0

নলিনীবালা দেৱী

অ’ মোৰ চেনেহী দেশ 

তোমাৰ দুখীয়া পঁজা 

ৰচা তাত শান্তিৰ সৰগ 

ক’ত পাম এনে প্রীতি 

সৰল প্ৰাণৰ ভাষা 

সেৱাৰ মহিমাময় ত্যাগ ? 

দুখীয়া ভগা পঁজা 

একোখনি তীৰ্থ তাত 

একোখনি পুণ্যৰ আশ্ৰম 

মৰিলে পুনৰ আহি 

দুখীয়া দেশত মোৰ 

লওঁ যেন পুনৰ জনম ।