জুবিন গাৰ্গ ৰ গীতৰ কথা
Zubeen Garg Song Lyrics
Click on any song title to view the complete lyrics
মায়া মাঁথো মায়া
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া,
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয় হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোহি জীয়াই,
দেহেমনে আছা যদি
বাৰে বাৰে গুচি যোৱা
মোক কিয় কন্দুৱায়,
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণি হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
মায়াবিনী সেই ৰাতি
আহিছিলো কাষলে তোমাৰ
দুখ হ’বলে,
হাঁহি হাঁহি সাবটিলা
অশ্ৰুভৰা অনুভূতিবোৰ
মনত গুপনে,
মৰমৰ মায়াবী তৃষা
দিবহি মাঁথো বেদনা হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয় হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…
জোনোৱালি নিশাৰ
জোনোৱালি নিশাৰ
ৰূপোৱালি পোহৰে,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
জোনোৱালি নিশাৰ
ৰূপোৱালি পোহৰে,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়;
জিকিমিকি জিকিমিকি
কাৰ সোণ পখিলা,
নাছি নাছি আহি
ৰুণুজুণুকৈ নুপুৰ বজায়,
জিকিমিকি জিকিমিকি
কাৰ সোণ পখিলা,
নাছি নাছি আহি
ৰুণুজুণুকৈ নুপুৰ বজায়;
জোনোৱালি নিশাৰ
ৰূপোৱালি পোহৰে,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়;
পাখি কৰে ৰুণ্ ৰুণ্
গান গায় গুন্ গুন্,
পাখি কৰে ৰুণ্ ৰুণ্
গান গায় গুন্ গুন্,
হাঁহি হাঁহি দেখুৱায়
অঁকাবকা চকামকা
ৰঙা সপোন,
হাঁহি হাঁহি দেখুৱায়
অঁকাবকা চকামকা
ৰঙা সপোন;
জোনোৱালি নিশাৰ
ৰূপোৱালি পোহৰে
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
জোনোৱালি নিশাৰ
ৰূপোৱালি পোহৰে
চকুৰ পাহিত কাৰ
ছবি আঁকি যায়,
চকুৰ পাহিত কাৰ
ছবি আঁকি যায় ৷
ৰুণজুণ নুপৰে মাতে
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
অ’ অ’ অ’……
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
যৌৱন যমুনাৰ পাৰতে,
কিবা ভাবি-গুনি আজি মনতে,
মনত পৰিছে মন উতলা সুৰ;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়…..
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
ফাগুণৰ মধুৰ বা আহি
বাজিছিল তাহানি ইয়াতে;
ফাগুণ আহিছে
পলাশ-বননী শুৱাই;
মন মোৰ উৰি যায়,
চমকি থমকি ৰয়….
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে;
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ ৰুণজুণ…
ৰুণজুণ নুপুৰে মাতে,
কি সাজ সাজে কুঁহিপাতে,
মন মোৰ বলিয়া কৰে,
কুহু কুহু কুলিৰ মাতে…..
অমানিশা সাৰে আছে
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ’ল চবৰ,
দূৰ পোহৰ, দূৰ প্ৰহৰ,
দূৰ তৰাৰো চহৰ,
দেহ নিঠৰ, মন যঁথৰ,
দিশহাৰা হ’ল চবৰ,
চাই ছবিকে হায়,
কৰিছো নেদেখা জনক দোহাই,
গলি গলি নদী হোৱা,
চকুলোৱে যাতে সাগৰ তিয়ায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
এটি ছগা উৰি আছে,
কেনি জ্বলিছে হৃদয়…..
নাই শেৱালী নাই,
বকুলেও ঋতুলে আছে যে ৰৈ,
খুলি খুলি পাহি সৰা,
স্মৃতিয়ে মাঁথো যাতনা বিলায়,
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
অমানিশা সাৰে আছে,
আৰু সাৰে আছো মই…..
হাঁহি-সাঁথৰ, চকু-বাখৰ,
চুমি বুকু হ’ল পাথৰ,
মিঠা মাতৰ মিঠা আদৰ,
মিঠা আঘাত হ’ল প্ৰাণৰ,
নীনাদেৰে আৱাহনী বিয়পাই,
কঁপি কঁপি কান্দি উঠা কলিজাই,
আজি পৃথিৱী কঁপায়…..
পৃথিৱী কঁপায়…..
পৃথিৱী কঁপায়…..
পাখি লগা মনে
পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একে থিৰে ক’ৰবালে চাই,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
নপৰেনে মনতে
তাহানিৰে কথাবোৰ
ধূলি-মাকতিৰে খেলা
লুকা-চুৰি, ৰজা-দৌল,
এইটোনো কাৰ দৌল?
ৰজাৰ দৌল,
ভাঙিমনে নাভাঙিম?
নাভাঙিবা…..
অ’ অ’ অ’ অ’…..
হাৰিলেই যে পেছ্ ধৰা,
জিকিলেই যে কিৰিলি পৰা,
ঢাপলি মেলি ফুৰা,
উজুটিত চকুলো সৰা,
পলক জপাওঁতেই
সকলো সলনি,
সময় পাৰে হৈ
সকলো পূৰণি,
বিছাৰিলেও নোপোৱা
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
দূৰে দূৰে থাকিব
কাহানিবা লাগিব,
তোকে এৰি জাননে
নোৱাৰো যে ভাবিব,
ৰজাই হুকুম দিছে
এদিন ছেদিম বাঈ,
কি হুকুম দিছে?
এদিন ছেদিম বাঈ,
অ’ অ’ অ’ অ’…..
ৰজা ৰাণী খেলোতে
হাতে হাত ধৰোতে,
ভবা যে নাছিলো জান
এৰিবই নোৱাৰিমে,
ধেমালীতে খেলা,
ৰজা-ৰাণী হোৱা,
মচিব সঁচাকে,
কাহানিও নোৱাৰা,
তয়ো ভাবনে এতিয়া
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
পাখি লগা মনে,
কিয় বাৰে বাৰে
তোৰে কাষলে গুচি যায়,
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
তোৰে কথা ভাবি
উকা উৰুঙা লাগে,
একেথিৰে ক’ৰবালে চাই
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
অ’ অ’ অ’ অ’…..
মন যায়
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়,
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে,
কাষে কাষে খোজ দিবলে,
মন যায় মоৰো মন যায়,
চকুত চকু থ’ব মন যায়…..
তোমাক দেখা পালে,
সপোন জাগি উঠে,
বুকুখনি হয় তাজমহল,
মন নদী হৈ,
মৰম সূঁতি বয়,
ঢৌবোৰো তাত হয় সাঁথৰ,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
সমূখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
উদাসী উদাসী গধুৰ পলকতে
জোৰ সপোন আহি বহে,
চুবুৰীয়া বহু সিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মোৰ খোজৰ বাটত ছাঁয়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মন যায় মন যায় মন যায়…..
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়…..
মোৰ বুলিবলে আছেহি বুকু
মৌ-মিঠা তোমাৰে অনুভৱ,
ভয় লাগে জানা
ক’থাৰে ক’বলে,
নাম দিয়া জানোছা সিহৰণ,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা,
ক’বানে কিয় এনে ভাললগা
অসহায় অসহায় নিৰৱতা;
মন যায় মন যায় মন যায়…..
টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা,
মনটোক কিদৰে জোৰা দিওঁ,
খেলিমেলিবোৰে ধুই সেতা কৰা,
বুকুত কিহৰেনো ৰং সানো;
বেদনা বেদনা মোৰ ভালপোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায় মন যায় মন যায়,
মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়;
সুখী হৈয়ে ৰোৱা মোৰ অবিহনে,
এয়া মোৰে শুভকামনা,
লাহে লাহে আঁতৰাই আনি ল’লো
মই মুখ তোমাৰ পৰা,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
কিনো হ’ল,
সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
মন যায় মন যায় মন যায়,
মন যায় মন যায় মন যায়,
চকুত চকু থ’ব মন যায়…..
পাখি পাখি এই মন
পাখি পাখি এই মন
পাখি লগা মোৰ মন,
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি…..
জাকি মাৰি গৈ নাম
এৰি অহা পদূলি,
বুটলি আন ল’ৰালি
উৰি, পাখি মেলি যা উৰি…..
দেউতাৰ হাঁহিৰে
আইৰ স’তে উমলি,
ৰ’দে বৰষুণে ধেমালী
আজৰি সেই আবেলি,
উৰি, পাখি মেলি যা উৰি…..
দোকমোকালিৰ মোৰ পঢ়াশালি
ইংৰাজী-অংক তপিনাত এচাৰি,
খিৰিকিৰ ফাঁকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভটি
খেলা মৰা-মৰি,
দেউতাৰ ৰঙা চকু
একে কোবে মাৰ বুকু,
পঢ়া টেবুলত
ভাগৰত টোপনি,
আইৰ নিচুকণি,
মৰমৰ বুলনি;
পাখি পাখি এই মন
পাখি লগা মোৰ মন,
পাখি মেলি যা উৰি…..
উৰি, পাখি মেলি যা উৰি;
জোনমনি ৰুণ্ জুণ্
তেতিয়া চকুত জোন,
নিভাঁজ আবেগৰ
টোপাটোপে সৰা সোণ,
সাঁতুৰি নাদুৰি
এটি এটি ৰাতি দিন,
খেলা লুকা-চুৰি
নিজকে বিছাৰো সোণ
ৰঙা-নীলা চিলা,
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতেচকুলো বুটলি…..
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি,
উৰি, পাখি মেলি যা উৰি…..
জাকি মাৰি গৈ নাম
এৰি অহা পদূলি,
বুটলি আন ল’ৰালি,
উৰি, পাখি মেলি যা উৰি…..
দেউতাৰ হাঁহিৰে
আইৰ স’তে উমলি,
ৰ’দে বৰষুণে ধেমালী
আজৰি সেই আবেলি,
উৰি, পাখি মেলি যা উৰি…..৷
অলকানন্দা ওঁঠৰ হাঁহি যেন
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুণিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
(অচিনা নদীৰ সোঁতে সোঁতে বৈ) ×২
আহিলা কাষলৈ…
মোৰ জোনাকৰে চিনাকি ছাঁয়াতে
তুমি যে আছিলা ৰৈ
যেন শৰততে শেৱালি বুটলি
আপোন পাহৰা হৈ
কিনো মোহনীয়া
লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া…
মৌন সময়ত আছিলোঁ নীৰলে
মাথোঁ তোমাকে ভাবি
কিয় তুমি আহি
জ্বলালা অগনি
নীৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদুলিতে
উলাহতে পাখি মেলি…
মোলয়াৰ দুপখিত
মোলয়াৰ দুপখিত মূৰ
মনৰ বতৰা
পথিয়ালু তুমালে তুমি
আদৰি ল’বা
পালু বতৰা কি’জে বুকু
ভৰা
মূৰে মন বননীত তুলিলে
ঢৌ হুৰিয়া…
গানে গানে তুমি মূৰ
হুৰে হুৰে তুমি মূৰ
দূৰে দূৰে নৰবা মূৰ
পাও যেন কাষতে মূৰ
তেজে তেজে তুমি মূৰ
হোৱা জুৰিয়া…
উৰু উৰু উখাহে দূৰু
দূৰু বুকুৱে
মৰু মৰু হেপাহে
তুমাকে ধিয়াই
নাহচু নাচু ফুলেৰে
জোলু জোলু হুৰুজে
ফুলু ফুলু ফুলেৱ
তুমৰ কথা কই…
নুসুৱা চ’লেৰে
নুসুৱা চ’লেৰে লাজতে
চালু মই তোমাকে
চাব খুজা চকু যুৰি
বান্ধি মই বুকুতে…
তুমি চালে মৰম বাৰে
সপোনে দুপখি মেলে
পূৰ্ণিমাৰ জোন, বুকুৰে আপোন
তুমি মূৰ হ’বানে, মনৰে দাপোন…
(দিল মেঁ হ্যায় তু, ইয়াদোঁ মেঁ তু,
খাওয়াবো মেঁ তু, তেৰে বিনা
নাহি জীনা, তেৰে বিনা নাহি जीना ও’
মেৰে সাথিয়া)…
স’চা মৰম হিয়াৰে ভৰখা
তুমি বিনে বুকুতে বাৰিখা
মিঠা মিঠা কথা,
মূৰ মন নুবুলাবা
ভয় লাগে জানোসা…
প্ৰিয়তমা
(গুন গুন কাণে কাণে প্ৰীয়াৰে গান
গুণ গুণ গানে গানে নাচিছে প্ৰাণ
চুন চুন চুন চুন বুকুযে উমান
তেজে তেজে লাজৰে অভিমান)
প্ৰিয়তমা প্ৰিয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত…
প্ৰিয়তমা প্ৰিয়তমা মৰম এধানি লোৱানা
ফুল হৈ ফুলি ৰ’ম বুকুত…
তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন…
(ৰিমঝিম ৰিমঝিম প্ৰেমৰে টোপাল
শিৰে শিৰে বাঢ়ি আহে প্ৰেমৰে উজাল
হুম হুম হুম হুম কপিচে কাণ
মৰমত তিতিছে হিয়াৰে ৰুমাল)…
উৰুৱাই দিয়া প্ৰেমৰে আচল
লিখিযাম তাতে মৰমৰে আখৰ
লিখিযাম তাতে ভালপোৱাৰে আখৰ…
প্ৰতিদিনে তুমি
প্ৰতিদিনে তুমি আহি দিয়া অপাহি ফুল
ও জীৱন তুমি ৰহণীয়া ৰঙৰে বুল
অপাহি হাঁহি অপাহি দুখ
তাৰেই হজাই তুলি মুখ…
আকাশকে গাত লৱৰে মন
হাগৰে তলিত হুবৰে মন
মনৰ শিলা উৰুৱাই জীৱনে…
হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ হুৰ এটি
তাতে হেৰাই সন্ধ্যা মূৰ হ’ইটু বা…