মৰাপাট ৰচনা – আমাৰ অসমৰ মৰাপাট খেতি

You are currently viewing মৰাপাট ৰচনা – আমাৰ অসমৰ মৰাপাট খেতি
মৰাপাট ৰচনা

বৰ্তমান আমাৰ অসমৰ প্ৰধান খেতি তিনিবিধ—ধান, মৰাপাট আৰু চাহ। ইয়াৰ ভিতৰত শেষৰটো ৰাজসিক খেতি—বিত্তৱান লোকেহে চাহ-খেতি কৰিব পাৰে। ধান আৰু মৰাপাটহে সৰ্বসাধাৰণ খেতিয়কে কৰা খেতি। ধান আৰু মৰাপাট দুয়োটা পুৰণি কালৰেপৰা চলি অহা খেতি হ’লেও অসমত মৰাপাট-খেতি সঞ্চালনিকৈ কৰিবৰ বেছি দিন হোৱা নাই। আগেয়ে ধান-খেতিৰ লগতে পঘা, ৰছী বা জৰী আদিৰ কাৰণে প্ৰয়োজন হোৱা পৰিমাণেহে আমাৰ খেতিয়কে মৰাপাটৰ খেতি কৰিছিল।

 

পূৰ্বৰ পূর্ববঙ্গ আৰু এতিয়াৰ বাংলাদেশৰ মৰাপাট এডনীয়া খেতি। বৃটিছৰ দিনত পূর্ববঙ্গৰপৰা ভালেমান মুছলমান কৃষিজীৱী লোক আহি অসমৰ চৰ-চাপৰি আদিত স্থায়ীভাৱে বসবাস কৰেহি। এওঁলোকে আহি অসমতে ব্যাপকভাৱে মৰাপাটৰ খেতি কৰি সফল হয়। ক’বলৈ গলে থলুৱা অসমীয়া খেতিয়কেও ব্যৱসায়িক ভিত্তিত ব্যাপকভাৱে মৰাপাট-খেতি কৰিবলৈ এওঁলোকৰপৰাই অনুপ্ৰেৰণা পায়। বর্তমান ভাৰতৰ মৰাপাট উৎপন্নকাৰী ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবঙ্গ প্রথম আৰু তাৰ তলতে অসমৰ স্থান। অসমৰ ভিতৰতে আকৌ ধুবুৰী, গোৱালপাৰা, কামৰূপ, বৰপেটা আৰু নগাঁও জিলাত সৰ্বাধিক মৰাপাট উৎপন্ন হয়।

মৰাপাট গুটিৰপৰা হোৱা শস্য। ই কেবা জাতৰো। আজি-কালি চৰকাৰী গৱেষণাৰ ফলত আগতকৈ ভালেমান উন্নত জাতৰ মৰাপাটৰ সঁচ ওলাইছে।মৰাপাট-খেতিৰ বাবে নৈপৰীয়া বালিচঁহীয়া মাটি উত্তম। বর্তমান বাকৰিবোৰত নুমলীয়াকৈ ৰুব পৰা এজাত মৰাপাটৰো উদ্ভাৱন কৰা হৈছে। সাধাৰণতে ফাগুন-চ’ত মাহত হাল বাই মাটি ভালকৈ চহাই লৈ মৰাপাটৰ গুটি সিঁচি দিয়া হয়। পুলিবোৰ ছয় সাত চেন্টিমিটাৰমান ওখ হ’লে খেতিডৰা নিৰাই পাতলাই দিব লাগে। আগেয়ে মৰাপাটৰ গুটি কেৱল হাতেৰে সিঁচি দি ৰুব লাগিছিল। আজি কালি গুটিসিঁচা যন্ত্ৰৰ সহায়ত মৰাপাট-তলীত শাৰী শাৰীকৈ গুটি সিঁচিব পৰা হৈছে। শাৰীশাৰীকৈ গুটি সিঁচিলে কম গুটি লাগে আৰু নিৰাই দিবলৈ সুচল হয়। মৰাপাট খেতিত প্ৰচুৰ পৰিমাণে সাৰ-পানীৰ আৱশ্যক। ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে বিশেষ সুফল পোৱা যায়। বিছাজাতীয় এবিধ পোকে মৰাপাটৰ পাতবোৰ খাই অনিষ্ট কৰে। ইয়াৰ প্ৰতিষেধক ঔষধ আদি প্ৰয়োগ কৰিলে পোকৰ উপদ্ৰৱৰপৰা হাত সাৰিব পাৰি ; কিন্তু ৰাসায়নিক সাৰ আৰু ঔষধ প্ৰয়োগৰ বিধি-ব্যৱস্থা ভালকৈ জানি লৈহে প্ৰয়োগ কৰিব লাগে।

তিনি চাৰি মাহ হ’লে মৰাপাট কাটিবৰ হয়। মৰাপাটৰ গছবোৰ গুৰিতে কাটি ৰোৱা – থলীতে দুই-চাৰিদিন জাপি থ’ব লাগে। পাতবোৰ লেৰেলি গ’লে জোকাৰি লৈ সৰু সৰু আটি কৰি পানীত গৰ খাবলৈ দিব লাগে ৷ ভালদৰে গৰ খোৱাৰ পিছত আঁহযুক্ত ছালবোৰ গছৰপৰা সাৱধানে এৰুৱাই পানীত পৰিষ্কাৰকৈ ধুই-ধুই ডাঁব বান্ধি ৰ’দত শুকুৱাব লাগে। শুকুৱাৰ পাছত মুঠি মুঠিকৈ বান্ধি বেচিবৰ কাৰণে মৰাপাট সাজু কৰি ৰখা হয়।

* তলি—তল, যেনে—কলহৰ তলি, কুৱাৰ তলিত। তলী—শস্য ৰোৱা ঠাই (কোনো কোনো অভিধানত হ্রস্ব “” ইকাৰ থাকিলেও ব্যাকৰণ মতে ‘৭’ইকাৰহে হয়)। যেনে—মাহতলী, বিহুতলী ইত্যাদি।

মৰাপাট নানান কামত ব্যৱহাৰ হয়। আমাৰ ঘৰুৱা ৰছী বা জৰী আদিৰ বাহিৰেও ইয়াৰপৰা থৈলা, চট আদি তৈয়াৰ কৰে। মৰাপাটৰ আঁহৰপৰা সুতাও প্ৰস্তুত কৰা হয় । মৰাপাট ৰপ্তানি কৰি চৰকাৰেও কিছু বৈদেশিক বিনিময়যোগ্য মুদ্ৰা অৰ্জন কৰে। মৰাপাট গছৰ পাতৰ আঞ্জাও খাব পাৰি। ইয়াৰ শুকান পাতক ‘শোকোতা’ বোলে। শোকোতা এবিধ ভাল দৰবো। ছাল এৰুৱা মৰাপাটৰ ঠাৰিক কাঁই বোলে৷ দুখীয়া লোকে মৰাপাটৰ কাঁইৰে ঘৰৰ বেৰ দিয়ে। ইয়াক খৰি হিচাপেও ব্যৱহাৰ কৰা হয়। ইয়াৰপৰা কাগজো তৈয়াৰ কৰেহি।

কেঁচা মৰাপাটৰপৰা মৰাপাটজাত সামগ্রী তৈয়াৰী কৰিবৰ কাৰণে ভাৰতৰ বিহাৰ, উৰিষ্যা আৰু পশ্চিমবঙ্গ আদি ৰাজ্যসমূহত মৰাপাটৰ কল আছে। পশ্চিমবঙ্গত মৰাপাটৰ কলৰ সংখ্যা আটাইতকৈ বেছি। এই কলবোৰত ভালেমান মানুহে কাম কৰি পেটৰ ভাত মোকলাইছে। অসমত যদিও যথেষ্ট মৰাপাট উৎপাদন হয়—কল ইয়াত নাছিলেই এতিয়াহে নগাঁৱৰ শিলঘাটত ৰাজহুৱা * খন্ডত সমবায় ভিত্তিত মৰাপাট-কল এটা স্থাপন কৰা হৈছে।

মৰাপাট-খেতিৰ উন্নতি আৰু সম্প্ৰসাৰণ হ’ব লাগে। কিন্তু খেতিৰ উন্নতি কৰিবলৈ হ’লে খেতিয়কৰো অবস্থা টনকিয়াল হ’ব লাগিব। আমাৰ খেতিয়কৰ অৱস্থা সাধাৰণতে ভাল নহয়। মৰাপাটৰ সৰহকৈ উৎপাদন কৰোঁতা চৰ-চাপৰিৰ খেতিয়কসকলৰ অৱস্থা আৰু শোচনীয় ৷ খেতিয়কৰ আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ মাজৰ দালাল শ্ৰেণীৰ লোকে মৰাপাটবোৰ নিচেই কম দামতে কিনি নিয়ে। ফলত খেতিয়কসকল বঞ্চিত হয় উচিত দামৰ পৰা। গতিকে মৰাপাটৰ খেতিৰ উন্নতিৰ আঁচনি কৰোঁতে খেতিয়কসকলক শোষণ-মুক্ত কৰাৰ বিষয়েও বিৱেচনা কৰিব লাগে