বাৰিষা কাল ৰচনা | Rainy Season in Assamese Essay

You are currently viewing বাৰিষা কাল ৰচনা | Rainy Season in Assamese Essay

বছৰৰ বাৰটি মাহক দুটা দুটা মাহ লগ লগাই লক্ষণভেদে মুঠতে ছ’টা ঋতুত ভাগ কৰা হয়। এই হিচাপত শাওণ-ভাদ মাহ দুয়োটা বর্ষা ঋতু বা বাৰিষা কাল। কিন্তু অসমত ব’হাগ মাহৰপৰাই বৰষুণ আৰম্ভ হৈ একেবাৰে আহিন মাহলৈকে থাকে। ইয়াৰ ভিতৰত জেঠ, আহাৰ, শাওণ আৰু ভাদ এই চাৰি মাহত বাৰিষাৰ প্ৰকোপ আটাইতকৈ চৰে। অসমীয়া মানুহে সেইবাবে ছ’মাহ বাৰিষা আৰু ছ’মাহ খৰালিকাল এনেদৰে বছৰটোক দুটা বহল ভাগত ভাগ কৰে।

অসম নদ-নদী, হাবি-বন আৰু পৰ্বত-পাহাৰেৰে পৰিপূৰ্ণ। গ্রীষ্মকালৰ মৌচুমী বতাহে ইয়াৰ পৰ্বত-পাহাৰত বাধা পাই অতি বৰষুণ দিয়ে ; ফলত নদ-নদীবোৰ পানীৰে উপচি পৰি পাৰ ভাঙি বৈ যায়। নদীৰ পাৰ উপচি পৰিলেই গোটেই ৰাজ্যতে বান-বাৰিষা হয়। বিশেষকৈআহাৰ, শাওণ আৰু ভাদ এই তিনি মাহত ইমান বৃষ্টিপাত হয় যে ৰাজ্যত উপর্যুপৰি তিনিচাৰিটাকৈ প্ৰবল বানপানী হৈ অসমবাসীক জুৰুলা কৰে।

এফালে বৰষুণ-বানপানী ধুমুহা আদিয়ে জুৰুলা কৰিলেও আনফালে আকৌ বাৰিষাৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ দান কৰে। বাৰিষাৰ আকাশত সঘনে দেখা দিয়া ৰামধেনুৱে মানুহৰ মনৰ আকাশো ৰঙাই তোলে। ক’লীয়া ডাৱৰৰ বলিয়া গৰ্জনৰ মাজত বিজুলিচমকনিতে সৌন্দৰ্যৰ পোহাৰ মেলে। আকাশ ওন্দোলাই পেলোৱা মেঘে নিজেই কেতিয়াবা বিভিন্ন বৰণ আৰু আকৃতিৰে ভাবুকজনক বিমোহিত কৰে। ‘পথাৰ-সমাৰ একাকাৰ কৰা’ বানপানীয়ে সাগৰৰ সান্নিধ্য নোপোৱা অসমীয়াৰ মনত সাগৰৰ সৌন্দৰ্যৰ কল্পনা জগাই তোলে। দ’ পথাৰ আৰু বিলৰ বুকুত ফুলি থকা ভেঁটফুল ,পদুমফুল আৰু বাৰীৰ ঢাপ, আলিৰ দাঁতি আদিত ফুলি থকা আজাৰ-সোণাৰু কদম আদি গছৰ ফুলৰ সৌন্দৰ্যয়ো মানুহৰ মনত অপাৰ আনন্দ দিয়ে ৷ বানপানীৰ সোঁতে -সোঁতে খেলি ফুৰা বাৰেবৰণীয়া মাছ আৰু উৰি ফুৰা চৰাই-চিৰিকটিৰ জাক আৰু সিহঁতৰ অমাতৰ মাতেও কম সৌন্দৰ্যৰ সৃষ্টি নকৰে।

বাৰিষাৰ অনেক সুফলো আছে। বাৰিষাৰ বৰষুণ-বানপানীয়ে মাটি সাৰুৱা কৰে। মাছ পুঠিৰ সূচল হয় ৷ দুখীয়া দৰিদ্ৰ লোকেও নাৱেৰে কম খৰচতে দূৰ-দূৰণিলৈ গৈ লাগতিয়াল খৰি -খেৰ বা তেনে ধৰণৰ বস্তু-বাহানি গোটাব পাৰে। বৰষুণ আৰু বানপানীয়ে গাঁৱে-ভূঞে জমা হৈ থকা আৱৰ্জনাবোৰ উটুৱাই নি নিকা কৰে। মানুহৰ অনিষ্টকাৰী পোক-পৰুৱা আদিও বানপানীত বহু পৰিমাণে উটি-ভাহি যায়। আমাৰ ৰাজ্যৰ গ্ৰীষ্মকালো বাৰিষাৰ অন্তৰ্গত। গ্ৰীষ্মৰ তাপৰ তত নোপোৱা মানুহৰ দেহ-মনক বাৰিষাৰ বতাহ-বৰষুণেহে শাঁত পেলায়। বাৰিষাৰ বানপানীৰপৰা মানুহে পৰোক্ষভাৱে কোনো কোনো বিষয়ে শিকনিও পাব পাৰে। মাউখে উটি যোৱা গুড়ি পৰুৱাৰ পৰা একতা আৰু সাপে-নেউলে কিম্বা বাঘে -ছাগে একেলগে আশ্রয় লোৱা দৃশ্যৰপৰা মানুহে শান্তিপূর্ণ সহ-অৱস্থানৰ আদৰ্শ গ্ৰহণ কৰিব পাৰে। আম, কঁঠাল, লিচু, লেটেকু, পনীয়ল, মাটি কঁঠাল, জামু, মধুৰিআম আদি ফল-ফক্কৰো বাৰিষা কালৰে দান কিন্তু বাৰিষা কালত মানুহ আৰু গৰু-ম’হ আদিৰ দুৰ্যোগ আৰু দুর্ভোগসমূহলৈ চাই ইয়াৰ সুফলতকৈ কুফলহে সৰহ বুলিব পাৰি। বৰিষাৰ প্ৰৱল বানত ঘৰ-দুৱাৰ প্ৰায়ে বুৰ যায় ; ফলত মানুহ আৰু জীৱ-জন্তুৰ দুখৰ সীমা নোহোৱা হয়। মানুহকে ধৰি গৰু, ছাগলী, ম’হ আদি প্ৰাণীৰ বিনাশ ঘটে। অতি যত্নেৰে কৰা আৰু আশাৰে বাট চাই থকা পথাৰৰ খেতি সমূলি বিনষ্ট কৰি আকালৰ সৃষ্টি কৰে। নৈৰ গৰাখহনীয়ায়ো নৈ-পৰীয়া গাঁও-নগৰৰ বৰ অনিষ্ট কৰে। বাৰিষাৰ বতৰত মহ-ডাঁহ আদি কিছুমান পোক-পৰুৱাৰ বৰ প্ৰাদুৰ্ভাৱ হয় । সেয়ে বানপানীৰ লগে লগে প্ৰায়ে নানা বেমাৰ-আজাৰেও দেখা দিয়ে।

বাৰিষা বান-বিধ্বস্ত লোকক সহায় কৰাটো মানৱোচিত কৰ্তব্য। সেয়েহে স্বদেশ-বিদেশৰ ৰজাঘৰ প্ৰজাঘৰ সকলোৱে এনে লোকলৈ সাহায্য আগবঢ়ায়। বান-পীড়িত লোকৰ উদ্ধাৰৰ কাৰণে সামৰিক বাহিনীকো নিয়োগ কৰা হয়। বিনামূলীয়াকৈ খাদ্য আৰু ঔষধ-পাতিৰো যোগান ধৰা হয় । বান-বিধ্বস্ত লোকৰ সাহায্যৰ যোগান ধৰা হয় । বান-বিধ্বস্ত লোকৰ সাহায্যার্থে আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বছৰি বছৰি অনেক কোটি টকা খৰচ কৰে। অৱশ্যে এনেকুৱা লোকৰ সাহায্যার্থে দিয়া ধনবিতকো কোনো কোনো দুৰ্নীতিপৰায়ণ লোকে আত্মসাৎ কৰাৰ অভিযোগো শুনা যায়। 

ৰাজনৈতিক দল-উপদলৰ সহানুভূতিও প্ৰায়ে ‘ঘঁৰিয়ালৰ চকুপানী’ৰ লেখীয়া হোৱা দেখা যায়। যিয়ে নহওঁক এইবোৰ সাময়িক প্রতিবিধানহে। বাৰিষাৰ দুৰ্যোগৰপৰা মানুহক ৰক্ষা কৰাৰ স্থায়ী ব্যৱস্থাৰ বিষয়েহে চিন্তা কৰা উচিত। অসমলৈ বাৰিষা কাল আহিবই। বাৰিষাৰ লগতে বতাহ বৰষুণ বানপানীয়ো আহিব। কেৱল তাৰ প্ৰাৱল্য আৰু ভয়াৱহতাখিনি নাথাকিলেই হয় । বাৰিষাৰ দুৰ্যোগৰপৰা তেতিয়াহে আমাৰ মানুহখিনি ৰক্ষা পৰিব, যেতিয়া আমাৰ ৰাজ্যৰ নদ-নদীসমূহ পৰিকল্পিতভাৱে আৰু বৈজ্ঞানিক পদ্ধতিৰে নিয়ন্ত্ৰিত কৰা হ’ব।