মানুহৰ সংখ্যা বৃদ্ধি আৰু যন্ত্ৰ-সভ্যতাৰ প্ৰসাৰৰ লগে লগে পৃথিৱীৰ বুকুৰপৰা ইয়াৰ প্রাকৃতিক সম্পদ আৰু সৌন্দর্য দ্ৰুতগতিত বিলুপ্ত হৈ ধৰিছে। অথচ মানুহ বাছি থাকিবলৈ প্ৰকৃতিৰ সম্পদ আৰু সৌন্দর্য অতীৱ প্ৰয়োজনীয়। সেইবাবে বর্তমান পৃথিৱীৰ দেশসমূহে নিজ নিজ দেশৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য ৰক্ষাৰ কাৰণে বিশেষ বিশেষ ব্যৱস্থা হাতত লৈছে৷ সেইবোৰৰ ভিতৰত বনাঞ্চল সংৰক্ষণ, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান স্থাপন উল্লেখযোগ্য। প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্যত চহকী আমাৰ অসম দেশৰ এই সম্পদ আৰু সৌন্দর্যও দিনে দিনে টুটি আহিব ধৰিছে। সেয়েহে আমাৰ চৰকাৰেও কিছুমান বনাঞ্চল সংৰক্ষিত কৰিছে। মানাহ, ওৰাং আদি কিছুমান অঞ্চল অভয়াৰণ্য ঘোষণা কৰিছে আৰু কাজিৰঙাক ‘ৰাষ্ট্ৰীয় উদ্যানত’ পৰিণত কৰিছে।

যোৰহাট জিলাৰ পশ্চিম আৰু নগাঁও জিলাৰ পূব ফালৰ প্ৰায় ৪০০ বৰ্গ কিলোমিটাৰ ঠাই জুৰি এই উদ্যান বিস্তৃত। ইয়াৰ পূবে বোকাখাট আৰু পশ্চিমে বুঢ়াপাহাৰ। উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে মিকিৰ পাহাৰ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথটোৱে ইয়াৰ দক্ষিণ সীমা ছুই গৈছে। ব্ৰিটিছৰ দিনতে ইয়াক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। স্বাধীনোত্তৰ কালত ইয়াক প্রথমে অভয়াৰণ্য আৰু পিছত ৰাষ্ট্ৰীয় উদ্যানত পৰিণত কৰা হয়। ই এখন পৃথিৱী-বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। সংৰক্ষিত বনাঞ্চলত মানুহক বসতি কৰিবলৈ আৰু চৰকাৰৰ অনুমতি নোহোৱাকৈ গছ-বিৰিখ কাটিবলৈ দিয়া নহয়। ইয়াৰ উপৰিও অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত জন্তু -জানোৱাৰ চিকাৰ কৰাও নিষিদ্ধ।

কাজিৰঙাত নানান জীৱ-জন্তু, চৰাই-চিৰিকটি আদি দেখিবলৈ পোৱা যায় ৷ আজি-কালি লুপ্ত হোৱা দেওৰাজ হাঁহ আৰু ৰাংকুকুৰো ইয়াত আছিল হেনো। হাতী, বাঘ, গাহৰি, পহু, বনৰীয়া ম’হ, মেঠোন, গঁড় আদি জন্তু ইয়াত পোৱা যায়। কাজিৰঙা ঘাইকৈ গঁড়ৰ কাৰণে বিখ্যাত। মানাহতো গঁড় আছে। গঁড় ধৰি বিভিন্ন দেশৰ চিৰিয়াখানালৈ পঠোৱা হয়। অসমৰ গঁড়ৰ এটাকৈ খৰ্গ থাকে। জন্তু-জানোৱাৰৰ উপৰিও অসমত থকা প্ৰায় সকলো চৰাইকে ইয়াত দেখিবলৈ পোৱা যায় ৷ পানীত নানা ৰকমৰ মাছ-কাছ আদিৰ বাহিৰেও সাপ-সৰীসৃপ শিহু-ঘৰিয়াল আদি ঢেৰ আছে। ইয়াত পিটনি, জলাশয় আদিও আছে। নানা গছ-গছনি, নলখাগৰি, ইকৰা, খেৰ, ঘাঁহনি আদিও আছে। এইবোৰত চৰাই-চিৰিকটি, জন্তু-জানোৱাৰ, মাছশিহু আদিয়ে স্বচ্ছন্দে বিচৰণ কৰি ফুৰে।

ইয়াৰ প্ৰাকৃতিক সৌন্দর্যও বৰ মনোৰম আৰু উপভোগ্য। বিস্তীর্ণ ঘাঁহনি-বননিৰ শ্যামলিলা, সূর্যোদয় আৰু সূৰ্যাস্তৰ ৰাঙলী আভাই/মানুহৰ মন ৰঙাই তোলে। ব্ৰহ্মপুত্ৰৰ পাৰৰপৰা বলা মৃদু, মধুৰ সমীৰণে দেহ শাঁত পেলায়। হাবিৰ মাজৰ জীৱ-জন্তুৰ যথেচ্ছা গমন, পানীৰ মাছ-কাছৰ বিহাৰ চাই আৰু চৰাই-চিৰিকটিৰ কুজন, জিলিৰ মাত শুনি বিমুগ্ধ নহ’ব কোন? সেইবাবেই এই ৰাষ্ট্ৰীয় উদ্যান চাবলৈ নানান ঠাইৰ নানান মানুহ আহে।

প্রকৃতি-প্রেমী আহে, প্রাণী-বিশেষজ্ঞ আহে, কেমেৰা লৈ ছবি তোলা মানুহ আহে, আহে কৌতূহলী জনতাৰ বিভিন্ন দল, উপদল। খৰালি কালছোৱাত বন-ভোজ খাওঁতা লোকৰো প্ৰচুৰ সমাগম হয়।

দেশ-বিদেশৰ পৰ্যটকসকলৰ কাৰণে চৰকাৰৰ পৰ্যটক বিভাগৰপৰা নানা সা-সুবিধা আৰু সেৱা আগবঢ়াইছে। যাতায়াতৰ সুবিধা কৰি দিছে, থকা-মেলাৰ বাবে আধুনিক আদৱকায়দাৰ পৰ্যটক-নিৱাসৰ ব্যৱস্থা কৰিছে। মাজে মাজে আলিবাট আছে, জিৰণি-ঘৰ আছে। হাতীত উঠি গোটেই উদ্যান পর্যটন কৰিব পৰাৰো ব্যৱস্থা আছে। তথাপিও ইয়াক আৰু অধিক উন্নত আৰু আকৰ্ষণীয় কৰাৰ প্ৰয়োজনীয়তা আছে।

কাজিৰঙাৰ জীৱ-জন্তু, গছ-গছনি আদি ৰাষ্ট্ৰীয় সম্পত্তি। ইয়াৰ জীৱ-জন্তু দেশ-বিদেশৰ চিৰিয়াখানালৈ চালান দি অসম চৰকাৰে বহুত টকা আয় কৰে। পৰ্যটকসকলৰপৰাও কিছু বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰা লাভ কৰে। দুখৰ বিষয় চৰকাৰী নিষেধকো আওকাণ কৰি মাজে মাজে ধন আৰু মঙহলোভী চিকাৰীয়ে চোৰাংভাৱে ইয়াৰ জন্তু-জানোৱাৰ বধ কৰে। বিশেষকৈ চোৰাং গঁড়-চিকাৰীয়ে কেতিয়াবা ইয়াৰ পহৰাদাৰকো কাবু কৰি গঁড় চিকাৰ কৰা দেখা যায় । সেইবাবে ইয়াৰ পহৰা ব্যৱস্থা আৰু অধিক কট্‌কটীয়া আৰু নিৰাপদ কৰিব লাগে ৷

কাজিৰঙা অকল ৰাষ্ট্ৰীয় সম্পদেই নহয় ; ই আমাৰ দেশৰ গৌৰৱৰো বস্তু। সেয়ে ইয়াৰ ৰক্ষণাৱেক্ষণ আৰু শ্ৰীবৃদ্ধিৰ বাবে ৰাইজ আৰু চৰকাৰ উভয়ে যত্নপৰ হোৱা উচিত।

Categorized in: