0

মিত্ৰদেৱ মহন্ত

অসম অসম সোণৰ অসম 
অ' আই তোৰ চেনেহী বেশ।
কোন খনিকৰে গঢ়িলে প্রতিমা
কোনে দিলে তোক লাহতী কেশ।।

অ' মোৰ সাদৰী আই,
তোৰ মান শুৱনী নাই
তোৰ মান লাৱণি নাই
দিলে ফেঁহুজালি পুৱালি বেলিয়ে
সোণালী কপালী তোকে পিন্ধায় ৷

তোৰ সেউজীয়া আঁচলে আঁচলে
নাচনি ফুলৰে মেল
বিৰিণা বিৰিখে দিছে দহি বাটি
লুইতে বাছিছে শেল,
তোৰ জীয়াৰীয়ে গৈ
কাষতে গাগৰি লৈ
আবেলি বেলিকা নামৰে সুৰেৰে
ভুলায় বোৱতী নৈ।
ৰান্ধনী বেলিয়ে আশা পালি পালি
শুনি যায় ৰৈ ৰৈ।

লাহতী ফাগুনে দিয়ে কাণে কাণে
বহাগী বিহুৰে জান
উঠে গাঁৱে গাঁৱে নামৰ অমিয়া
সুৰৰ সুৱদি তান
আই তোৰ চেনেহী মুখ
দেখিলে পাহৰো দুখ
চেনেহী কোলাৰ আঁচলতে আছে
সাতো সৰগৰে সুখ ।।