My aim in life essay in Assamese language

লক্ষ্যহীন জীৱন গুৰিয়ালহীন নাৱৰ দৰে। গুৰিয়ালহীন নাও যেনেকৈ বতাহৰ কোবত নতুবা সোঁতৰ গতি আৰু ঢৌৰ খুন্দাত যেনি-তেনি ভাহি ফুৰে, লক্ষ্যহীন জীৱনো -তেনেকুৱা অস্থিৰ। গুৰিয়ালহীন নাও পাৰ চাপিব নোৱাৰাৰ নিচিনা লক্ষ্যহীন জীৱনতো কৃতকার্যতা লাভ হোৱা সম্ভৱ নহয়৷ আনকি লক্ষ্য স্থিৰ কৰি ল’লেও যে সতকাই সেই লক্ষ্যত উপনীত হ’ব পৰা যায়, এনেটোও নহয়। কথাতে কয় বোলে, ‘আলচা কাম নহয় সিদ্ধি, বাটত আছে কণা বিধি’——Man proposes, God dispossess.’ গতিকে ছাত্ৰাৱস্থাৰপৰাই জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈ সেই লক্ষ্যত উপনীত হ’বৰ কাৰণে প্ৰস্তুতি চলোৱা উচিত। কিন্তু লেঠাটো আকৌ তাতেই। লক্ষ্য স্থিৰ কৰি লোৱাটো সহজ কাম নহয়, বিশেষকৈ আমাৰ নিচিনা ছাত্ৰৰ কাৰণে। আগৰ কালত কোনো লক্ষ্য আগত নৰখাকৈ কেৱল পঢ়া-শুনা কৰিলেই অন্য একো কৰিব নোৱাৰিলেও জীৱিকাৰ কিবা নহয় কিবা এটা পথ পাইছিল। গতিকে আগৰ ছাত্ৰসকলে জীৱনৰ ভৱিষ্যতলৈ বৰকৈ চিন্তা নকৰিলেও হৈছিল। ‘আগেয়ে বি-এ টো পাচ কৰি লওঁচোন, পাছতো কিবা এটা কৰিম’ বুলি ভবাৰ অৱকাশ এতিয়া আৰু নাই। কিয়নো, বহুতে| বি.এ.,এম.এ.,এম.এছ-চি.ডিগ্ৰীধাৰী আনকি কাৰিকৰী অৰ্হতাসম্পন্ন ডেকায়ো এতিয়া চাকৰিৰ কাৰণে হাবাথুৰি খাই ফুৰা দেখা গৈছে। তদুপৰি কেৱল চাকৰি কৰি নিজৰ জীৱিকা উলিওৱাটোৱে মানুহৰ একমাত্ৰ কর্তব্য নহয়। স্বদেশ, স্বজাতি তথা বিশ্ব-মানৱৰ হকেও প্রত্যেকৰে অলপ-অচৰপ কৰিবলগীয়া আছে। আকৌ কিবা এটা সংকল্প লোৱাৰ পূৰ্বে নিজৰ শক্তি-সামর্থ্য আৰু ঘৰুৱা পৰিৱেশ আদিৰ কথাও চিন্তা কৰি চাবলগীয়া

“মই এজন পেটে ভাতে খাই থকা সাধাৰণ পৰিয়ালৰ ছাত্ৰ। আমাৰ একমাত্ৰ জীৱিকা কৃষি। কৃষি-কাৰ্যত মোৰ নিজৰ অনুৰাগো আছে আৰু অলপ লাগি-ভাগিও দিব লাগে। আনকি কোনো সময়ত ইয়াৰ কাৰণে মই স্কুলো ক্ষতি কৰিবলগীয়াত পৰোঁ। ক’বলৈ লাজ নকৰোঁ যে মই প্ৰখৰ বুদ্ধিৰ ছাত্ৰ নহয়—মধ্যমীয়া। মোৰ ভিতৰত যে প্রতিযোগী মন এটা নাই এনে নহয়, দৰাচলতে তেনে মন এটা থকাৰ কাৰণেই মই এইখিনি পাইছোঁ আৰু এই পৰীক্ষাতো মই যে ভালদৰে উত্তীর্ণ হ’ম, এই প্রত্যয় মোৰ আছে। মোৰ আশা-আকাঙ্ক্ষাও সীমাৱদ্ধ। এটা স্বাধীন, আত্মসন্মানযুক্ত দুর্নীতিমুক্ত জীৱন যাপন কৰিবলৈ মই বিচাৰোঁ। আৰু এনে জীৱন যাপন কৰিবলৈ মোৰ মতে কৃষিয়ে উত্তম পন্থা । হ’ব পাৰো, মই নিজে খেতিয়কৰ ল’ৰা আৰু খেতিৰ প্ৰতি মোৰ অনুৰাগ আছে কাৰণেই মই এই পথ উৎকৃষ্ট বুলি বিৱেচনা কৰিছোঁ।

“মই মোৰ নিজ অভিজ্ঞতাৰপৰাই বুজিব পাৰিছোঁ যে আমাৰ দেশত কৃষি-কৰ্ম নিৰাপদ নহয় ; বিশেষকৈ ‘বান’ আৰু ‘খৰ’ ইহঁত দুটাৰ এটা নহয় এটাই অপকাৰ কৰিবই ; তদুপৰি আমাৰ কৃষি-পদ্ধতিও আওপুৰণি। আমাৰ খেতিয়কসকলৰ বহুতৰে নিজক লগা জোখাৰে মাটিও নাই। আমাৰ নিজৰ মাটিডৰাৰে কথমপিহে আমাক জোৰে। আগলৈ ভাগ ভাগ হৈ গ’লেতো নুজুৰিবই। কিন্তু নিজৰ এই অভিজ্ঞতাও হৈছে যে কৃষি-চক্ৰ সলনি কৰি, সাৰ -গোবৰ দি অলপ পৰিৱৰ্তিত পদ্ধতিত খেতি কৰিলে আমাৰ খেতিয়কসকল কেতিয়াও নিৰাশ হ’বলগীয়া নহ’ব। গ্ৰামসেৱক, কৃষিসম্প্ৰসাৰণ বিষয়া আদিৰ লগত কথা-বতৰা পাতি আৰু কৃষি-সম্বন্ধীয় দুই-এখন কিতাপ-পুথি পঢ়ি মোৰ এই ধাৰণা দৃঢ়তৰ হৈছে। উন্নত ধৰণে খেতি কৰিবলৈ হ’লে যে সকলো খেতিয়কে কৃষি-বিষয়ৰ উচ্চ শিক্ষা লাভ কৰিব বা দেশ-বিদেশলৈ গৈ প্ৰশিক্ষণ ল’ব লাগিব এনে কথাও নহয়৷ মই যিখিনি শিক্ষা পাইছোঁ, ইয়াৰেই মই উন্নত ধৰণে খেতি কৰিব পাৰোঁ; তথাপি মই H.S.L.C. পৰীক্ষা পাচ কৰি আৰু দুবছৰ কলেজত বিজ্ঞান অধ্যয়ন কৰিম। ৰসায়ন-বিদ্যা, উদ্ভিদ্-বিদ্যা আৰু ভূ-বিদ্যা হ’ব মোৰ অধ্যয়নৰ বিষয়। চাকৰি যেতিয়া নকৰোঁ, ডিগ্ৰীৰ প্ৰয়োজন কি? অনাহকত আৰু দু-বছৰ পঢ়ি অধিক খৰচ কৰাতকৈ সেই পইচা কৃষি -কৰ্মতে লগাম। অৱশ্যে ঘৰৰ অৱস্থা ভাল হ’লে, সেই দুবছৰো পঢ়িলোহেঁতেন।অধ্যয়নৰ অন্তত পাৰিলে মই এবাৰ পঞ্জাৱলৈ গৈ তাৰ খেতিয়কসকলৰ কৃষি-পদ্ধতি চাই-চিন্তি আহিম।

“উন্নত ধৰণৰ খেতি কৰিবলৈ আমাৰ যিখিনি মাটি আছে, তাতোকৈ সৰহ মাটিৰ আৱশ্যক। উন্নত যন্ত্ৰ-পাতি, সাৰ, কীটনাশক দৰৱ আদি কিনিবলৈ টকা-পইচাৰো দৰকাৰ। এই সকলোখিনি একেবাৰতে যোগাৰ কৰা সম্ভৱ নহয়। অৱশ্যে আজি-কালি ৰাষ্ট্রায়ত্ত বেংকসমূহে কৃষি-ঋণ দিয়াৰ ব্যৱস্থা কৰিছে। মই কিন্তু পৰাপক্ষত কোনো প্ৰকাৰৰ ঋণ নলওঁ। ট্ৰেক্টৰ কিনাৰ পৰিকল্পনাও সদ্যহতে মোৰ নাই। ‘Humble beginning—সাধাৰণ আৰম্ভণিৰপৰাই আগুৱাই যাম, এয়ে মোৰ অভিলাষ। মোৰ প্ৰথম আঁচনি হ’ব ‘তাকৰীয়া মাটিত সৰহ শস্য উৎপাদন’। আমাৰ নিজৰ মাটিখিনিত লগা সাৰ-গোবৰ দি খেতি কৰাৰ জোখাৰে ধন মই গোটাব পাৰিম। মই নিঃসন্দেহ যে এনেকৈ খেতি কৰিলে মোৰ খেতিৰ উৎপাদন দুগুণ হ’ব। অৱশ্যে খেতি কৰাৰ পূৰ্বে মই মাটিখিনি পৰীক্ষা কৰোৱাই সেই মতেহে সাৰ-গোৱৰ দিয়াৰ দিহা কৰিম। মোৰ কৃষিৰ আয়ৰপৰাই মই দ্বিতীয় বছৰৰপৰা এপদ এপদকৈ ক্রমে মূল-বোর্ড, নাঙল, পেদি উইদাৰ, পেদি হুইল, গুটি সিঁচা যন্ত্ৰ, হাতেৰে চলোৱা ঔষধ দিয়া যন্ত্ৰ আদি আৰু কম অশ্বশক্তিৰ পানী সিঁচা মেচিন এটাও কিনি ল’ম। আমাৰ নিজৰ মাটিডৰাৰ এফালে এনেয়ে কিছু দ’। সেই অংশত এমূৰীয়াকৈ পুখুৰী এটা খানি বাম অংশ আৰু অলপ ওখ কৰি ল’ম, যাতে বানপানীয়ে সহজে অনিষ্ট কৰিব নোৱাৰে। এই অংশত মই উন্নত সঁচৰ ধান আৰু মাহজাতীয় শস্যৰ খেতি কৰিম। পুখুৰীত মাছৰ পোনা মেলিম, পাৰত লগাম নাৰিকল, কল আৰু মাটিকঁঠাল। দ’ অংশত ঘেঁহু, আলু, পিঁয়াজ আৰু মচুৰ মাহৰ খেতি কৰিম। মোৰ ঘৰৰ কাষতো দুকঠামান মাটি আছে। ইয়াৰে একঠাত মই জলকীয়া লগাম। বাকী কঠাত শাক-পাচলি ৰুম। মই জানো যে জলকীয়াৰ দৰে সহজ আৰু আয় দিব পৰা খেতি একোৱে নাই। এতিয়া মই জোপাচেৰেক জলকীয়াৰ খেতি কৰিয়ে মোৰ পঢ়া-খৰচৰ কিছু অংশ উলিয়াইছোঁ। প্ৰথম পাঁচ বছৰ মই এনেকৈ মোৰ তাকৰীয়া মাটিখিনিতে পৰীক্ষামূলকভাৱে উন্নত প্রণালীৰে খেতি কৰিম। মোৰ বিশ্বাস এই পাঁচ বছৰতে মোৰ কিছু আয় হ’ব আৰু কৃষিও চকুত লগা হ’ব।*

* ছাত্ৰীসকলে এইদৰে তাঁত-শিল্প, হাঁহ-কুকুৰাৰ পাম আদি খোলাৰ আঁচনিৰ মাজেৰে জীৱনৰ লক্ষ্য স্থিৰ কৰি ল’ব পাৰে। কৃষিৰ নিচিনা কুটিৰ উদ্যোগৰো আঁচনি তৰি জীৱনৰ লক্ষ্য স্থিৰ কৰিব পৰা যায়।ইয়াৰ পাছত মোৰ পৰিকল্পনাটো হ’ব মাটিৰ পৰিমাণ বঢ়াই ট্ৰেক্টৰ আদিৰে খেতি কৰা। দুখীয়া খেতিয়কৰ মাটি কিনি বা বন্ধক ৰাখি মই মাটিৰ পৰিমাণ নবঢ়াওঁ। খেতিয়কসকলক বুজাই-বঢ়াই মই সমবায় পদ্ধতিৰে উমৈহতীয়াভাৱে খেতি কৰিম। প্ৰথমতে মই খেতিয়কসকলৰ সাৰুৱা মাটিত হাত নিদিওঁ। লোকৰ পৰি থকা বাকৰি মাটিত অনুমতি লৈ চিত্ৰনলা, গৰুৰ ঘাঁহ, মাহজাতীয় শস্য আদিৰ খেতি কৰি মালিকক লাভৰ অংশ দিম। এই কামত কৃতকার্য হ’লে খেতিয়কসকলে মোৰ সমবায় আঁচনিত আপোন ইচ্ছাতে সহযোগ কৰিব । সকলোৰে সহযোগ পালে গৰু-ছাগলী, হাঁহ-কুকুৰা আদিও পুহিব পৰা যাব। এনেদৰে কাম কৰিলে মোৰ ওচৰ-চুবুৰীয়া সমুদায় খেতিয়কৰে আৰ্থিক অৱস্থা উন্নত হ’ব আৰু আৰ্থিক অৱস্থাৰ উন্নতি হ’লে আন আন গঠনমূলক কামবোৰ কৰিবলৈ তেওঁলোকে নিজেই আগবাঢ়ি আহিব।”

“নাজানো কোন দিনা ভগৱানে মোৰ এই সপোন দিঠকত পৰিণত কৰে। মই হ’লে এই লক্ষ্য আগত ৰাখিয়ে ভৱিষ্যতৰ প্ৰস্তুতি চলাইছোঁ।”

কবিয়ে গাইছে।

Categorized in: