Back to: Patriotic Poems in Assamese Language | অসমীয়া দেশপ্ৰেমমূলক কবিতা
নলিনীবালা দেবী
মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পূৱাত;
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত।
মৰাৰ পিছতো যেন পাঁওহি আকৌ ঠাই
চেনেহৰ শীতলী কোলাত;
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।
পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ লম ওখ বিৰিখত;
পূৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।
আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ
সেউজীয়া শুৱনি জেউতি,
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।
হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰম মানসী বিলত;
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।
নদী হৈ পখালিম দুখানি চৰণ নিতে,
মাটি হৈ মিলিম বুকুত,
সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস;
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।
অ’ মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক’ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।
দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লও যেন পুণৰ জনম।