১৯৭৮ চনৰ জানুৱাৰী মাহৰ ২০ তাৰিখ শনিবাৰে অসমৰ এগৰাকী অনন্যসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী পুৰুষ, সকলোৰে শ্ৰদ্ধাভাজন ককা, সুসাহিত্যিক, ৰাজনীতিক আৰু সমাজকৰ্মী বাগ্মীবৰ নীলমণি ফুকন ডাঙৰীয়াৰ ৯৮ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। ১৮৮০ চনৰ ২২ জুন তাৰিখে ডিব্ৰুগড়ত বিখ্যাত খাৰঘৰীয়া বংশত ফুকন ডাঙৰীয়াৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম লম্বোদৰ ফুকন আৰু মাতৃৰ নাম চন্দ্ৰাৱলী ফুকননী।

ফুকন ডাঙৰীয়া সৰুৰেপৰা বৰ মেধাৱী ছাত্ৰ আছিল। সেই সময়ত আমাৰ দেশৰ পঢ়াশালিৰপৰা বঙলা ভাষা সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাছিল; সেইবাবে ফুকন ডাঙৰীয়াই ডিব্ৰুগড়ৰ বঙলা ছাত্ৰ-বৃত্তি স্কুলত বিদ্যাৰম্ভ কৰিবলগীয়া হয়। ১৮৯৩ চনত ছাত্ৰ-বৃত্তি স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ হাইস্কুলত ভর্তি হয় আৰু ১৯০০ চনত এনট্ৰেন্স পৰীক্ষাত প্রথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজত পঢ়িবলৈ লয়। সেই চনত গুৱাহাটীত কটন কলেজ প্রতিষ্ঠা হয় আৰু পিছৰ বছৰতে এফ. এ.-ৰ দ্বিতীয় বার্ষিক শ্রেণীও খোলা হয়। ফুকন ডাঙৰীয়া তেতিয়া কলিকতাত পঢ়া প্ৰায় সকলো ছাত্ৰৰে স’তে আহি কটন কলেজৰ দ্বিতীয় বার্ষিক শ্ৰেণীত ভৰ্তি হৈ কলেজ পতা কাৰ্যত প্ৰকাৰান্তরে সহায় কৰে। পৰীক্ষাৰ আগতে টান নৰিয়া হোৱা বাবে তেখেতে পলমকৈ ১৯০৫ চনতহে এফ. এ. পৰীক্ষাত উত্তীৰ্ণ হয় আৰু তাৰ দুবছৰ পাছত ১৯০৭ চনত কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰপৰা বি. এ. ডিগ্রী লাভ কৰে। ইয়াৰ পিছত স্বাধীনচেতীয়া ফুকন ডাঙৰীয়াই চাকৰি নকৰি আইনজীৱী হোৱাৰ মানসেৰে কলিকতাত আইন পঢ়িবলৈ গৈছিল ; ইতিমধ্যে ডিব্ৰুগড়ত জর্জ ইনষ্টিটিউট (হাইস্কুল) স্থাপন হ’লত তেখেত তাৰ প্রধান শিক্ষক হয়হি আৰু একেৰাহে কেবাবছৰো এই কাম কৰি স্কুলখন একেবাৰে ঠনধৰি উঠাৰ পাছতহে তেখেতে এই কামৰপৰা অব্যাহতি লয় ৷

১৯২১ চনত তেখেতে অসম কাউন্সিললৈ স্বতন্ত্রভাৱে নিৰ্বাচিত হয় আৰু এই পদত থকা কালছোৱাৰ মাজতে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ লগত লগ লাগি ‘অসম সংৰক্ষণী’ সভা স্থাপন কৰে। ১৯৩৫ চনত তেখেতে ভাৰতৰ জাতীয় কংগ্ৰেছত যোগদান কৰে। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ক্ৰমে ১৯৪৮ আৰু ১৯৫২ চনত দুয়োটা নিৰ্বাচনতে কংগ্ৰেছৰপৰা অসম বিধান-সভাৰ সদস্য হৈ ১৯৫৭ চনলৈকে এই পদত থাকি দেশ গঠনত অৰিহণা যোগায়।

তেখেত অবিবাহিত আছিল আৰু ৰাজনৈতিক, সামাজিক, শিক্ষা, সাংবাদিক আৰু সাহিত্যিক আদি বিবিধ কাৰ্যত নানাভাৱে জড়িত হৈ দেশ আৰু দহৰ সেৱাত আত্মনিয়োগ কৰিছিল। কিন্তু সাংবাদিক আৰু সাহিত্যিক হিচাপেহে তেখেত বেছি প্ৰখ্যাত হয়। ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত কাম কৰি থকা অৱস্থাতে তেখেতে তাৰপৰা প্ৰকাশিত মাহেকীয়া কাকত ‘আলোচনী’ৰ সম্পাদক হয়। কিছু বছৰ চলাৰ পিছত কাকতখন বন্ধ হয়। ইয়াৰ পিছত চন্দ্ৰকুমাৰ আগৰৱালাদেৱে গুৱাহাটীৰপৰা উলিউৱা ‘অসমীয়া’ কাকতৰো তেখেতে আঁৰত থাকি গুৰি ধৰিছিল। ১৯৩১ চনত বিখ্যাত চাহ-খেতিয়ক শিৱপ্ৰসাদ বৰুৱাই ‘বাতৰি’ নাম দি যোৰহাটৰপৰা উলিউৱা সাদিনীয়া কাকতখনৰো ফুকনদেৱকে সম্পাদক পতা হয়। তেখেতৰ যত্নতে ই পিছত দৈনিক বাতৰি হৈ প্ৰকাশ পাইছিল আৰু প্রায় পাঁচ বছৰ কাল ভাল ৰকমে চলিছিল। ইয়াৰ ভিতৰতে ফুকন ডাঙৰীয়াই নিজাকৈ ‘ন-জোন’ নামৰ মাহেকীয়া কাকত এখনো উলিয়াইছিল যদিও চাৰিটা সংখ্যা ওলোৱাৰ পিছতে কাকতখন বন্ধ হয়। অসমৰ উন্নতি আৰু স্বাৰ্থৰক্ষাৰ হকে তেখেতে এইবোৰ আলোচনী, বাতৰি কাকতৰ জৰিয়তে বিশেষভাৱে প্ৰচাৰ চলাইছিল।

কিন্তু ফুকন ডাঙৰীয়াই কিছু পলমকৈহে একান্তভাৱে সাহিত্য সাধনাত আত্মনিয়োগ কৰে। ১৯৩৮ চনত তেখেতৰ চনেটৰ লেখীয়া ‘জ্যোতি-কণা’ নামৰ কবিতা পুথিখন প্রকাশ পায়। ১৯৩৭ চনৰ ৭ পুহৰপৰা ‘দৈনিক বাতৰি’ চিৰদিনৰ বাবে বন্ধ হৈ যায়। সেই দিনা বোলে বাহিৰত ডাঠ কুঁৱলী দিছিল। কাকতখন বন্ধ হোৱা বাবে শ্রদ্ধেয় ফুকন ডাঙৰীয়াৰ মনতো আছিল কুঁৱলী। “প্ৰকৃতিয়েও আজি মোক সমবেদনা জনাইছে”—এই ভাবত উদ্বুদ্ধ হৈ তেখেতে ‘কুঁৱলী’ নামৰ কবিতাটি ৰচে আৰু ইয়াৰ পিছত প্ৰত্যেক দিনে একোটাকৈ মুঠতে ১০৮ টা কবিতা ৰচি‘জ্যোতি-কণা’ৰ জন্ম দিয়ে। ১৯৪০ চনত ‘চিন্তামণি’ আৰু ১৯৪২ চনত

‘সাহিত্য-কলা’ নামৰ তেখেতৰ দুখন ওখ-খাপৰ গদ্য পুথি প্রকাশ পায়। ‘জয়াতীৰ্থ’, ‘মহাপুৰুষীয়া ধৰ্ম’, ‘কীৰ্তনৰ লৱণু’, ‘জগৎ-গুৰু শ্ৰীমন্ত শংকৰৰ ভক্তিমাৰ্গ দর্শন’ আদি তেখেতৰ অন্যান্য গদ্য ৰচনা। জ্যোতিকণাৰ বাহিৰেও ‘মানসী’, ‘সন্ধানী’, ‘অমিত্রা’, ‘গুটিমালী’, ‘জিঞ্জিৰী’, ‘মর্মবাণী’, ‘আহুতি’, ‘তৰুণ অসম’, ‘মৰা ডালত কুঁহিপাত’, ‘শতধাৰা’, ‘তুমিনো নোহোৱা কি’, ‘মানস প্ৰতিমা’ আদি তেখেতৰ প্ৰকাশিত স্বৰচিত কবিতা-পুথি। অপ্রকাশিত অৱস্থাতো তেখেতৰ আৰু ভালেমান কবিতা থকা বুলি জনা যায়৷ ‘মানসী’ আৰু ‘সন্ধানী’ তেখেতৰ সৰ্বশ্রেষ্ঠ কবিতা-পুথি ৷

তেখেত এগৰাকী ওজস্বী সুবক্তাও আছিল ; সেইবাবে তেখেত ‘বাগ্মীবৰ’ বুলি খ্যাত হৈছিল। তেখেতে ১৯৪৭ চনত ডিব্ৰুগড়ত আৰু ১৯৬৪ চনত শিৱসাগৰত অনুষ্ঠিত ‘অসম সাহিত্য সভা’ৰ দুয়োখন বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰিছিল। ইয়াৰ বাহিৰেও সৰু-বৰ নানান কাম আৰু অনুষ্ঠানত সভাপতি, সদস্য আৰু উপদেষ্টা হিচাপে কোনো নহয় কোনোৰূপে জড়িত আছিল। সৰ্বভাৰতীয় অনুষ্ঠান কিছুমানতো তেখেতে প্রতিনিধিত্ব কৰিছিল। ইয়াৰ ভিতৰত ভাৰতীয় সাহিত্য একাডেমি’ৰ নাম বিশেষভাবে উল্লেখযোগ্য। জীৱনৰ ভাটী বয়সতো তেখেত সুদূৰ জাৰ্মানি আৰু ৰাচিয়া ভ্ৰমণ কৰি আহিছিল। 

ফুকন ডাঙৰীয়াৰ জীৱদ্দশাতে শতবার্ষিকী উৎসৱ পালন কৰিবলৈ অসমীয়া জাতিয়ে মনে-প্রাণে বিচাৰিছিল । আৰু দুবছৰ থকা হ’লে সেয়া হৈ উঠিলহেঁতেন। এবাৰ দুজন ছাত্ৰই সাক্ষাৎ কৰিবলৈ গৈ তেখেতৰ সমুখতে তেখেত এশ বছৰ জীয়াই থাকক বুলি কামনা কৰা শুনি তেখেতে!হেনো হাঁহি হাঁহি কৈছিল—“তোমালোকে মোক মাথোন এশ বছৰ জীয়াই থকাটোহে বিচৰা নেকি? মোৰ মৃত্যুৰ পিছতো মোক জীয়াই নাৰাখিবা নে?”

কিয় নাৰাখিম ককা? আপোনাৰ ব্যক্তিত্ব কালে মষিমূৰ কৰিব নোৱাৰে। আপুনি আপোনাৰ কৰ্মৰদ্বাৰাই মৃত্যুঞ্জয়ী। আপোনাৰ প্ৰেৰণাই আমাক যুগে যুগে প্ৰেৰণা দিব।

Categorized in: