Patriotism essay in Assamese language
পৰম ঐশ্বৰ্য আৰু সৌন্দর্যময় লংকা নগৰীলৈ আঙুলিয়াই দি শ্ৰীৰামচন্দ্ৰই লক্ষ্মণক কৈছিল— “বুজিছ লক্ষ্মণ, সোণৰ লঙ্কাপুৰীৰ এই ঐশ্বৰ্য, এই সৌন্দৰ্যয়ো মোক নুৰুচা হৈছে। মোৰ মন জন্মভূমিৰ ওচৰলৈ উৰি যাওঁ, উৰি যাওঁ লগাইছে; কিয়নো ‘জননী আৰু জন্মভূমি স্বৰ্গতকৈ অধিক’—‘ইয়ং স্বর্ণপুৰী লঙ্কা ন ৰোচতে মে লক্ষ্মণ’ –‘জননী, জন্মভূমিশ্চ স্বৰ্গাদপী গৰীয়সী’।” ইয়াকেই বোলে দেশপ্রেম, অৰ্থাৎ নিজৰ জন্মভূমিক সৱাতোকৈ শ্ৰেষ্ঠ মানি ভাল পোৱাই দেশ-প্ৰেম । প্রকৃত দেশ-প্ৰেমিকৰ মানত দেশতকৈ ডাঙৰ একোৱে নাই। দেশ ৰক্ষাৰ কামত গাফিলতি কৰাৰ কাৰণেই লাচিতে মোমায়েকক কাটিছিল—যি ঘটনাৰপৰা “দেশতকৈ মোমাই ডাঙৰ নহয়” এই অসমীয়া প্ৰৱচনফাঁকিৰ প্ৰচলন হৈছে।
যুগে যুগে মানুহে জন্মভূমি বা স্বদেশৰ স্বাধীনতাৰ হকে ধন-মান আনকি জীৱন পর্যন্ত বিসর্জন দি আহিছে। দেশ শত্ৰুৰ কবলত পৰিলেও, দেশৰ শত্ৰুৰ হাতত বন্দী হ’লেও দেশপ্ৰেমিকৰ মন পৰাজিত নহয়। দিগ্বিজয়ী বীৰ আলেক্জেন্ডাৰৰ হাতত পৰাস্ত হৈ ৰজা পুৰু বন্দী হৈছিল। বন্দী পুৰুক সমুখলৈ অনাই আলেক্জেন্ডাৰে যেতিয়া সুধিলে, “পুৰু, তুমি মোৰপৰা কেনে ব্যৱহাৰ আশা কৰা”—পুৰুৱে তেতিয়া বীৰোচিত উত্তৰ দিছিল, “এজন স্বাধীন ৰজাই আন এজন স্বাধীন ৰজাৰপৰা, এজন বীৰে আন এজন বীৰৰপৰা যেনে ব্যৱহাৰ পোৱা উচিত, ময়ো তোমাৰপৰা তেনে ব্যৱহাৰকে আশা কৰোঁ।” দেহ বন্দী হ’লেও মন বন্দী নোহোৱাৰ কাৰণেই পুৰুৱে এনেকৈ উত্তৰ দিব পাৰিছিল৷
ফৰাচী কৃষক কন্যা জোৱান ডাৰ্কে স্বদেশ উদ্ধাৰাৰ্থে নানান বিপদ-বিঘিনি নেওচিও শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰি আত্মাহুতি দিছিল। ৰাণা প্রতাপ, শিৱাজী আদিৰ দেশ-প্রেম অতুলনীয়। নানাচাহেব, লক্ষ্মীবাঈ আদিয়ে স্বদেশৰ স্বাধীনতাৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল । আমাৰ অসমৰ মণিৰাম, পিয়লি ফুকন আদিয়ে স্বদেশৰ স্বাধীনতাৰ হকে ফাঁচি যাবলগীয়া হৈছিল। সৌ সিদিনা,৪২-ৰ গণআন্দোলনত কুশল কোঁৱৰ, কনকলতা, ভোগেশ্বৰী, তিলক ডেকা, ঠগীৰাম সূত, ৰাউতা, মদন আদিয়ে ছহিদ্ হয়।
দেশ-প্রেম এটা মহৎ গুণ। দেশবাসীৰ মনত জাগ্রত দেশ-প্রেম থাকিলেহে দেশ প্ৰগতিৰ পথত আগবাঢ়িব পাৰে। দেশ-প্ৰেমিকে ব্যক্তিগত স্বাৰ্থতকৈ দেশৰ স্বাৰ্থকহে সদায় আগ কৰে। সম্রাট জাহাঙ্গীৰৰ জীয়েকক চিকিৎসা কৰি ভাল কৰা ইংৰাজ ডাক্তৰজনে তেওঁৰ সেৱাৰ বিনিময়ত হুগলীত ইংৰাজৰ অবাধ বাণিজ্য বিস্তাৰৰ অনুমতি বিচৰাৰ কাৰণেহে ইংৰাজে ভাৰতত সাম্ৰাজ্য স্থাপন কৰিবলৈ পাৰিছিল। দেশ-প্ৰেমিকসকলে স্বদেশ-বিদেশ সকলোতে সন্মান পায়; কিয়নো দেশ-প্ৰেমিকৰ ত্যাগৰ আদৰ্শৰদ্বাৰা সকলো দেশৰ, সকলো মানুহ উদ্বুদ্ধ হয়। সেয়েহে প্রত্যেক দেশেই দেশ-প্ৰেমিকসকলৰ স্মৃতি যাউতিযুগীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে। দেশ-প্ৰেমিকৰ ত্যাগ কাব্য-নাটকৰো এবিধ প্রধান উপাদান। দেশে -দেশে, যুগে -যুগে কবি-সাহিত্যিকসকলে দেশ-প্রেমিকসকলক শ্রদ্ধা জনোৱাৰ লগতে দেশ-প্ৰেমৰ আদৰ্শকো মহত্ত্ব দান কৰি আহিছে। আমাৰ কবিয়েও গাইছে—“স্বদেশৰ স্বাধীনতা, তাৰ অৰ্থে যিটো, জীৱন উৎসর্গ কৰি মৰে সমৰত, মৃত্যু তাৰ হয় শান্তি।….” আকৌ যাৰ অন্তৰত স্বদেশ প্রেম নাই, তেনে লোকক নিন্দা কৰি এগৰাকী ইংৰাজ কবিয়ে কৈছে বোলে ‘নিজৰ দেশক ভাল পোৱা বুলি এবাৰো নোকোৱা এনে মানুহো জানো পৃথিৱীত জন্ম ধৰে? এনে লোকৰ জন্ম মিছা।
অন্তৰত দেশ-প্ৰেম নথকা মানুহ নাই বুলিবই পাৰি যদিও ভুৱা দেশ-প্রেমিকো নোহোৱা নহয়। মানুহৰ স্বভাৱ বিচিত্ৰ ; মানুহৰ মাজতে দেৱোপম চৰিত্ৰৰ লোকো আছে আৰু মানুহৰ মাজতে পিশাচৰ দৰে প্ৰাণীও আছে। কিছুমানে নিজৰ সুবিধাৰ কাৰণেও দেশপ্ৰেমিকৰ ভাও লোৱা দেখা যায়। এনে লোকৰ মুখা খোল খাবলৈও অৱশ্যে সৰহ দিন নালাগে। এনে লোক নিন্দাৰ পাত্ৰ। কোনো নীচ লোকে আকৌ নিজৰ নীচ স্বার্থসিদ্ধিৰ কাৰণে স্বদেশলৈ শত্ৰু মাতি আনি সর্বনাশ কৰিবলৈ কুণ্ঠিত নহয়৷ এনে লোকৰ কুখ্যাতি ৰৈ যায়। বদনে মান আনি দেশৰ সৰ্বনাশ কৰা কাৰণে আজিও মানুহৰ মুখত শুনা যায় ‘কেলেই আনিলি মান ঐ বদন তই, কেলেই আনিলি মান। যাউতিযুগলৈ খিয়াতি ৰাখিলি, কটালি অসমৰ নাম।’ আনহাতে মোমায়েকক কাটিও লাচিত বৰেণ্য হৈ আছে।
‘সর্বমত্যন্তং গর্হিতম্’—অতিমাত্ৰা সকলোৰে বেয়া। অতিমাত্রা অন্ধ দেশ-প্রেমো ভাল নহয়। দেশ-প্রেম মহৎ; কিন্তু বিশ্ব-প্রেম মহত্ত্বম। ‘স্বদেশ-প্রেম স্বাধীনতাৰ শত্ৰু’ বুলি এষাৰ কথা আছে। আপাত-বিৰোধী এই কথাষাৰ কিন্তু বেছ তাৎপর্যপূর্ণ। উৎকট দেশ-প্রেমে কেতিয়াবা আন দেশৰ স্বাধীনতা খর্ব কৰি সাম্ৰাজ্যবাদ বিস্তাৰৰ কাৰণে প্ৰৱণতা জন্মায়। দৰাচলতে ই দেশ-প্ৰেম নহয়। যি নিজকহে কেৱল ভাল পায়, সি স্বাৰ্থপৰ, যি আনক ভাল পায় সিয়েহে প্রকৃত প্রেমিক। সেইদৰে প্ৰকৃত দেশ-প্রেমিকেও নিজৰ দেশৰ স্বাধীনতাক যেনেকৈ মূল্য দিয়ে, আন দেশৰ স্বাধীনতাকো তেনেকৈয়ে মূল্য দিয়ে। মহামতি আব্রাহাম লিংকনে কৈছিল—“As I would not be a slave, so I would not be a master”. “দাস হ’বলৈ মই যিহেতুকে নোখোজোঁ, প্রভু হোৱাৰ অভিলাষো মোৰ নাই।” এয়াই প্ৰকৃত স্বাধীন আৰু যথাৰ্থ দেশ-প্ৰেমিকৰ উক্তি।