এখন ৰাজ্যৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহে স্বতঃস্ফূর্তভাৱে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। দুর্গাপূজা, মহৰম, বৰদিন আদি উৎসৱ পয়োভৰেৰে পালন কৰা হয় যদিও এইবোৰক দৰাচলতে আমাৰ দেশৰ জাতীয় উৎসৱৰ লেখত ধৰিব নোৱাৰি, কিয়নো ই মূলতঃ হিন্দু, মুছলমান বা খ্ৰীষ্টানৰহে উৎসৱ। বিহু অসমীয়া জাতিৰ উমৈহতীয়া উৎসৱ, জাতি-ধর্ম নির্বিশেষে অসমীয়া মাত্রেই বিহু উৎসৱ পালন কৰে। বিহুৰ নাম শুনিলেই অসমীয়াৰ মন-প্ৰাণ নাচি উঠে, হিয়া উল্লাহে নধৰা হয়। সেয়ে অসমীয়াৰ জাতীয় উৎসৱ বুলিলে বিহুকে বুজিব লাগিব। জাতীয় উৎসৱৰ মাজেৰে জাতিৰ আচাৰ-বিচাৰ, সভ্যতা -সংস্কৃতিৰ প্ৰতিফলন হয়। বিহুৰ মাজেদিয়েই অসমীয়া জাতিৰ আচাৰ-বিচাৰ,বিশ্বাস, কৃষ্টিকলাৰ প্ৰতিফলন হৈছে।

কেতিয়াৰপৰা আৰু কেনেকৈ অসমত বিহুৰ প্ৰচলন হ’ল তাক জনা নাযায়। কিন্তু বিহু যে অসমত বাস কৰা নানান জাতি -প্রজাতি মানুহৰ আচাৰ-বিচাৰ সভ্যতা-সংস্কৃতিৰ সমন্বয় ই ধুৰুপ । বিহু তিনিটা—ব’হাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। দুটা মাহৰ সংক্ৰান্তিৰ দিনা হয় কাৰণে বিহুক ‘দোমাহী’ও বোলে।
চ’তৰ শেষ দিনাখনৰপৰা ব’হাগৰ ছয় তাৰিখলৈকে সাত দিন জুৰি ব’হাগ বিহু বা ৰঙালী বিহু উদযাপিত হয়। ঠাই বিশেষে ৰঙালী বিহুৰ নাচ-গান, খুওৱা-বুওৱা আদি কাৰ্য ওৰেহ মাহ চলে। ৰঙালী বিহুৰ প্ৰথম দিনটোক গৰু-বিহু বোলে ৷ সেইদিনা ৰাতিপুৱাই গৰুৰ মূৰত আৰু শিঙত সৰিয়হৰ তেল ঘঁহি দিয়া হয়। তাৰ পিছত দীঘলতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুবোৰক পথাৰলৈ খেদি নি নৈ, বিল বা পুখুৰীৰ পানীত গা ধুৱায় আৰু লাও, বেঙেনা আদি খাবলৈ দিয়ে। গধূলি তৰা আৰু মৰাপাটেৰে বটি উলিউৱা না-পঘাৰে গৰুবোৰ বন্ধা হয়। কোনো কোনো ঠাইত সেইদিনা গধূলি আৰু কোনো কোনো ঠাইত সাতবিহুৰ দিন আগৰা, বিৰিণা, হাত,শুৰীয়া, মাখিয়তী আৰু পথৰুৱা বিহলঙনীৰে গোহালিত জাগ বা থূপা দিয়া হয়। দ্বিতীয় দিনা মানুহ-বিহু। নামনি অসমত সিদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। সেইদিনা বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক নিয়ন্ত্ৰণ কৰি আনি খুওৱা বুওৱা কৰা হয়। কোনো কোনো ঠাইত দুয়ো বিহুতে বিশেষকৈ দুপৰীয়া ভাত নাখায়। জলপান আৰু পিঠা-পনা খায়। বয়সিয়ালসকলে ৰাতিপুৱা গা-মূৰ ধুই নাম-ঘৰত নাম গায়। সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু ঘৰলৈ আহি জা-জলপান খায়। ব’হাগ বিহুৰ আচাৰ-অনুষ্ঠান কিছুমান ঠাই বিশেষে কিছু ভিন্নতা আছে। বিশেষকৈ নামনি অসমত কিছুমান সুকীয়া অনুষ্ঠান আছে। উজনিৰ ফালে ডেকা-ল’ৰাহঁতে ৰাতি ঘৰে ঘৰে হুঁচৰি গায় আৰু দিনত মুকলি পথাৰত ডেকা-গাভৰুৱে দল বান্ধি বিহুগীত গায় আৰু নাচে। ব’হাগ বিহুত হিল–দল ভাঙি ধুমুহা অহা বুলি লোকবিশ্বাস আছে। ইয়াকে ‘বৰদৈচিলা’ বোলে। উজনিনামনি সকলোতে বিহু উপলক্ষে মৰমৰ চিন স্বৰূপে প্ৰিয়-পৰিজনক না গামোচা উপহাৰ দিয়া হয়। ইয়াকে ‘বিহুৱান’ দিয়া বুলি কয় । বসন্তকালৰ মাদকতাপূৰ্ণ পৰিৱেশত আনন্দমুখৰ নাচগানেৰে উদযাপিত হয় বাবে এই বিহুটিক ‘ৰঙালী বিহু’ বোলা হয়।
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বিহু বা কঙালী বিহু পালন কৰে। কঙালী বিহুত উলহ-মালহ বেছিকৈ নাথাকে, ভোগ-প্রাচুর্যও নাথাকে। সেয়ে এই বিহুটিক কোৱা হয় ‘কঙালী বিহু’। কিন্তু কঙালী বুলিও এই বিহুটি তাৎপর্যহীন নহয়। ধৰ্মীয় আচাৰঅনুষ্ঠানেৰে শৰৎকলীয়া এই কাতি বিহু যেন শৰতৰ দৰেই স্নিগ্ধ সমাহিত ৰূপত আৱিৰ্ভাব হয় । প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয়। কাতি মাহত কৃষিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নৌ হয় ; কাজেই ঐতিহ্য ওখ হয় ইও গৈ প্ৰাচুৰ্যৰ পৰিৱৰ্তে এই বিহুত আধ্যাত্মিক প্ৰাচুৰ্য হোৱা দেখা যায়। এই বিহুৰ দিনা মানুহে আকাশবন্তি জ্বলায়। তুলসীৰ গুৰিত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ আৰু ফলান গছৰ গুৰিত চাকি জ্বলায়। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধূলি নাম-প্ৰসংগ কৰি কটোৱা হয়।
কাতি বিহুৰ পাছতে আহে মাঘ বিহু। এই সময়ত পথাৰৰ শস্য চপোৱা শেষ হয়। সূৰ্যৰ উত্তৰায়ণ হয়। ঠেৰেঙা লগা শীতৰ প্ৰায় অৱসান হৈ আহে। প্ৰচুৰ ঘাঁহ-পানী পাই গৰু ম’হবোৰ নিটোল হয়, খীৰতী গাইৰ গাখীৰ বৃদ্ধি হয়। নতুন ফচল ওলাই সাময়িকভাৱে দুখীয়াৰো অভাৱ গুচে। খেতি-বাতি চপোৱা শেষ হোৱা বাবে মানুহে জিৰণি পায়। সেয়ে এই বিহু হয় ভোগালী । পিঠা-পনা, লাড়ু, সান্দহ, গাখীৰ-পায়স খাই, খুৱাই মানুহে এই বিহু পালন কৰে। অফুৰন্ত আজৰিৰ কাৰণে এই উৎসৱত খেল-ধেমালিৰ পয়োভৰো বেছি।
এই বিহুৰ কেইদিনমান আগৰেপৰা চেঙেলীয়া ডেকাহঁতে কাঠ-বাঁহ গোটাই মুকলি পথাৰ বা আলি-দাঁতিত একোটা প্রকান্ড দ’ম কৰে।ইয়াকে ‘মেজি’ বোলে ৷ ডেকাহঁতে বিহুৰ দিনা নিশা ভোজ-ভাত খাই ওৰে-নিশা উজাগৰে থাকি গীত-বাজনা কৰি মেজিৰ কাষতে কটাই দিয়ে ৷ পাছ দিনা ৰাতি নৌপুৱাওঁতেই গা-পা ধুই মেজিত জুই লগাই দিয়ে । ৰাতিপুৱা সকলো মানুহ আহি মেজিৰ জুই পুৱায়৷ মেজিলৈ মাহ্, চাউল, তিল আদি দলিয়াই সেৱা কৰে। এই বিহু দুদিন হয় আৰু দুয়োদিনে মেজিৰ কাষত বা নাম-ঘৰত নাম গোৱা হয়। এই বিহুতো সৰুৱে ডাঙৰৰ ওচৰত আঁঠু লৈ আশীৰ্বাদ বিচাৰে আৰু ডাঙৰেও আশীৰ্বাদ দি সৰুক মৰম যাচে৷ ভোগালী বিহুত পিছে আজিকালি আমাৰ চেঙেলীয়া ডেকাহঁতে এটা অশোভন কামো প্ৰায়ে কৰা দেখা যায়—মেজিত কেতিয়াবা চুৰ-তাৰি কৰি লোকৰ ঘৰৰ চকী-মেজ, টাটী-চকোৱা আদি আনিও জাপি দিয়ে। এয়া কেতিয়াও বিহুৰ বৈশিষ্ট্য হ’ব নোৱাৰে। এইবোৰ বেয়া কাম কৰি বিহুৰ ঐতিহ্য, গাম্ভীৰ্য আৰু পৱিত্ৰতা নষ্ট কৰা উচিত নহয়।
আমাৰ তিনিটা বিহুৰ লগত বিষুৱীয় বতৰৰ সম্বন্ধ আছে। তিনিওটা বিহুৱে সূৰ্য্যৰ তিনিটা বিশেষ অৱস্থান কালত উদ্যাপিত হয়। সেইবাবে কোনো কোনো পন্ডিতে বিষুৱ শব্দৰপৰাই ই বিহু শব্দটোৰ উৎপত্তি হোৱা বুলি মত দিয়ে । বিহু উৎসৱৰ আচাৰ-অনুষ্ঠান, নাচ-গান, সময় আদিলৈ চাই ই যে মূলতে কৃষি-উৎসৱ এই কথা সহজতে বুজিব পাৰি।
বিহু-গীত আৰু বিহু-নাচ অসমীয়া সংস্কৃতিৰ এটা বিশিষ্ট অংগ। বিহুৰ আধ্যাত্মিক অনুষ্ঠানৰ মাজত শান্তি আৰু ডেকা-গাভৰুৰ মুকলিমূৰীয়া নৃত্য-গীতৰ মাজত শক্তি আৰু মুক্তিৰ সঁহাৰি পোৱা যায়। সেয়ে বিহু শান্তি, শক্তি আৰু মুক্তিৰ প্ৰতীক।