Back to: Patriotic Poems in Assamese Language | অসমীয়া দেশপ্ৰেমমূলক কবিতা
পদ্মধৰ চলিহা
আজি তোমাৰ প্ৰেমৰ মহা আকর্ষণে আনিছে হে আই, টানি,
ই মহামিলন দেখি গম্ভীৰে
আশিষিছে নীলাচল যোগীবৰে
উমানন্দ-কমণ্ডলুৰে ঢালে শান্তিয়নী পানী।
দিয়াচোঁ জননী, তোমাৰ পুৰণি অমোঘ মন্ত্র দান,
সেৱোঁ শ্ৰীচৰণ তৱ সন্তানে হিন্দু মুছলমান।
কেনে প্রশান্ত সৌম্য মূৰতি আছা তুমি আই, ধৰি,
চোঁৱৰ তোমাৰ শীতল মলয়,
শিতানত পৰি আছে হিমালয়,
বয় শিৰে শিৰে পূণ্য প্ৰৱাহ তোমাৰ অঙ্গ ভৰি ৷
যদিও নিজান তোমাৰ আকাশ জিলিকে ইয়াতো তৰা,
জিলিকি কতনো মহাকবি, সতী
ধৰ্ম-কৰ্ম বীৰু সেনাপতি,
উজলাই তব মুখৰ কান্তি উজলালে বসুন্ধৰা ।
নোহোৱা জননী নিচলা দুখুনী, তুমি বসুধাৰ ৰাণী।
অতীত স্মৃতিৰ মুঙ্গা ‘মণিৰে
শোভিছে কণ্ঠ পুণ্য জেউতিৰে
তোমাৰ তটিনী-বিহগ— কণ্ঠে শুনে মহিমাৰ বাণী।
অকল আমাৰ চকুতে তুমিতো নোহোৱা কাম্যভূমি,
মুনি-মনোহৰা তোমাৰ কান্তি,
বিচাৰি তোমাৰ বুকুৰ শান্তি
আহিল বশিষ্ঠ, গালৱ, গোকর্ণ আদি কত মহামুনি।
ধৰাৰ মাজত তুমিয়ে জননী এখনি শুৱনী ধৰা ।
কতনো তীৰ্থ, সৰি, সাগৰ,
কত মন্দিৰ, কত গিৰিবৰ,
আছা জনজাতি বুকুত সাবটি অমিয় চেনেহ ভৰা ।
আনিছো জননী হিয়াৰ অৰ্ঘ্য তোমাক পূজিম বুলি,
দিয়াঁ দিয়াঁ আই চেনেহ-নিৰ্মালি,
হিংসা স্বার্থ দিম আজি বলি,
পাতিছো হেঁপাহে জাতীয় যজ্ঞ ভাই-ভনী মিলি-জুলি।