যিসকলে মহান নেতৃত্ব লৈ এই পৃথিৱীত জন্ম লাভ কৰি বিভিন্ন পাদ্য-অৰ্ঘ্যেৰে দেশমাতৃকাৰ চৰণ ধোৱাই গৈছে, সেইসকলৰ ভিতৰত ভাৰত-ভাস্কৰ ৰবীন্দ্ৰনাথ ঠাকুৰ অন্যতম। ৰবীন্দ্ৰনাথে কবিতা, গদ্য, বিজ্ঞান, সংগীত, শিল্প আৰু অভিনয় আদি সকলো ক্ষেত্ৰতে বহুমুখী প্রতিভাৰ পৰিচয় দি গৈছে। তেওঁ মহান ব্যক্তিত্ব লৈ জন্ম গ্ৰহণ কৰিছিল আৰু আজীৱন মহান হ’বলৈ সাধনা কৰিছিল। সকলো দেশৰ, সকলো কালৰ মানদন্ডতেই ৰবীন্দ্ৰনাথ এক বিৰাট পুৰুষ। সেয়ে তেওঁক ক’ব পৰা যায় – ‘তোমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ।
১৮৬১ চনৰ মে’ মাহৰ ৬ তাৰিখে ৰবীন্দ্ৰনাথে সোণৰ চৰুত হাত দি জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক মহর্ষি দেবেন্দ্ৰনাথ ঠাকুৰ এজন ঋষিতুল্য লোক আছিল । আন আন মাউৰা ল’ৰাৰ যে কষ্ট হয়, তেওঁৰো সেই কষ্ট নোহোৱাকৈ থকা নাছিল। দেউতাকৰ যত্নত অৱশ্যে সেই কষ্টৰ বহুত লাঘৱ হৈছিল। তেওঁৰ দেউতাকে সৰুৰেপৰাই তেওঁক লগত লৈ ভাৰতৰ নানা ঠাই চাই ফুৰিছিল। বিভিন্ন ঠাইৰ বিভিন্ন দৃশ্যই ৰবীন্দ্ৰনাথৰ কুমলীয়া মনত সাত্ত্বিক ভাবৰ ছাঁ পেলায় আৰু ভৱিষ্যতে এজন ঋষিতুল্য মনীষী হোৱাত সহায় কৰে৷ এনে ভ্ৰমণবোৰে তেওঁৰ কুমলীয়া অন্তৰত কবিত্ব-ভাবৰ জন্ম দিয়াত সহায় কৰিছিল । ঘৰুৱা সুশাসনে তেওঁৰ ভৱিষ্যৎ গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল। তেওঁ প্ৰাচুৰ্যৰ মাজত জন্মলাভ কৰিও অনাড়ম্বৰ সৰল জীৱন যাপন কৰিছিল।
ৰবীন্দ্ৰনাথে প্ৰথমতে অৰিয়েন্টাল ছেমিনাৰী,নৰ্মাল স্কুল, বেংগল একাডেমি আদি স্কুলত পঢ়িছিল। তাৰ পাছত ১৭ বছৰ বয়সতে বিলাতলৈ যায় ; কিন্তু ঘৰুৱা জঞ্জালৰ বাবে তেওঁ তাত এবছৰ থাকিয়ে ঘূৰি আহিব লগা হয়৷ তেওঁৰ স্কুলীয়া শিক্ষা বৰ বেছি নহয়। ঘৰুৱাশিক্ষকৰ ওচৰত তেওঁ ভাৰতীয় দৰ্শন-সাহিত্যৰ বিষয়ে ভাল জ্ঞান লাভ কৰে।
মাত্ৰ ন বছৰ বয়সৰপৰাই ৰবীন্দ্ৰনাথে কাব্য চৰ্চা আৰম্ভ কৰে। বালক ৰবীন্দ্ৰনাথৰ সুললিত কাব্য-প্রতিভা দেখি বিদ্যালয়ৰ শিক্ষকসকল বিস্মিত হৈছিল। তেওঁ তেৰ বছৰ বয়সতে লিখা কবিতা ‘তত্তবোধিনী’ কাকতত প্ৰকাশ পায়। ইয়াতে ফুটি উঠে তেওঁৰ কাব্য-প্রতিভা। কবিৰ প্রথম কাব্য-গ্রন্থ ‘বনফুল’। ১৯১৩ চনত ৰবীন্দ্ৰনাথে ‘গীতাঞ্জলি’ কবিতা পুথি লিখি ‘নোৱেল বঁটা’ লাভ কৰে৷ ভাৰতৰ এৱেঁই প্রথম নোৱেল বঁটা পাওঁতা। তেওঁৰ জীৱনত আৰু কাব্যত যিবোৰ ঘটনাৰ প্ৰভাৱ পৰিছে, তাৰ মূল কথা তেওঁৰ ‘জীৱন-স্মৃতি’ গ্ৰন্থত বর্ণিত আছে। কবি যেন অন্ততঃ এবাৰৰ বাবে নিজ-জীৱনৰ ইন্দ্ৰধনু বিশ্লেষণ কৰি উপাদানবোৰ পাঠকৰ আগত দাঙি ধৰিছে। তেওঁৰ কাব্যত বিশ্ব-প্ৰকৃতিৰ প্ৰভাৱ সকলোতকৈ বেছি। শোকহীন, হৃদিহীন, উদাসীন, সুখ আৰু স্বৰ্গভূমিৰ বাবে কবিৰ প্ৰাণত হেপাহ নাই বুলিয়ে এই মৰু-জগৎ কবিৰ চিৰ পৰিচিত স্থান।
‘মর্ত্য তুমি স্বৰ্গ নহ সে যে মাতৃভূমি,—স্নেহেৰ ছায়ায়
দুঃখে সুখে ভয়ে ভৰা প্ৰেমেৰ সংসাৰ।’ এই শ্যামল মাটিৰ প্ৰতি কবিৰ আকৰ্ষণ আছে। ‘মৰিতে চাহি না আমি সুন্দৰ ভুবনে মানৱেৰ মাঝে আমি বাঁচিবাৰে চাই।’ বিশ্বৰ আহ্বানত কবিৰ জীৱ-জন্ম সাৰ্থক হৈ উঠিছে। ‘পৃথিৱীৰ আহবান তেওঁৰ বাবে গভীৰ আৰু তেজোময় । সেয়ে তেওঁৰ মনত স্বৰ্গ-মর্ত্য্ৰ ওচৰৰ প্ৰভেদ নাই। এই সুগভীৰ বিশ্বাসৰ বাবে তেওঁ ধূলিক সাষ্টাঙ্গে প্রণিপাত জনাই কৈছে—
‘সত্যেৰ আনন্দৰূপ এই ধূলিতে নিয়েছি মূৰতি এই জেনে এ ধূলায় ৰাখিনু প্রণতি’
ইয়াত ফুটিছে তেওঁৰ বিশ্বৰ আহ্বান। সসীমৰ মাজত ফুটি উঠিছে অসীমতা। তেওঁৰ দৃঢ়বিশ্বাস এই জগৎ ‘স্বপ্ন’ নহয়৷ ‘জানিলাম এই জগৎ স্বপ্ন নয়। ‘মানসী’, ‘সোণাৰ ৰী’ কাব্যৰ মাজেদি তেওঁ নিজকে নিঃশেষ বুলি প্ৰকাশ কৰিছে। গীতাঞ্জলী, গীতালি, খেয়া-ৰ মাজেদি গভীৰ আধ্যাত্মিক ভাব প্রকাশ কৰিছে।‘পূৰৱী’ কাব্যত বাজি উঠিছে তেওঁৰ কৰুণ সুৰ। তেওঁ লিখা উপন্যাসবোৰৰ ভিতৰত বৌঠাকুৰাণীৰ হাট, গোৰা, যোগাযোগ, ঘৰে-বাইৰে, চতুৰঙ্গ প্রভৃতি প্ৰধান।‘গল্পগুচ্ছ’ তেওঁৰ চুটি গল্পৰ সংকলন। নাটকৰ ভিতৰত ৰক্তকৰৱী, বিসৰ্জন, ৰাজা আৰু মালিনীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। শ্যামা, চণ্ডালিকা আদি তেওঁৰ প্ৰধান গীতিনাট্য আৰু নৃত্যনাট্য৷ তেওঁৰ গদ্য-সাহিত্য সদায় প্ৰাঞ্জল। তেওঁৰ ৰচনাত আত্মসংযম, আন্তৰিকতা, সত্যানুৰাগ আৰু সূক্ষ্ম অন্তর্দৃষ্টি সদায় পৰিলক্ষিত হয়।
ৰবীন্দ্ৰনাথ এজন ওজা শিল্পী আছিল৷ তেওঁৰ সংগীত এক স্বৰ্গীয় বস্তু। ৰবীন্দ্ৰ সংগীতে জৰাগ্ৰস্ত পৃথিৱীত অমৃত বৰ্ষণ কৰিছে। তেওঁৰ গান স্নেহ, প্ৰেম আৰু চিত্তবৃত্তিৰ নিখুঁত বিকাশ আৰু মানৱীয় জীৱনৰ সুখ-দুখৰ গভীৰতম বেদনাৰ প্ৰতিধ্বনি মাথোন।
এফালে যিদৰে গীতিকাৰ, আনফালে তেওঁ সুদক্ষ ৰূপ শিল্পী। কবিয়ে প্ৰথমতে ৰঙ্গমঞ্চত অৱতীৰ্ণ হয় ‘বাল্মীকি প্রতিভা’ নাটকখনৰ নাম ভূমিকাত৷ ‘কাল-মৃগয়া’ নাটকৰ অন্ধমুনিৰ ভাওত শিল্পীয়ে যশস্যা অৰ্জন কৰে। শিল্পাচার্য নন্দলাল বসুৰ ভাষাত ঃ ‘আমি এনে এজন প্রখ্যাত শিল্পী পাইছোঁ, যিগৰাকী শিল্পীয়ে তেখেতৰ অক্ষুণ্ণ প্রতিভা নিজৰ কামৰ মাজেৰে ফুটাই তুলিব পাৰে।’
ৰবীন্দ্ৰনাথ অকল কবি, নাট্যকাৰ, গল্প লিখক আৰু গায়কে নাছিল ; তেওঁ স্বদেশপ্রেমিকো আছিল ৷ সমাজৰ কুসংস্কাৰৰ বিৰুদ্ধে তেওঁ বিপ্লৱ কৰিছিল। ১৯০৫ চনত বংগভংগ আন্দোলনত তেওঁ প্ৰদীপ্ত ভাস্কৰ মূৰ্তিত দেখা দিছিল। স্বদেশী আন্দোলনৰ তেওঁ আছিল এক বিজয়-স্তম্ভ।
‘সার্থক জনম আমাৰ জন্মেছি এই দেশে
সার্থক জনম মাগো, তোমায় ভালবেসে।’
ইয়াতে ফুটি উঠিছে তেওঁৰ দেশ প্রেম। সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে তেওঁ ঘৃণা প্রকাশ কৰিছিল। পঞ্জাৱৰ ‘জালিয়ানৱালাবাগ’ৰ নিষ্ঠুৰ হত্যাকাণ্ডৰ পিছতে ব্ৰিটিছ চৰকাৰ প্ৰদত্ত ‘নাইট’ উপাধি ত্যাগ কৰি তেওঁ দেশ-প্ৰেমৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছিল ।
কবি ৰবিঠাকুৰ অকল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অতি আদৰৰ ৰত্ন আছিল। ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে ৮১ বছৰ বয়সত গোটেই জীৱনব্যাপী সত্য, শিৱ আৰু সুন্দৰৰ আৰাধনা কৰি ইহলীলা সম্বৰণ কৰিলে৷ প্ৰতিজন ভাৰতীয়ই যাচিলে আন্তৰিক শ্রদ্ধাঞ্জলি। কবিগুৰুৰ আত্মাই শান্তি পাওক ; তেওঁৰ জ্যোতিয়ে ভাৰতীয় মানুহৰ কণাৰ লাখুটি স্বৰূপ হৈ প্ৰগতিৰ পথলৈ আমাক আগবঢ়াই লৈ যাওক।