চাহ এবিধ উত্তম পানীয়। চাহ-গছৰ পাত ‘কল’ৰ সহায়েৰে গুড়ি কৰি চাহ-পাত তৈয়াৰ কৰা হয় । উতলা গৰম পানীত চাহ-পাত দিলেই পানীখিনি ৰঙচুৱা হৈ পৰে আৰু লগে লগে চেকনিৰে ফিকা চাহ-পানীখিনি চেকি লৈ জোখমতে গাখীৰ আৰু চেনি মিহলাই এই পানীয় প্ৰস্তুত কৰা হয়। আগেয়ে শীতপ্রধান ঠাইৰ লোকেহে ইয়াক ব্যৱহাৰ কৰিছিল। আজি-কালি পৃথিৱীৰ সকলোতে ইয়াক ব্যৱহাৰ কৰা দেখা যায়। শাৰীৰিক বা মানসিক পৰিশ্ৰমৰ অন্তত চাহ একাপ খাবলৈ পালে অৱসাদ দূৰ হয় আৰু নতুন প্ৰেৰণা জন্মে। আজি-কালি আমাৰ ইয়াত চাহৰ প্ৰচলন খুব বাঢ়িছে।
*আমাৰ দেশৰ শিল্পবোৰ দুই ধৰণে পৰিচালিত হয়। এক হ’ল—ব্যক্তিগত মালিকী স্বত্বৰ, ইয়াত আয়-ব্যয় সমুদায় মালিকৰ ; কৰ্মচাৰী আদিৰ নিয়োগো মালিকেই কৰে। নিজৰ গাঁথিৰ ধন ভাঙি নতুবা চৰকাৰী ঋণ-অনুদান আদি লৈও ব্যক্তিয়ে নিজে এনে শিল্প বা উদ্যোগ হাতত ল’ব পাৰে। এনেবিধ উদ্যোগক ব্যক্তিগত খণ্ড (Private sector) বুলি কোৱা হয়। চৰকাৰে নিজৰ-ববীয়াকৈ ৰাইজৰ হকে প্রতিষ্ঠা কৰা শিল্পদ্যোগক ৰাজহুৱা খণ্ড (Public sector) বোলা হয়।
মিঠাইৰে আলহীকো সোধা হয়। ৰাতিপুৱা ঘৰে ঘৰে চাহ-জলপান খোৱাটোও নিয়মত পৰিণত হৈছে। চাহ-খেতি অসমত কিয় ভাৰতবৰ্ষতে নতুন। ইউৰোপীয় লোকসকলেহে ইয়াক আমাৰ দেশত প্ৰৱৰ্তন কৰে। ইয়াৰ জন্মস্থান চীনদেশ বুলি কোৱা হয় যদিও অসমৰ হাবিতো ইয়াক পোৱা গৈছিল৷ ভাৰতৰ ভিতৰত অসমতে চাহ প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। অসমৰ বাহিৰে দাক্ষিণাত্যৰ নীলগিৰি, কেৰেলা, উত্তৰ প্ৰদেশৰ কোনো কোনো ঠাই, পশ্চিমবঙ্গৰ দার্জিলিং, জলপাইগুড়ি আদিতো কিছু পৰিমাণে চাহ-খেতি কৰা হয় । আদিতে অসমৰ চাহবাগানবোৰৰ মালিকবোৰ প্ৰায়ে বিদেশী—ঘাইকৈ ইংৰাজ লোক সকল আছিল। আজি-কালি দেশী বাগানো কিছু হৈছে। তথাপিও ইয়াৰ প্ৰধান কার্যালয়সমূহ কলিকতাতহে আছে। আনকি চাহৰ নীলাম বজাৰো আজি কেই-বছৰমানৰপৰাহে গুৱাহাটীত পতা হৈছে। সেইবাবে চাহ-খেতি যদিও অসমৰ এবিধ প্ৰধান খেতি, তথাপি অসম চৰকাৰ আৰু অসমীয়া মানুহে ইয়াৰপৰা পাব লগা আয়খিনি পোৱা নাই। ইয়াত কাম কৰা বনুৱা-মজদুৰবোৰো অসমৰ বাহিৰৰপৰা অহা। ওপৰ চামৰ বিষয়া, মেনেজাৰ আদিও সৰহ সংখ্যক অসমৰ বাহিৰৰ মানুহ। সাধাৰণ কেৰাণী-মহৰী আদিহে অসমীয়া। এই বাহিৰা মানুহখিনিয়েও অসমৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা কিছু জটিল নকৰা নহয়, সুখৰ বিষয়টো হ’ল বনুৱা মানুহখিনিয়ে অসমীয়া ভাষা-কৃষ্টি গ্রহণ কৰি অসমীয়া মানুহৰ লগত মিলি পৰিছে।
চাহ-খেতি ৰাজসিক খেতি—আমাৰ সৰ্বসাধাৰণ খেতিয়কে ইয়াক কৰিব নোৱাৰে। দৰাচলতে ইয়াক খেতি নুবুলি উদ্যোগহে বুলিব লাগে। ইয়াৰ কাৰণে প্ৰচুৰ মূলধনৰ প্রয়োজন৷ ইয়াত ভালেমান বনুৱা কৰ্মচাৰীৰ দৰকাৰ, নানান আধুনিক যন্ত্রপাতি আৰু সাজ-সঞ্জুকো লাগে। ইয়াৰ কাৰণে বিশেষ প্রশিক্ষণ আৰু ব্যৱসায়িক বুদ্ধিৰো প্ৰয়োজন।
আগেয়ে গুটিৰপৰা পুলি তৈয়াৰ কৰি চাহ খেতি কৰা হৈছিল। আজি-কালি গুটিৰ উপৰিও কলমৰপৰাও গছ কৰা হয়। চাহৰ গছ আৰু গুণ উন্নত কৰাৰ কাৰণে ‘টোকোলাই’ত এটা চাহ-গবেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। মাটি চহাই শাৰী শাৰীকৈ চাহ গছবোৰ ৰোৱা হয়। ছাঁ দিবৰ কাৰণে চাহ-গছৰ মাজে মাজে শিৰিষ-জাতীয় গছো পাতল পাতলকৈ ৰুব লাগে। চাহ গছবোৰ কিছু ডাঙৰ হ’লে তাৰ কোমল পাতবোৰ তুলি অনা হয়। একেজোপা চাহ গছৰপৰা বছৰি ৪/৫ বাৰমান চাহ-পাত তুলিব পাৰি। চাহ-পাত তোলাৰ পিছত গছৰ গুৰিত প্ৰচুৰ সাৰ-পানীৰ আৱশ্যক হয়।‘এটি কলি দুটি পাত’ অৰ্থাৎ দুটি পাতেৰে সৈতে চিঙি অনা আগটোৰ চাহ স্বাদ আৰু গুণত উত্তম হয়। পাতবোৰ ছিঙি আনি নিৰ্দিষ্ট ঠাইত বিজুলি পাঙ্খাৰে বা-দি লেৰেলিবলৈ দিয়া হয়; তাৰ পাছত কল-ঘৰলৈ নি কলৰ সহায়ত পাতবোৰ গুড়ি কৰি শুকাই-মেলি ব্যৱহাৰৰ উপযোগী কৰি বজাৰত উলিয়াই দিয়া হয় । গুণাগুণ অনুসাৰে চাহৰ দামৰো তাৰতম্য হয়।
একোখন চাহ-বাগিচা একোখন গাঁৱৰ দৰে। ইয়াত মেনেজাৰ আৰু আন আন কৰ্মচাৰীৰ থকা ঘৰ-দুৱাৰৰ বাহিৰেও মজদুৰৰ কাৰণে নিৰ্দিষ্ট বস্তি আছে। মজদুৰৰ ল’ৰা-ছোৱালী পঢ়িবৰ কাৰণে পঢ়াশালি আছে, চিকিৎসাৰ কাৰণে ডাক্তৰখানা আছে।
আগেয়ে মজদুৰৰ ওপৰত মালিক-মেনেজাৰ আদিয়ে অত্যাচাৰ আদিও কৰিছিল। আজি-কালি মজদুৰসকলক যাতে অত্যাচাৰ কৰিব নোৱাৰে, তেওঁলোকক যাতে নিজ প্রাপ্যৰপৰা বঞ্চিত কৰিব নোৱাৰে আৰু সৰ্বোপৰি তেওঁলোকৰ যাতে মানৱীয় অধিকাৰ খৰ্ব কৰিব নোৱাৰে, তাৰ কাৰণে নানা বিধি-ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। তাৰ উপৰি তেওঁলোকৰ স্বাৰ্থৰ কাৰণে মাত মাতিবলৈ মজদুৰ সংঘ, ট্রেড-ইউনিয়নৰ নিচিনা অনুষ্ঠান আদি গঢ়ি উঠিছে। ফলত, এওঁলোকৰ অৱস্থা আগতকৈ ভালেখিনি উন্নত হৈছে। অসমৰ বিধান-সভাত এওঁলোকৰ স্ব-নিৰ্বাচিত প্রতিনিধিও আছে।
চাহ-বাগিচাৰ আৰু এটা পৰোক্ষ সুফল আছে। বাগিচাৰ মজদুৰসকলে যেনেকৈ অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিছে, আনহাতে আকৌ এওঁলোকৰ নিজস্ব সংস্কৃতি আৰু শব্দসম্ভাৰেৰে আমাৰ সংস্কৃতি আৰু ভাষাকো চহকী কৰিছে। চাহ-বাগিচাৰ পটভূমিত, চাহ বনুৱা-কৰ্মচাৰীৰ জীৱনক লৈ এক শ্ৰেণীৰ সুখপাঠ্য সাহিত্যও সৃষ্টি হৈছে। চাহ-বাগিচাৰ জীৱনক লৈ কথা-ছবিও নিৰ্মাণ কৰা হৈছে। বনুৱাসকলৰ মাজৰপৰা ভাল সাহিত্যিকো ওলাইছে।
এই সকলো ফালৰপৰা বিৱেচনা কৰি চাই চাহ খেতি তথা চাহ-উদ্যোগক অসমৰ এটা গৌৰৱময় খেতি বা উদ্যোগ বুলি কোৱা হয়। কিন্তু ‘ৰুলোঁ মোৰ মাটিত, বগালে আনৰ টাটীত’। নিজৰ মাটিত ৰুলেও আনৰ টাটীত বগোৱা লাউ-কোমোৰাৰ ফল গিৰিহঁতে ভোগ কৰিবলৈ নোপোৱাৰ নিচিনা অসমৰ মাটিৰ এই শিল্পটিৰো সাৰভাগ (lion share) অসমে ভোগ কৰিবলৈ পোৱা নাই। সেইবাবেই ইয়াক ৰাষ্ট্ৰীয়কৰণৰ কাৰণে জনমত গঢ়ি উঠিছে। চৰকাৰে এই জনমতৰ প্ৰতি সমুচিত সঁহাৰি দিয়া উচিত বুলি আমি বিৱেচনা কৰোঁ।