসকলে হজৰত আলিৰ জ্যেষ্ঠ পুত্ৰ ইমাম হাচানক মদিনাৰ খলিফা পদত অধিষ্ঠিত কৰে। কিন্তু মাৱিয়াই ঈৰ্ষানলত জ্বলি হাচানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। বাধ্য হৈ হাচানে মাৱিয়াৰ লগত সন্ধিৰ প্ৰস্তাৱ কৰে—হাচানে খলিফা পদ ত্যাগ কৰিব আৰু মাৱিয়া খলিফা হ’ব ; কিন্তু মাৱিয়াৰ মৃত্যুৰ পাছত হাচানৰ সৰু ভায়েক হোচেনেহে খলিফা পদ লাভ কৰিব।
এজিদে এই চৰ্তত মান্তি হ’ব নোৱাৰিলে। এজিদৰ কুমন্ত্ৰণাতেই ইমাম হাচানক গোপনে বিহ খুৱাই বধ কৰালে। মাৱিয়াই মৃত্যুৰ সময়ত হোচেনক খলিফা পদত অধিষ্ঠিত নকৰি নিজ পুত্ৰ এজিদকহে অধিষ্ঠিত কৰি থৈ যায়। ফলত কুফাৰ অধিবাসীসকলে এজিদ খলিফা হোৱাত সন্তুষ্ট হ’ব নোৱাৰিলে আৰু এজিদৰ লগত হোচেনৰ তীব্ৰ বিৰোধৰ সৃষ্টি হয়। কুফাৰ অধিবাসীসকলে এজিদৰপৰা মুক্তি লাভৰ কাৰণে হোচেনৰ সাহায্য বিচাৰিলে। হোচেনেও কুফাবাসীৰ সাহায্যত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে ; কিন্তু তেওঁ কুফাত উপস্থিত হ’ব নোৱাৰিলে। তেওঁলোকে ইউফ্ৰেটিছ নৈৰ পশ্চিম-পাৰৰ কাৰবালা মৰু-প্ৰান্তৰত এজিদৰ গৱৰ্ণৰ ওৱায়দুল্লাৰ সৈন্যৰ হাতত অৱৰুদ্ধ হ’ল।
এফালে পৰিশ্ৰমৰ ক্লান্তি, আনফালে ভোক-পিয়াহত আতুৰ ; হোচেনৰ পৰিয়ালবৰ্গ আৰু সৈন্য-সামন্তৰ মাজত পানীৰ কাৰণে হাহাকাৰ লাগিল। কাষতে ইউফ্রেটিছ নৈ জলৰাশিৰে পৰিপূৰ্ণ ; অথচ এটোপা পানী পোৱাৰ উপায় নাই। বহুতে তৃষ্ণাত প্ৰাণ এৰিলে। হোচেনৰ পিয়াহ খোৱা কেঁচুৱা পুতেক আলি আছগৰে মাকৰ বুকুত গাখীৰ নাপাই তৃষ্ণাত আতুৰ হ’ল। হোচেনে মুমূর্ষু কেঁচুৱাটোক কোলাত লৈ শত্ৰু সৈন্যৰ তম্বুৰ দুৱাৰ মুখত থিয় হৈ এটোপা পানী খুজিলে। কিন্তু এজন নিৰ্মম শত্ৰু-সৈন্যই পানী দিলে—পিতৃৰ কোলাত থকা পুত্ৰক এপাট শৰেৰে হত্যা কৰি।
হোচেনে অশ্রুসিক্ত নয়নেৰে আত্মীয়-স্বজন, বন্ধু-বান্ধৱসকলৰ মৃত্যু-যন্ত্ৰণা চাই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনালে। শেষত শত্ৰুসৈন্য আহি হোচেনৰ শিৰচ্ছেদ কৰি পৰিয়ালৰ বাচি থকা কেইজনক বন্দী কৰি এজিদৰ ওচৰলৈ পঠিয়াই দি এজিদৰ খলিফা পদ নিষ্কণ্টক কৰিলে।
মুছলমানী মাহ মহৰমৰ দহ তাৰিখে কাৰবালাৰ বুকুত এই ঘটনা ঘটিছিল। সেয়েহে প্ৰতি বছৰে এই তিথি অনুসৰি মুছলমানসকলে বিশ্ব ইতিহাসৰ এই কৰুণতম মর্মস্পর্শী কাহিনীটো স্মৰণ কৰি এই পৰ্বৰ অনুষ্ঠান কৰে। ধর্মপ্রাণ মুছলমানসকলে এই তিথিৰ দিনা দিনত একোকে নাখায়। কোৰাণ আৰু নামাজ পঢ়ি কাৰবালাৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায়। ছিয়া সম্প্ৰদায়ৰ মুছলমানসকলে সেই দিনা কবৰৰ আকৃতিত কাগজেৰে ৰং-বিৰঙৰ তাজিয়া সাজি ‘হায় হোচেন, হায় হোচেন’ বুলি বুকুত চপৰিয়াই শোকৰ গীত গাই বিলাপ কৰে। কাৰবালাৰ যুদ্ধৰ অনুকৰণত লাঠি, তৰোৱাল আদিৰে যুদ্ধাভিনয় দেখুৱাই সমদল উলিয়ায়।
মহৰম পৰ্ব জগত্বাসীৰ আগত হোচেনৰ ন্যায়, সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগৰ এক মহান আদর্শ। সমগ্ৰ মানৱ জাতিয়ে হোচেনৰ এই মহান আদৰ্শৰদ্বাৰা অনুপ্রাণিত হৈ পৃথিৱীৰ কলুষ-কালিমা, জ্বালা-যন্ত্ৰণা আঁতৰাই সত্য আৰু ধৰ্মৰ কাৰণে আত্মত্যাগ কৰিলেহে কাৰবালাৰ শ্বহীদসকলৰ আত্মাই তৃপ্তি পাব।